মৰ্মান্তিক! বালিৰ ছুইমিং পুলত মৃত্যু গুৱাহাটী এইমছৰ ছাত্ৰ নিৰ্ণয় শৰ্মাৰ…

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। পিতৃ-মাতৃৰ সৈতে বহিঃৰাষ্ট্ৰলৈ ফুৰিবলৈ গৈ অকাল মৃত্যুক আকােৱালি ল’লে গুৱাহাটীৰ এগৰাকী মেধাৱী ছাত্ৰই। মৃত ছাত্ৰজনৰ নাম নিৰ্ণয় শৰ্মা (২੦)। জানিব পৰা মতে, পিতৃ-মাতৃৰ সৈতে দুদিন পূৰ্বে ইণ্ডোনেছিয়াৰ বালিত উপস্থিত হৈছিল নিৰ্ণয়। বালিৰ এখন বিলাসী হোটেলৰ ছুইমিং পুলত সোমবাৰে মৃত অৱস্থাত উদ্ধাৰ হয় গুৱাহাটী এইমছৰ ছাত্ৰ নিৰ্ণয় শৰ্মাৰ মৃতদেহ। জানিব পৰা … Read more

কামৰূপ জিলাৰ নতুন উপায়ুক্ত IAS বিষয়া কীৰ্তি জল্লী…

নিউজ ডেস্ক। কামৰূপ জিলাৰ নতুন উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কীৰ্তি জল্লীক। উল্লেখ্য যে সম্প্ৰতি কাছাৰ জিলাৰ উপায়ুক্ত হিচাপে কীৰ্তি জল্লীয়ে বান-ভূমিস্খলনৰ দুৰ্যােগপূৰ্ণ সময়ৰ মাজতে অহৰহভাৱে বন্যাৰ্তৰ কাষত থিয় দিছিল। উপায়ুক্তগৰাকীৰ এনে কৰ্তব্যনিষ্ঠাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতাে ব্যাপক চৰ্চা লাভ কৰিছিল। তেওঁৰ ঠাইত কাছাৰৰ নতুন উপায়ুক্তৰ দায়িত্ব প্ৰদান কৰা হৈছে হাইলাকান্দিৰ উপায়ুক্ত … Read more

বিবাহ অনুষ্ঠানত দৰা-কইনাই কৰিলে চুক্তিপত্ৰত স্বাক্ষৰ, চৰ্তসমূহ দেখিলে চকু কপালত উঠিব আপোনাৰ

নিউজ ডেস্কঃ বিবাহ হৈছে এক পবিত্ৰ বান্ধোন। বিবহৰ মাজেৰেই ওৰে জীৱন লগত থকাৰ প্ৰতিশ্ৰুতিৰে একেলগ হয় দুটি প্ৰাণ। ধৰ্ম অনুসৰি ভাৰতত পূৰ্বৰে পৰা প্ৰচলিত ৰীতি নীতি তথা পৰম্পৰা অনুসৰিয়ে বিবাহ অনুষ্ঠান সম্পন্ন হৈ আহিছে যদিও বিগত সময়চোৱাত ভাৰতৰ কেইবাখনো অগতানুগতিক বিবাহে পৰম্পৰা ভংগ কৰি সামাজিক মাধ‍্যমত চৰ্চিত হৈ পৰিছে। তেনে এখন বিয়াৰ কাহিনীয়ে এতিয়া ভাইৰেল … Read more

ভয়ংকৰ দুৰ্ঘটনা! দলঙৰ ৰেলিঙত খুন্দিয়াই বিধ্বস্ত জাইল’ বাহন, থিতাতে নিহত ২, আহত ৬ যাত্ৰী

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। দলঙৰ ৰেলিঙত খুন্দিয়াই চৰ্ণ-বিচূৰ্ণ জাইল’ বাহন, থিতাতে নিহত ৪ জন লােক। গুৰুতৰভাৱে আহত আন ৪ জন যাত্ৰী। এই ভয়ংকৰ দুৰ্ঘটনা মংগলবাৰে সংঘটিত হ’ল ধেমাজি জিলাৰ চিলাপথাৰ জলকীয়া সুঁতিৰ ৫১৫ নং ঘাইপথৰ ভঙা দলঙত। জানিব পৰা মতে, পুৱা ১১-৩০ বজাত পাছিঘাটৰ পৰা চিলাপথাৰ অভিমুখে আহি থকা এআৰ ০৯ বি ৬৪৭২ … Read more

নতুন দিল্লীৰ ভাৰাঘৰত উদ্ধাৰ অসমৰ যুৱতীৰ মৃতদেহ

নিউজ ডেস্ক। কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ পুনৰ অকাল মৃত্যুক আকােৱালি ল’লে এগৰাকী অসমীয়া যুৱতীয়ে। দেশৰ ৰাজধানী দিল্লীলৈ গৈ ৰহস্যজনকভাৱে মৃত্যু হৈছে এগৰাকী অসমীয়া যুৱতীৰ। জানিব পৰা মতে, মৃত যুৱতীগৰাকী গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত বচাপথাৰৰ পিংকী বড়ো। ভাৰাঘৰৰ কোঠাৰ ভিতৰতে পিংকী বড়োৰ মৃতদেহ উদ্ধাৰ কৰে দিল্লী আৰক্ষীয়ে। অৱশ্যে বাতৰি লিখা পর্যন্ত যুৱতীগৰাকীৰ মৃত্যু সম্পৰ্কীয় সবিশেষ … Read more

