DRDO ৰ ক’ভিড প্ৰতিৰোধী ঔষধ 2DG ৰ উদ্ভাৱনৰ সৈতে জড়িত অসমৰ এগৰাকী জীয়ৰী

DRDO ৰ ক’ভিড প্ৰতিৰোধী ঔষধ 2DG ৰ উদ্ভাৱনৰ সৈতে জড়িত অসমৰ এগৰাকী জীয়ৰী

May 22, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এগৰাকী অসম কন্যাই গৌৰৱান্বিত কৰি তুলিছে অসমবাসীক।

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা চমুকৈ DRDO ই উদ্ভাৱন কৰা ক’ভিড-১৯ৰ প্ৰতিৰোধী ঔষধ 2DG ৰ সৈতে জড়িত এইগৰাকী অসম জীয়ৰী।

তেওঁ হ’ল অসমৰ কৰিমগঞ্জ জিলাৰ মহিষাসনৰ ড° জুবিলী পুৰকায়স্থ।

তেওঁ বৰ্তমান দিল্লীৰ DRDO ৰ ইনষ্টিটিউট অব্ নিউক্লিয়াৰ মেডিচিন এণ্ড এলাইত চায়েন্স (Institute of Nuclear medicine and Allied Sciences) ৰ বিজ্ঞানী হিচাপে কৰ্মৰত।

জানিব পৰা মতে, কৰিমগঞ্জৰ এখন সৰু গাঁৱৰ পৰা গৈ জুবিলীয়ে এই পৰ্যায়ত উপনীত হৈছে। তেওঁ সুদৰ্শন পুৰকায়স্থ আৰু বিনয় কুমাৰী পুৰকায়স্থৰ কন্যা।

DRDO ৰ বিজ্ঞানীৰ সৈতে অসমৰ ডঃ জুবিলী

ড° জুবিলী পুৰকায়স্থই কৰিমগঞ্জ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি পৰৱৰ্তী সময়ত যোৰহাটৰ নৰ্থ ইষ্ট ইনষ্টিটিউট অৱ চায়েন্স এণ্ড টেকনলজীৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।

২০০৮ চনত তেওঁ তেজপুৰস্থিত DRDO ৰ ডিফেঞ্চ লেৱৰেটোৰীত বৈজ্ঞানিক হিচাপে যোগদান কৰে। আৰু ২০১৪ চনত তেওঁ দিল্লীলৈ যায়।

DRDO ৰ ক’ভিড প্ৰতিৰােধী ঔষধ মুকলি কৰাৰ মুহূৰ্ত

সংবাদ মাধ্যমৰে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, “দেশৰ সেৱাৰ বাবে এই কাৰ্যত জড়িত হবলৈ পায় মই গৌৰৱ অনুভৱ কৰিছো। মই মোৰ মাতৃক ভালপাওঁ আৰু তেওঁৱেই মোৰ অনুপ্ৰেৰণা। মই অনুভৱ কৰিছো দেশৰ বাবে মোৰ কৰিবলগীয়া আৰু বহুত আছে। দেশৰ এনে পৰিস্থিতিত মই দেশৰ সকলোকে কভিড বিধি মানি চলিবলৈ অনুৰোধ জনাইছো। আমি আশা কৰিছো দেশৰ স্বাভাৱিক পৰিস্থিতি সোনকালেই পুনৰ ঘূৰি আহিব।”

উল্লেখ্য যে ড° জুবিলী পুৰকায়স্থৰ সফলতাত গৌৰৱান্বিত হৈ পৰিছে সমগ্ৰ বৰাকবাসী।

ড° জুবিলী পুৰকায়স্থৰ সফলতাত পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালে তেওঁক শুভেচ্ছা জনায় কয়, “এখন অতি সৰু গাঁৱৰ পৰা গৈ এনে সফলতা লাভ কৰাটো নিশ্চয়কৈ গৌৰৱ ৰ কথা। মই তেওঁৰ আৰু সফলতাৰ শিখৰ লাভ কৰাৰ কামনা কৰিলো। তেওঁ সমগ্ৰ অঞ্চলটোৰ যুৱ চামৰ এগৰাকী আদৰ্শ হওঁক।”