চাঞ্চল্যকৰ! সহকৰ্মী মহিলা কনিষ্টবলক হত্যা, তাৰ পিছতে নিজেও চৰম সিদ্ধান্ত ল’লে ৫ বছৰীয়া কন্যা সন্তানৰ পিতৃ আৰক্ষী জোৱানে…

নিউজ ডেস্কঃ এগৰাকী মহিলা সহকৰ্মীক গুলীয়াই হত্যা কৰাৰ পিছত নিজেও চৰম সিদ্ধান্ত ল’লে এগৰাকী আৰক্ষী জোৱানে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পঞ্জাৱৰ ফিৰোজপুৰত। জানিব পৰা মতে, ফিৰোজপুৰ কেণ্টনমেণ্ট থানাত কম্পিউটাৰ অপাৰেটৰ হিচাপে নিযুক্ত হৈ থকা মহিলা কনিষ্টবল অমনদ্বীপ কৌনক নিজৰ চাৰ্ভিছ পিষ্টেলেৰে গুলীয়াই হত্যা কৰে পঞ্জাৱ আৰক্ষীৰ স্বাট টীমৰ সদস্য গুৰসেৱাক সিঙে। ইফালে এই হত্যাকাণ্ড … Read more

মৰ্মান্তিক! হাস্পতালত ভিতৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত মৃত্যু চিকিৎসক দম্পতীসহ ৬ জনৰ…

নিউজ ডেস্ক। এক অতি কৰুণ ঘটনা। মাজনিশা হাস্পতালত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডই প্ৰাণ কঢ়ি লৈ গল চিকিত্সক দম্পতীৰ। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ ধনবাদত। ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যু চিকিত্সক দম্পতী ডাঃ বিকাশ হাজৰা আৰু ডাঃ প্ৰেমা হাজৰাৰ। জানিব পৰা মতে, শনিবাৰে পুৱতি নিশা প্ৰায় ২.৩০ বজাত ধনবাদৰ প্ৰতিষ্ঠিত ব্যক্তিগত খণ্ডৰ হাস্পতালত হাজৰা মেমােৰিয়েল হাস্পতালত এই অগ্নিকাণ্ডৰ … Read more

ভাল খবৰ! ইষ্টাৰ্ণ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ ভাৰত চৰকাৰৰ পৰম বিশিষ্ট সেৱা মেডেল…

নিউজ ডেস্কঃ গণৰাজ্য দিৱসৰ দিনাই অসম বাসীলৈ ভাল খবৰ। অসমৰ সুযোগ্য সন্তান তথা ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰ, জিঅ’চি লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ ভাৰতৰ চৰকাৰৰ পৰম বিশিষ্ট সেৱা মেডেল সন্মান। সুযোগ্য অসম সন্তানগৰাকীক প্ৰদান কৰা এই সন্মানে এতিয়া আনন্দৰ জোৱাৰ নমাইছে সমগ্ৰ অসমত। উল্লেখ্য যে, লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ ঘৰ কামৰূপ জিলা (গ্ৰাম্য)ৰ ৰঙিয়াৰ … Read more

চাঞ্চল্যকৰ! ২৬ জানুৱাৰীত ঠিক হৈছিল বিয়া, তাৰ পূৰ্বেই ৰহস্যজনভাৱে উদ্ধাৰ মুখ্যমন্ত্ৰীৰ আৱাসত কৰ্তব্যৰত জোৱানৰ গুলীবিদ্ধ মৃতদেহ…

নিউজ ডেস্কঃ বিয়ালৈ মাজত আৰু এসপ্তাহো নাই। ইতিমধ্যে সম্পন্ন হৈছিল যা-যোগাৰ। মাত্ৰ দুদিন পূৰ্বে হ’বলগীয়া পত্নীক লগত লৈ বিয়াৰ বজাৰ কৰিবলৈ গৈছিল পিএচি জোৱান বিপিন কুমাৰ। পৰিয়ালৰ সকলোৰে লগতে বিয়াখনক লৈ সুখী আছিল তেৱোঁ। কিন্তু বিয়া সম্পন্ন হোৱাৰ পূৰ্বেই গাড়ীৰ ভিতৰত জোৱানৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। শোকত ভাগি পৰিছে … Read more

হৃদয় বিদাৰক! বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত অংশ লৈ শ্ৰেণীকোঠাত সোমাওতেই আকস্মিকভাৱে ঢলি পৰি মৃত্যু অষ্টম শ্ৰেণীৰ ছাত্ৰী ৰিয়াৰ…

নিউজ ডেস্কঃ বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত অংশগ্ৰহণৰ পিছত অন্য সহপাঠীৰ সৈতে নিজৰ শ্ৰেণীকোঠাত সোমাইছিল অষ্টম শ্ৰেণীৰ ছাত্ৰী ৰিয়াইও। কিন্তু কোনেও জনা নাছিল সেয়াই যে আছিল ৰিয়াৰ জীৱনৰ শেষ ক্ষণ! শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ কিছুসময় পিছতে হঠাৎ অচেতন হৈ ঢলি পৰে অষ্টম শ্ৰেণীৰ মেধাৱী ছাত্ৰীগৰাকী। লগে লগে বিদ্যালয় কৰ্তৃপক্ষই ৰিয়াক হাস্পতাললৈ লৈ যায় যদিও হৃদক্ৰিয়া বন্ধ হৈ ছাত্ৰীগৰাকীৰ … Read more