বিনীত বাগাৰিয়া কাণ্ডঃ ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বদলিৰ নিৰ্দেশ

নিউজ ডেস্ক। আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ পিছতে উদণ্ড যুৱকৰ শাৰীৰিক-মানসিক নিৰ্যাতন বলি হৈ নিজৰ বিয়াৰ কিছুদিন পূৰ্বেই চৰম পথ বাছি লােৱা ডিব্ৰুগড়ৰ পশুপ্ৰেমী বিনীত বাগাৰিয়াৰ হত্যাকাণ্ডক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। এই ঘটনাত মৰ্মাহত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনকি বিনীতৰ ঘৰত উপস্থিত হােৱাৰ লগতে ৰাজ্যবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনাও কৰিছে। ইয়াৰ উপৰি জিলাখনৰ উপায়ুক্তৰ লগতে আৰক্ষী … Read more

মুখ্যমন্ত্ৰীৰ বিশেষ টুইটৰ পিছতে মুকলি আকাশৰ তললৈ ‘মহাদেৱ’ বিৰিঞ্চি বৰা…

শিৱ-পাৰ্বতীৰ বেশ ধাৰণ কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে বাটৰ নাটেৰে প্ৰতিবাদ সাব্যস্ত কৰি গ্ৰেপ্তাৰ হোৱা বিৰিঞ্চি বৰাক মুকলি। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত আজি মুকলি কৰি দিয়া হৈছে বিৰিঞ্চি বৰাক। শনিবাৰে নগাঁও চহৰৰ ৰাজপথত বিৰিঞ্চি বৰা আৰু তেওঁৰ এগৰাকী সহশিল্পীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱ-পাৰ্বতীৰ বেশ ধাৰণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰ পিছতে বিভিন্ন দল-সংগঠনে ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ … Read more

ঈদৰ উছাহত নিমিষতে নামি আহিল কলীয়া ডাৱৰ! পিতৃৰ সৈতে বজাৰ কৰিবলৈ গৈ মৃত্যু কিশোৰী ৱাহিদৰ

নিউজ ডেস্কঃ মৃত্যুৱে কাৰ বাবে কেতিয়া আৰু ক’ত ৰৈ থাকে কোনে জানে! ঈদৰ উলহ মালহ সমগ্ৰ ৰাজ্যজুৰি। ইছলাম ধৰ্মাৱলম্বীৰ পবিত্ৰ দিনটোক উছাহৰ যেন অন্তই নপৰিব। কিন্তু তাৰ মাজতে মৃত্যুৱে আজুৰি লৈ গ’ল এগৰাকী ১৪ বছৰীয়া কিশোৰীক। ঈদৰ পূৰ্বে পিতৃৰ সৈতে বজাৰ কৰিবলৈ গৈ ঘৰলৈ উভতি নাহিল জেৰিফা ৱাহিদ নামৰ মেধাৱী ছাত্ৰীগৰাকী। এখন তীব্ৰবেগী ডাম্পাৰে নিমিষতে … Read more

ৰাজপথত হঠাৎ বুলেট বাইকত উঠি আৱিৰ্ভাৱ হৰ-পাৰ্বতীৰ! “মহাদেৱ”ক আটক আৰক্ষীৰ

নিউজ ডেস্কঃ শনিবাৰে পুৱাৰে পৰা সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছিল এটা বিশেষ ভিডিঅ’। নগাঁৱৰ ৰাজপথত হঠাৎ আৱিৰ্ভাৱ ঘটিছিল হৰ-পাৰ্বতীৰ। বুলেট বাইকত উঠি ৰাজপথৰে যাত্ৰা কৰা হৰ-পাৰ্বতীক দেখি ৰৈ ৰৈ চাইছিল বাটৰুৱাইও। নিমিষতে ভিৰ কৰিছিল সাংবাদিকে। কিন্তু তাৰ পিছত এতিয়া বিপদত পৰিবলগীয়া হ’ল মহাদেৱ! দৰাচলতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে হৰ-পাৰ্বতীৰ ভেশ লৈ নগাঁৱৰ ৰাজপথত এক বাটৰ নাট মঞ্চস্থ … Read more

এইমছৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ অসমৰ প্ৰিয়ংকা বৰুৱাৰ

নিউজ ডেস্ক। অল ইণ্ডিয়া ইনষ্টিটিউট অব্ মেডিকেল ছায়েঞ্চ চমুকৈ এইমছৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি পৰিয়াল তথা সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল কাৰ্বি আংলঙৰ ডকমকাৰ প্ৰিয়ংকা বৰুৱাই। উল্লেখ্য যে কাৰ্বি আংলং জিলাৰ ডকমকাৰ নিৱাসী প্ৰয়াত প্ৰদীপ বৰুৱা আৰু হিৰণ বৰুৱাৰ একমাত্ৰ কন্যা প্ৰিয়ংকা বৰুৱা। প্ৰিয়ংকাই এইমছৰ পৰা Aneshesiology & Critical Care … Read more