GMCH ত চাঞ্চল্যকৰ ঘটনা! শৰীৰত বিষাক্ত ইনজেকশ্যন লৈ চৰম পথ বাছি ল’লে ICU টেকনিচিয়ান পাপু দাসে…

GMCH ত চাঞ্চল্যকৰ ঘটনা! শৰীৰত বিষাক্ত ইনজেকশ্যন লৈ চৰম পথ বাছি ল’লে ICU টেকনিচিয়ান পাপু দাসে…

October 14, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এক চাঞ্চল্যকৰ ঘটনাই জােকাৰি গ’ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালক।

ৰহস্যজনকভাৱে নিজ শৰীৰত বিষাক্ত ইনজেকশ্যন সুমুৱাই লৈ চৰম পথ বাছি ল’লে হাস্পতালত কিছুদিন পূৰ্বে চাকৰিত যােগদান কৰা এজন যুৱকে।

জানিব পৰা মতে, চিকিৎসালয়খনৰ আই.চি.ইউৰ টেকনিচিয়ান এগৰাকীয়ে সংঘটিত কৰিছে এই ঘটনা।

চৰম পথ বাছি লােৱা কৰ্মচাৰীজৰ নাম পাপু দাস, ঘৰ নলবাৰীৰ কমাৰকুছিত।

জানিব পৰা মতে, গুৱাহাটী মেডিকেল কলেজ হাস্পতালত তিনি সপ্তাহ পূৰ্বে কৰ্মত যোগদান কৰিছিল পাপু দাসে।

পাপু দাসৰ এনে ৰহস্যজনক মৃত্যুৰ ঘটনাই হাহাকাৰ লগাইছে পৰিয়ালত।

এই ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটনৰ বাবে আহ্বান জনাইছে পাপু দাসৰ পৰিয়ালৰ লােকে।