মৰ্মান্তিক! নিৰ্মীয়মাণ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ খুঁটা পৰিল চাৰিচকীয়া বাহনত, নিহত মহিলাসহ কণমানি পুত্ৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। চলন্ত চাৰিচকীয়া বাহনৰ ওপৰত পৰিল নিৰ্মীয়ণমান মেট্ৰ’ ৰে’ল প্ৰকল্পৰ খুঁটা। এই ঘটনাৰ স্থান কৰ্ণাটকৰ ৰাজধানী বেংগালুৰু। এই ঘটনাত এগৰাকী মহিলা আৰু তেওঁৰ কণমানি পুত্ৰ থিতাতে মৃত্যু হয়। জানিব পৰা মতে, মংগলবাৰে পুৱা নৱহাৰা অঞ্চলত স্কুটাৰেৰে গৈ থকা এটা চাৰিজনীয়া পৰিয়ালৰ ওপৰত খুঁটাটো অকস্মাতে খহি পৰে। ফলত আৰোহী তেজস্বিনী আৰু পুত্ৰ … Read more

অসমত কৰ্তব্যৰত অৱস্থাত শ্বহীদ সেনা জােৱান, অন্ত্যেষ্টিক্ৰিয়াত সনসমুদ্ৰ

নিউজ ডেস্ক। পুনৰ দেশ মাতৃৰ সুৰক্ষাত নিয়ােজিত সেনা জােৱানৰ মৃত্যু। অসমত কৰ্তব্যৰত অৱস্থাত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক আঁকােৱালি ল’লে হাৰিয়ানাৰ ফতেহাবাদৰ পীলীমন্দােৰী গাঁৱৰ বাসিন্দা মনােজ কুমাৰ দাহিয়াৰ। জানিব পৰা মতে, পুৱা নিজৰ শােৱনি কােঠাতে মৃত অৱস্থাত উদ্ধাৰ কৰা হয় জােৱানজনক। এই খবৰ লাভ কৰাৰ পিছতে জােৱানজনৰ ওপজা গাঁৱত এক শােকাকুল পৰিৱেশে বিৰাজ কৰে। মংগলবাৰে জােৱানজনৰ … Read more

মৰ্মান্তিক! তীব্ৰবেগী ট্ৰাকৰ সৈতে টেম্পােৰ সংঘৰ্ষত একে পৰিয়ালৰে ৭ জনৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। ট্ৰাকৰ সৈতে যাত্ৰীবাহী টেম্পােৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল একেটা পৰিয়ালৰে শিশু-মহিলাসহ ৭ জন লােকৰ। এই ঘটনাৰ স্থান বিহাৰৰ কটিহাৰ। জানিব পৰা মতে, সােমবাৰে নিশা বিহাৰৰ গেদাবাৰী-কাটিহাৰৰ ৮১ নং ৰাষ্ট্ৰীয় ঘাইপথত এই পথ দুৰ্ঘটনা সংঘটিত হয়। কাটিহাৰৰ পৰা অহা এখন ট্ৰাকৰ সৈতে বিপৰীত দিশৰ পৰা অহা টেম্পােৰে সংঘৰ্ষৰ ফলতে এই … Read more

আজৱ কাণ্ড! ৰে’ল লাইনত থিয় হৈ ৰে’ল ৰখাবলৈ হাতেৰে ইংগিত সুৰাসক্তৰ, তাৰ পিছত ঘটিল এই ঘটনা… ভাইৰেল ভিডিঅ’…

নিউজ ডেস্কঃ সুৰাৰ নিচাত বহুতে অনেক নোহোৱা নোপোজা কাম কৰে। কোনোবাই যদি মদৰ নিচাত নিজকে বাহুবলী বুলি ভাৱিবলৈ লয়, আন কোনোবা আকৌ এখন্তেকৰ বাবে হৈ পৰে ইংৰাজীৰ প্ৰফেছাৰ। কিন্তু এই সকলোবোৰৰ ওপৰলৈ উঠি এইবাৰ চলন্ত ৰে’লকে ৰখোৱাৰ চেষ্টা চলালে এজন সুৰাৰ নিচাত মাতাল যুৱকে। ৰে’লপথত থিয় হৈ হাতেৰে ইংগিত দি এখন চলন্ত ৰে’ল ৰখোৱাৰ চেষ্টা … Read more

আশ্বৰ্যকৰ! মগজুৰ ৰক্তক্ষৰণ ঘটি মৃত্যু এগৰাকী বৃদ্ধাৰ, কিন্তু শ্মশানলৈ নিয়াৰ বাটতে ঘটিল এক অবিশ্বাস্য ঘটনা…

নিউজ ডেস্কঃ মগজুৰ ৰক্তক্ষৰণ ঘটাৰ ফলত মৃত্যু ঘটা বুলি চিকিৎসকে ঘোষণা কৰাৰ পিছতে শ্মশানলৈ নিয়াৰ বাঁটত হঠাৎ জী উঠিল এগৰাকী বৃদ্ধা। সাঙীৰ ওপৰতে বৃদ্ধাগৰাকীয়ে চকু মেলি চোৱাত হাহাকাৰ লাগে পৰিয়াল আৰু উপস্থিত সকলোৰে মাজত। চিকিৎসকে মৃত বুলি ঘোষণা কৰা এগৰাকী বৃদ্ধা কিদৰে জী উঠিব পাৰে, তাক লৈ সৃষ্টি হয় ৰহস্যৰ। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে … Read more