মুখ্যমন্ত্ৰীৰ জেড্ প্লাছ নিৰাপত্তা দেশজুৰি সম্প্ৰসাৰিত কেন্দ্ৰীয় গৃহ দপ্তৰৰ

নিউজ ডেস্ক। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেন্দ্ৰীয় গৃহ দপ্তৰৰ। এতিয়াৰে পৰা দেশজুৰি ‘জেড্ প্লাছ’ (Z+) শ্ৰেণীৰ নিৰাপত্তা লাভ কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে। ১৩ অক্টােবৰত কেন্দ্ৰীয় গৃহ দপ্তৰে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰে। উত্তৰ পূবৰ ৰাজ্যসমূহৰ লগতে হিমন্ত বিশ্ব শৰ্মাক এতিয়াৰে পৰা সমগ্ৰ দেশতে CRPF বাহিনীৰ জেড্ প্লাছ নিৰাপত্তা বেষ্টনী … Read more

আচৰিত! পানী নহয়, দমকলেৰে হোৰাহোৰে ওলাল অবৈধ দেশী সুৰা…

নিউজ ডেস্কঃ দমকলৰ পৰা পানী নহয়, হোৰাহোৰে ওলাল অবৈধ ভেজাল সুৰা। মাটিৰ তলত গাত খান্দি জমা কৰি ৰখা অবৈধ সুৰাৰ ভাণ্ডাৰ হেণ্ড পাম্পৰ জৰিয়তে বাহিৰ কৰে আৰক্ষীয়ে। অবৈধ ভেজাল সুৰাৰ এনে বজাৰ উৎখাত কৰিবলৈ সক্ষম হয় মধ্যপ্ৰদেশ আৰক্ষীয়ে। মধ্যপ্ৰদেশৰ গুণা জিলাৰ চাঞ্চোড়া আৰু ৰাঘোগড় গাঁৱত আৰক্ষীয়ে অবৈধ ভেজাল সুৰাৰ বিৰুদ্ধে অভিযান চলাইছিল বুধবাৰে। এই অভিযানতে … Read more

সন্ত্ৰাসবাদীৰে সংঘৰ্ষত গুলীবিদ্ধ হৈ শ্বহীদ ভাৰতীয় সেনাৰ ’জুম’

নিউজ ডেস্ক। জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে হােৱা সংঘৰ্ষত গুলীবিদ্ধ হৈ শ্বহীদ হ’ল ভাৰতীয় সেনাৰ পৰাক্ৰমী প্ৰশিক্ষিত কুকুৰ ‘জুম’। উল্লেখ্য যে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ কােকেৰনাগত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাই চলােৱা অভিযানৰ সময়তে দুটাকৈ গুলীৰ আঘাতৰ পিছতে চিকিৎসাধীন হৈ আছিল ‘জুম’। দুদিন ধৰি চিকিৎসাধীন অৱস্থাত থকাৰ পিছতে বৃহস্পতিবাৰে শ্ৰীনগৰৰ পশু চিকিৎসালয়ত মৃত্যু ঘটে ‘জুম’ৰ। দেশৰ নিৰাপত্তাৰ স্বাৰ্থত চৰম ত্যাগ … Read more

মন্দিৰৰ পৰা হনুমানৰ গদা চুৰি কৰি অনুশোচনাত দগ্ধ চোৰ! ওভতাই দিবলৈ আহি পৰিল বিপদত…

নিউজ ডেস্কঃ হনুমান মন্দিৰৰ পৰা ৰামভক্ত হনুমাৰৰ অস্ত্ৰ এটা ৰূপৰ গদা চোৰ কৰি ওভতাই দিবলৈ আহিহে বিপদত পৰিল এটা চোৰ। মহাৰাষ্ট্ৰৰ নাগপুৰত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাই তীব্ৰ চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমতো। দৰাচলতে যোৱা ৮ অক্টোবৰত নাগপুৰৰ কানহানত অৱস্থিত এটা প্ৰাচীন হনুমান মন্দিৰৰ পৰা এটা ৰূপৰ গদা চুৰি কৰি নিছিল এটা গভাইত চোৰে। কিন্তু গদাটো … Read more

ভয়ংকৰ! ঐশ্বৰ্য-বিভূতিৰ আশাত ৰাজপথত লটাৰী বিক্ৰী কৰা দুগৰাকী মহিলাক নৰবলি দম্পতীৰ, টুকুৰা টুকুৰকৈ কাটি কৰিলে ভক্ষণ

নিউজ ডেস্কঃ আধুনিক যুগৰ আধুনিকতাৰ মাজতো কেৰালাত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। ব্লেক মেজিকত অন্ধবিশ্বাসী এহাল দম্পতী আৰু এজন ব্যক্তিয়ে ঐশ্বৰ্য-বিভূতি লাভৰ বাবে বলি দিলে দুগৰাকীকৈ মহিলাক। এই চাঞ্চল্যকৰ কাণ্ড আৰক্ষীৰ তদন্তত পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভাগৱল সিং, তেওঁৰ পত্নী লাইকা আৰু মহম্মদ শ্বফী নামৰ হত্যাকাৰী কেইজনক। জানিব … Read more

