কাজিৰঙাত অঘটন! বহিঃৰাজ্যৰ পৰ্যটক কঢ়িয়াই নিয়া বাহনত অগ্নিকাণ্ড, তদন্তৰ নিৰ্দেশ

নিউজ ডেস্ক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বাবে আহি এক অভাৱনীয় ঘটনাৰ সন্মুখীন হ’ল কৰ্ণাটকৰ ৬ জনীয়া পৰ্যটকৰ দল। জিপ্চি চাফাৰীৰ সময়তে দাও দাও কৈ জ্বলি উঠিল পৰ্যটকক কঢ়িওৱা বাহনখন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত শুক্ৰবাৰে পুৱা সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, AS-03-M-6436 নম্বৰৰ Maruti Gypsy খনে এই ৬ জনীয়া … Read more

হাতী পোৱালিক কান্ধত তুলি উদ্ধাৰ কৰা বনৰক্ষীক ‘বাহুবলি’ৰে তুলনা জ্যেষ্ঠ বন বিষয়াৰ!

নিউজ ডেস্ক। যি সময়ত বিশ্বজুৰি বন্য জীৱ-জন্তুৰ অস্তিত্বৰ প্ৰতি বিভিন্ন কাৰণত তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে, তেনে সময়ত এমুঠিমান প্ৰকৃতিপ্ৰেমী তথা বন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে বহু কষ্ট স্বীকাৰ কৰি বন্যপ্ৰাণীৰ সংৰক্ষণৰ মহৎ কাৰ্যত ব্ৰতী হৈছে। এনে প্ৰত্যাহ্বানমূলক কাম কৰিবলৈ গৈ ইতিমধ্যে শ্বহীদ হৈছে বহু বন বিষয়া-কৰ্মী। তাৰ মাজতে অবিশ্বাস্য ধৰণেও কিছুমানে বন্যপ্ৰাণী প্ৰাণ ৰক্ষা কৰিছে। তেনে বহু … Read more

দুৰ্নীতি নিবাৰকৰ অভিযানৰ পূৰ্বে জ্বলাই দিলে উৎকোচ হিচাপে লোৱা ৫ লাখ টকা!

নিউজ ডেস্ক। এক আচৰিত ঘটনা। এজন মহকুমাধিপতিৰ হৈ ৫ লাখ টকাৰ উৎকােচ লােৱা এজন লােকে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানৰ পূৰ্বে নিজৰ ঘৰত জ্বলাই দিলে সমুদাই ধন। অৱশ্যে ইয়াৰ পিছতাে ৰক্ষা নপৰিল গ্ৰেপ্তাৰৰ পৰা। উক্ত ধনৰ অৱশিষ্টসহ অভিযানকাৰী দলটােৰ জালত পৰিল লােকজন। এই ঘটনা মংগল বাৰে সংঘটিত হয় তেলেংগানাৰ নগৰকুৰনুল জিলাত। ঘটনা অনুসৰি, স্থানীয় মহকুমাধিপতি নিৰ্দেশত … Read more

সীমান্তৱৰ্তী আনিনীৰ সৈতে সংযোগ বিচ্ছিন্ন দেশৰ, ভাঙি পৰিল একমাত্ৰ ব্ৰেইলী দলং

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশৰ দিবাং ভেলী জিলাৰ ড্ৰী নদীৰ ওপৰত থকা ওলমা দলংখন হঠাতে ভাঙি পৰে মংগলবাৰে। এখন ডাম্পাৰ গাড়ী আহি থকা অৱস্থাতে ভাঙি পৰে দলংখন। যিখন দলং দেশৰ প্ৰতিৰক্ষাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত। এই দলংখনেৰে ভাৰত-চীন সীমান্তৰ দেশৰ শেষৰখন নগৰ আনিনীলৈ যোৱা হয়। ৰয়িং আৰু অনিনি সংযোগী ৩১৩ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা এই … Read more

বিদেশলৈ সৰবৰাহৰ উদ্দেশ্যে অনা ১৭ কোটি টকা মূল্যৰ ৰঙা চন্দন জব্দ

নিউজ ডেস্ক। ভাৰতৰ পৰা চােৰাংভাৱে মূল্যৱান তথা দুষ্প্ৰাপ্য ৰঙা চন্দনৰ ৰপ্তানি অব্যাহত আছে। শেহতীয়াকৈ বিমানৰ জৰিয়তে প্ৰায় ১৭ কােটি টকা মূল্যৰ ৰঙা চন্দন বিদেশলৈ সৰবৰাহ কৰাৰ প্ৰচেষ্টা চলাওঁতে জব্দ কৰে আৰক্ষীয়ে। জানিব পৰা মতে, মুম্বাইৰ আন্ধেৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰে এই বহু মূল্যৱান ৰঙা চন্দন। প্ৰায় ২ টন ওজনৰ ১৭ কোটি মূল্যৰ সামগ্ৰীখিনি ডুবাই হৈ … Read more

