দৰং মহাবিদ্যালয়ৰ ছাত্ৰীৰ ‘অপহৰণ’ কাণ্ডত নতুন মােৰ…

নিউজ ডেস্ক। এক নতুন মােৰ লৈছে দৰং মহাবিদ্যালয়ৰ ছাত্ৰীৰ ৰহস্যজনক অপহৰণ কাণ্ডই। তেজপুৰ আৰক্ষীয়ে ছাত্ৰীগৰাকীক সুকলমে উদ্ধাৰ কৰাৰ পাছতে আৰক্ষীৰ তদন্তৰ পােহৰলৈ আহিল এই ঘটনাৰ প্ৰকৃত ৰহস্য। প্ৰকৃততে এয়া কােনাে অপহৰণ-ধনদাবীৰ ঘটনা নহয়, ছাত্ৰীগৰাকীয়ে নিজ ইচ্ছা অনুসৰিয়েই এজন বন্ধুৰ সৈতে আত্মগােপন কৰিছিল। কিন্তু ছাত্ৰীগৰাকীৰ মাতৃয়ে এজন যুৱকে ম’বাইলত ছাত্ৰীগৰাকীক অপহৰণ কৰা বুলি জনাই ৫ লাখ টকাৰ … Read more

কলেজীয়া ছাত্ৰীৰ অপহৰণ-মুক্তিপণ দাবী! পৰিয়ালত হাহাকাৰ

নিউজ ডেস্ক। পুনৰ দুৰ্বৃত্তই লক্ষ্য কলেজীয়া ছাত্ৰী। দিন দুপৰতে অপহৰণ কলেজীয়া ছাত্ৰীক, ছাত্ৰীগৰাকীৰ ফােনযােগে পৰিয়ালক দাবী ৫ লাখ টকাৰ মুক্তিপণ। জানিব পৰা মতে, শােণিতপুৰ জিলাৰ তেজপুৰৰ শংকৰ নগৰ নিবাসী মনোজ নাথ আৰু মৃদুলা দেৱীৰ জীয়ৰী তথা দৰং মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰী পৰীস্মিতা দেৱীক বৃহস্পতিবাৰে দুপৰীয়া অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আনকি অপহৰণকাৰীয়ে পৰিয়াললৈ … Read more

চহৰৰ পদপথৰ নলাত পৰিল মাতৃসহ কণমানি! কথমপি প্ৰাণৰক্ষা

নিউজ ডেস্ক। পৌৰসভা কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে দীৰ্ঘদিন ধৰি উন্মুক্ত হৈ থকা পদপথৰ নলাত শিশুসহ সােমাই পৰিল এগৰাকী মহিলা। মৰিগাঁও চহৰৰ মাজ মজিয়াত বৃহস্পতিবাৰে দিন-দুপৰতে সংঘটিত হয় এটা ভয়ংকৰ ঘটনা। অৱশ্যে সৌভাগ্যক্ৰমে প্ৰত্যক্ষদৰ্শীৰ তৎপৰতাত কথমপি প্ৰাণৰক্ষা হ’ল এই মাতৃ আৰু তেওঁৰ কণমানি সন্তানৰ। জানিব পৰা মতে, মৰিগাঁও চহৰৰ মাজ মজিয়াত থকা ডাকঘৰৰ সন্মুখত সংঘটিত হয় এই … Read more

দৰ্শনাৰ্থীয়ে পিঞ্জৰাবদ্ধ হৈ পৰিদৰ্শন কৰিব চিৰিয়াখানা! শিলচৰত স্থাপন হ’ব ৰাজ্যৰ দ্বিতীয়খন চিৰিয়াখানা

শিলচৰত স্থাপন হব ৰাজ্যৰ দ্বিতীয়খন চিৰিয়াখানা। বুধবাৰে ডিমা হাচাও জিলাৰ হাফলঙত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ঘোষণা কৰা মতে, ২০০ হেক্টৰ ভূমিক সামৰি নিৰ্মাণ হবলগীয়া চিৰিয়াখনত জীৱ-জন্তুক আৱদ্ধ কৰিবলৈ নাথাকিব কোনো দেৱাল। জীৱ-জন্তুসমূহে নিজৰ ইচ্ছা অনুসৰি মুক্তভাৱে বিচৰণ কৰিব … Read more

বিধায়কগৰাকীৰ ব্যৱহাৰ কঠােৰ হৈছে, মই দুখ পাইছােঁঃ অ’চি পুষ্পকমল বৰুৱা

নিউজ ডেস্ক। এটা ভাইৰেল ফোন কল ৰেকৰ্ডিঙক লৈ ৰাজ্যত অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। আৰক্ষীক মুকলি ভাবুকি দিয়া বিধায়কৰ বিৰুদ্ধে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বিপৰীতে অসম চৰকাৰ, অসম আৰক্ষী এতিয়া ব্যস্ত হৈছে ভাবুকি লাভ কৰা আৰক্ষী বিষয়াকহে তলব কৰাত। নাৰায়ণপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুস্পকমল বৰুৱাক ফোন কৰি ভাবুকি প্ৰদান কৰিছিল বিহপুৰীয়া সমষ্টিৰ বিজেপি বিধায়ক অমিয় … Read more

