NO NETWORK! ম’বাইল ফোনৰ নেটৱৰ্কৰ বাবে মন্ত্ৰী উঠিল ৫০ ফুট উচ্চতাৰ দোলন যন্ত্ৰলৈ! ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। যেতিয়া মোবাইল ফোনৰ নেটৱৰ্ক নাথাকে, তেতিয়াই বহুতেই মুকলি ঠাইলৈ বা ওখ স্থানলৈ যায় নেটৱৰ্ক পাবলৈ। কিন্তু এইবাৰ নেটৱৰ্ক লাভৰ বাবে এজন ব্যক্তিয়ে কৰা উপায় ভাইৰেল হৈ পৰিছে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত। ব্যক্তিজন অৱশ্যে কোনো সাধাৰণ ব্যক্তি নহয়, তেওঁ স্বয়ং এখন ৰাজ্যৰ এজন দায়িত্বশীল মন্ত্ৰী।

মন্ত্ৰীজনে নেটৱৰ্ক লাভৰ বাবে বগাই গল ৫০ ফুট উচ্চতালৈ। লগতে বহি ল’লে এটা দোলন যন্ত্ৰত। আৰু তলত কথা পাতিব নোৱাৰা বাবেই ওপৰত উঠি কৰি ললে বহুতো ফোন।

এই ঘটনা মধ্য প্ৰদেশৰ অশোক নগৰ জিলাৰ আমখো গাৱঁত। মন্ত্ৰীজন হল মধ্য প্ৰদেশৰ জন স্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ব্ৰজেন্দ্ৰ সিং যাদৱ।

বৰ্তমান মন্ত্ৰীজনে দোলন যন্ত্ৰত বহি ফোনত কথা পাতি থকা দৃশ্য ভাইৰেল হৈ পৰিছে সৰ্বত্ৰে। এই দৃশ্য এতিয়া টুইটাৰত মিম আৰু হাস্যব্যংগৰ উৎসলৈ পৰ্যবসিত হৈছে।

দেওবাৰে মন্ত্ৰীজনৰ এই দৃশ্য সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত ভাইৰেল হোৱা দেখা গৈছে। আমখো গাঁৱত অনুষ্ঠিত ভাগৱত কথা আৰু মেলা অনুষ্ঠানত এই দৃশ্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে।

মন্ত্ৰীজনে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে, তেওঁ প্ৰায় ৯ দিন ধৰি আমখো গাৱঁৰ অনুষ্ঠানত আছে। কিয়নো তেওঁ সেই অনুষ্ঠানৰ মুখ্য আয়োজক। কিন্তু এই সময়চোৱাত তেওঁৰ সমষ্টিৰ বিভিন্ন লোকে বিভিন্ন সমস্যা সন্দৰ্ভত তেওঁলৈ ফোন কৰি আছিল। কিন্তু নেটৱৰ্কৰ প্ৰতিকুলতাৰ বাবে তেওঁ বিষয়া বা আন লোকৰ লগত ভালদৰে কথা পাতিব পৰা নাছিল। সেয়েহে এনেদৰে ওপৰলৈ উঠি যাব লগা হয় তেওঁ।

Leave a Comment