আকৌ কেজৰিৱালৰ চমক! স্কুল ৰেংকিং তালিকাৰ শীৰ্ষ ১০ত স্থান দিল্লীৰ ৫ বিদ্যালয়ৰ নাম, পিছ পৰি ৰ’ল অসম…

নিউজ ডেস্কঃ অসম আৰু দিল্লীৰ গুণগত শিক্ষাৰ মানদণ্ডক লৈ চলি থকা বিতৰ্কৰ মাজতে আকৌ শিক্ষা খণ্ডত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ল দিল্লীৰ চৰকাৰী বিদ্যালয়ে। সদ্য প্ৰকাশিত ২০২২-২৩ বৰ্ষৰ স্কুল ৰেংকিঙৰ তালিকাৰ শীৰ্ষ ১০ত সৰ্বাধিক বিদ্যালয়ৰ নাম অন্তৰ্ভূক্ত কৰি পুনৰ এবাৰ চমক সৃষ্টি কৰিবলৈ সক্ষম হ’ল অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লীৰ আপ চৰকাৰে। লক্ষণীয়ভাৱে অসমৰ মন্ত্ৰী-বিধায়কে … Read more

গৰুক ৰাষ্ট্ৰীয় পশু ঘোষণা কৰাৰ বাবে দাখিল কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ, ওলোটাই দিলে আবেদনকাৰীক ধমক…

নিউজ ডেস্কঃ ভাৰতত গৰুক গো-মাতা হিচাপে পূজা কৰা হয়। বিশেষকৈ বিগত সময়ত গো সুৰক্ষাক লৈ যথেষ্ট সক্ৰিয় হোৱা দেখা গৈছে বহু হিন্দুত্ববাদী সংগঠন। তেনে কেইটামান হিন্দুত্ববাদী সংগঠনেই গৰুক ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিবলৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল আবেদন। কিন্তু সোমবাৰে ন্যায়ালয়ে এই আবেদন খাৰিজ কৰি ওলোটাই আবেদনকাৰীৰ অধিবক্তাকে ধমক দিয়ে। … Read more

প্ৰায় ২০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছিল এটা গুৰুত্বপূৰ্ণ পথ! কিন্তু উদ্বোধনৰ ৪ মাহ নৌহওতেই পৰিণত হ’ল গুহাত

নিউজ ডেস্কঃ কেইবা কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এটা গুৰুত্বপূৰ্ণ পথ উদ্বোধনৰ ৪ মাহৰ ভিতৰতে ভাগি গুহাত পৰিণত হোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যান-বাহনৰ চলাচলৰ মাজতে দেওবাৰে হঠাৎ ভাগি প্ৰকাণ্ড গাঁতত পৰিণত হয় বাংগালুৰুৰ কুণ্ডনহাল্লী আণ্ডাৰপাছ সেৱা পথৰ এটা অংশ। জানিব পৰা মতে, বিগত জুন মাহত বাংগালুৰুৰ কুণ্ডলাহল্লী জংচনৰ পৰা আই টি হাবলৈ আণ্ডাৰপাছ … Read more

দুঃখবৰ! সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক, প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ দেহাৱসান…

নিউজ ডেস্কঃ সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক তথা উত্তৰ প্ৰদেশৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱ আৰু নাই। যোৱা ২ অক্টোবৰৰ পৰা মেডাণ্ট হাস্পতালত চিকিৎসাধীন হৈ থাকি সোমবাৰে পুৱা ৮.১৬ বজাত ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, প্ৰস্ৰাৱৰ সংক্ৰমণ, ৰক্তচাপৰ সমস্যা আৰু উশাহ লোৱাত কষ্ট পোৱাৰ বাবে মুলায়ম সিং যাদৱক হাস্পতালত … Read more

মৰ্মান্তিক! নাগাৰা নাম পৰিৱেশন কৰি থাকোতেই হঠাৎ অসুস্থ হৈ পৰিল লোকশিল্পী তৰণীকান্ত দত্ত, মৃত্যু

নিউজ ডেস্কঃ কামৰূপ জিলাৰ চাংসাৰিত শোকাবহ ঘটনা। নাগাৰা নাম পৰিৱেশন কৰি থকাৰ সময়তে হঠাৎ অসুস্থ হৈ মৃত্যু এগৰাকী লোক শিল্পীৰ। শুকুৰবাৰে নিশা সংঘটিত হয় এই শোকাবহ ঘটনা। জানিব পৰা মতে, শুকুৰবাৰে নিশা দদৰাৰ এটি পৰিয়ালৰ মাংগলিক অনুষ্ঠানত নাগাৰা নাম পৰিৱেশন কৰি থকাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰে পাঠক তৰণীকান্ত দত্ত। স্বাস্থ্যৰ অধিক অৱনতি ঘটাত লগে … Read more