তীব্ৰবেগী পালছাৰ বাইকৰ খুন্দাত যােগ প্ৰশিক্ষকৰ মৃত্যু

নিউজ ডেস্ক। কামৰূপ জিলাৰ ৰঙিয়াৰ তুলসীবাৰীত মংগলবাৰে নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়। জানিব পৰামতে, তুলসীবাৰীৰ কাৰ্তিক দেৱনাথ (৪৮) নামৰ লোকজনে ঘৰ অভিমুখে গৈ থকাৰ সময়তে ৰঙিয়াৰ দিশৰ পৰা অহা এখন তীব্ৰবেগী এইচ এল ০৫ এইচ ২৬২৩ নম্বৰৰ পালছাৰে তেওঁক প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে তেওঁৰ থিতাতে মৃত্যু হয়। কাৰ্তিক দেৱনাথ … Read more

বিশিষ্ট অভিনেতা পংকজ পূজাৰীৰ বিয়োগ

নিউজ ডেস্ক। মৃত্যু এক কঠিন বাস্তৱ! যি বাস্তৱে সিক্ত কৰে দুচকু, উদং কৰে বুকু। বিশিষ্ট অভিনেতা পংকজ পূজাৰীৰ অকাল বিয়োগেও আজি তেওঁৰ অগণন অনুৰাকীৰ হিয়া শোকস্তব্ধ কৰি তুলিছে। অভিনয়ৰ দক্ষতাৰে দৰ্শকৰ মনত নিগাজি ঠাই দখল কৰা পংকজ পূজাৰীৰ বিয়োগৰ খবৰ যেন কোনেও বিশ্বাসেই কৰিব পৰা নাই। ভ্ৰাম্যমান জগতৰ লগতে দুৰদৰ্শনযোগে সম্প্ৰচাৰিত হোৱা কেইবাখনো ধাৰাবাহিকত বলিষ্ঠ … Read more

গুৱাহাটী ৰে’ল ষ্টেচনত অঘটন, বিদ্যুৎস্পৃষ্ট হৈ যাত্ৰীবাহী ট্ৰেইনৰ চালকৰ মৃত্যু…

গুৱাহাটী ৰে’ল ষ্টেচনত সংঘটিত অঘটন,। বিদ্যুৎস্পৃষ্ট হৈ যাত্ৰীবাহী ট্ৰেইনৰ চালকৰ মৃত্যু। নিহত চালকজনৰ নাম শিৱ শইকীয়া আৰু তেওঁ উজনি অসমৰ গোলাঘাট জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ৰেইলৱে বিভাগে জানিব দিয়া অনুসৰি গুৱাহাটী-মুৰকংচেলেক লাচিত এক্সপ্ৰেছখন যাত্ৰাৰ পূৰ্বে ইঞ্জীন পৰীক্ষা কৰাৰ সময়তে চালকজন বিদ্যুৎস্পৃষ্ট হয়। মঙলবাৰে নিশা প্ৰায় ৮.২৫ বজাত সংঘটিত হোৱা বুলি ৰেইলৱে বিভাগৰ এগৰাকী … Read more

পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে ভাৰতীয় সেনাৰ জোৱান মিন্টু গগৈয়ে

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ ১੦ দিন চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দি অৱশেষত হাৰ মানিলে ভাৰতীয় সেনাৰ জােৱান মিন্টু গগৈয়ে। মৃত্যুৰ সময়ত সেনা জােৱান মিন্টু গগৈৰ বয়স আছিল ৩੦ বছৰ। উল্লেখ্য যে মিন্টু গগৈ শিৱসাগৰ জিলাৰ জাঁজী লেফেৰা টাউদাং গাঁও নিবাসী জয়ন্ত গগৈৰ একমাত্ৰ পুত্ৰ। জানিব পৰা মতে, ছুটীত ঘৰলৈ অহা … Read more

অন্তঃসত্বা পত্নীক এৰি কৰ্মস্থলী ৰঙিয়ালৈ উভতিছিল অজিত, ৰে’ল দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ

অন্তঃসত্বা পত্নীৰ অসুস্থতাৰ খবৰ শুনিয়েই ঘৰলৈ দৌৰি গৈছিল অজিত প্ৰসাদ। কিছুদিন ঘৰতে পত্নীৰ ওচৰত থাকি অলপ সুস্থ হোৱাত পুনৰ উভটিছিল কৰ্মস্থলীলৈ। কিন্তু কোনে জানিছিল নিয়তিৰ পৰিহাসৰ কথা! সন্তানৰ মুখ দেখাৰ আকুণ্ঠ হেঁপাহ বুকুৰ মাজত লৈয়ে চিৰদিনলৈ গুচি যাবলগীয়া হল আছানচোলৰ অজিত প্ৰসাদ! এগৰাকী ৰে’ল কৰ্মী আছিল অজিত। তেওঁৰ কৰ্মস্থলী আছিল ৰঙিয়া ৰে’ল সংমণ্ডলৰ অন্তৰ্গত হেলেম … Read more