NRC এখন খেল, কোনো ৰাজনৈতিক দলে নিবিচাৰে এন আৰ চিঃ ৰঞ্জন গগৈ
February 13, 2021নিউজ ডেস্ক। ‘কোনো ৰাজনৈতিক দলে ৰাষ্ট্ৰীয়য় নাগৰিক পঞ্জী (এন আৰ চি) হোৱাটো নিবিচাৰে। NRC এখন ৰাজনৈতিক খেল। কংগ্ৰেছ, বিজেপি নাইবা কােনাে দলেও অসমত NRC হােৱাটাে নিবিচাৰে।’
এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।
কলকাতাত অনুষ্ঠিত ইণ্ডিয়া টুডে কনক্লেভত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে গগৈয়ে।
তেওঁ অসমত এন আৰ চিক এক ডাঙৰ ৰাজনৈতিক খেল বুলি উল্লেখ কৰি কয় যে যোৱা ৫০ বছৰে ৰাজনৈতিক দলসমূহে ইয়াক নিজৰ ৰাজৰনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে।
উল্লেখ্য যে গগৈৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ে অসমত এন আৰ চি প্ৰকাশ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।
চাওক গগৈৰ মন্তব্যৰ ভিডিঅ’
ইণ্ডিয়া টুডে কনক্লেভত ৰঞ্জন গগৈয়ে প্ৰকাশ কৰা মন্তব্যৰ সবিশেষ ভিডিঅ’ চাওকঃ
লগতে চাওকঃ