একােছা বনেৰে ভীষণ বন জুই নিৰ্বাপনৰ চেষ্টা এগৰাকী বন মন্ত্ৰীৰ! ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। Lights, Camera, Action! যেন কােনাে চিনেমাৰ শ্বুটিং চলিছে। উল্লেখ্য যে বিগত কিছুদিনৰ পৰা বনজুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা উত্তৰাখণ্ডত বনজুই নিৰ্বাপনৰ ব্যৰ্থ হৈছে চৰকাৰ। কিন্তু বনজুই নিৰ্বাপনৰ নামত ৰাজ্যখনৰ বনমন্ত্ৰী সংঘটিত কৰা কাণ্ডক লৈ লােকপাৰ লাগিছে ছ’চিয়েল মিডিয়াত। বনমন্ত্ৰীয়ে দলে-বলে এটা বনাঞ্চলত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলােৱাৰ সময়তে ৰেকৰ্ড কৰা এটা বিশেষ … Read more

ৰাষ্ট্ৰীয় পৰ্যায়ৰ দেহশ্ৰী প্ৰতিযােগিতাত পদক জয় অসমৰ গুৰিয়া খাতুনৰ

নিউজ ডেস্ক। ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ এক সুখবৰ। উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ লক্নৌত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দেহশ্ৰী প্ৰতিযোগিতাত উজলি উঠিল অসম কন্যা গুৰিয়া খাতুন। লক্নৌত অনুষ্ঠিত ফেডাৰেচন কাপ ৰাষ্ট্ৰীয় দেহশ্ৰী প্ৰতিযোগিতাৰ ব্ৰঞ্জৰ পদক জয়েৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে খাতুনে। উল্লেখ্য মহিলা স্প’ৰ্টছ্ মডেল ফিজিক ইভেণ্টত এই সাফল্য লাভ কৰে খেলুৱৈগৰাকীয়ে। জানিব পৰা মতে, গুৰিয়া খাতুনে মহিলা … Read more

পৰিৱেশ অনুকূল বিয়া! ই-নিমন্ত্ৰণ, কাগজৰ ৰভা, তুলসীৰ বৰমালা, ই-স্কুটাৰত আহিল দৰা

নিউজ ডেস্ক। আজিৰ দিনত এখন বিয়া মানে সেইয়া যেন এক সামাজিক মৰ্য্যদাৰ প্ৰতীক। কিমান আটকধুনীয়া আৰু বিলাসী বিয়া উদযাপন কৰি সমাজৰ আগত নিজৰ সন্মান ৰক্ষা কৰিব পাৰি আজিৰ দিনত চলে তাৰেই এক অঘোষিত প্ৰতিযোগিতা। কিন্তু এইবাৰ আমি এখন ব্যতিক্ৰম বিবাহৰ কথা কব বিছাৰিছো যিখন বিবাহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বিবাহখন অনুষ্ঠিত হৈছে দিল্লীত। দৰা কইনাৰ … Read more

এন্টাৰ্কটিকাত ৫৩ বছৰ পূৰ্বে হেৰুওৱা পাৰ্চ লাভ কৰিলে বতৰ বিজ্ঞানীয়ে!

নিউজ ডেস্ক। হেৰুওৱা বস্তু বিচাৰি পালে বা পুনৰ লাভ কৰিলে তাৰ অনুভৱ সদায় সুকীয়া হয়। ঠিক তেনেদৰে এইবাৰ পাঁচ দশক পূৰ্বে হেৰুওৱা সামগ্ৰী লাভ কৰি পুলকিত হল এজন ব্যক্তি। লোকজনৰ নাম পল গ্ৰীচম। পেছাত তেওঁ আমেৰিকাৰ নৌ পৰিবহন বিভাগৰ বতৰ বিজ্ঞানী। ১৯৬৭ চনত কৰ্মসূত্ৰে তেওঁ আছিল এন্টাৰ্কটিকাত। তাত তেওঁ ৰছ দ্বীপত বিজ্ঞান কেন্দ্ৰ আৰু বিমানবন্দৰৰ … Read more

ৰাজ্যৰ দুৰ্গম অঞ্চললৈ অতি কষ্টসাধ্য যাত্ৰাৰ বাবে মুখ্যমন্ত্ৰীক উচ্চ প্ৰশংসা ৰাজ্যপালৰ

নিউজ ডেস্ক। জনতাৰ প্ৰতি দৰদী আৰু জনসেৱাৰ মানসিকতাৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুক প্ৰশংসাৰে ওপচাই পেলায় ৰাজ্যখনৰ ৰাজ্যপাল বি ডি মিশ্ৰই। অৰুণাচল প্ৰদেশৰ ম্যানমাৰ সীমান্তৱৰ্তী চাংলাং জিলাৰ অতি ভিতৰুৱা অঞ্চল বিজয়নগৰলৈ মিয়াও নগৰৰ সৈতে স্থলপথেৰে সংযুক্ত কৰিবলৈ লোৱা মুখ্যমন্ত্ৰীৰ পদক্ষেপকাে তেওঁ ভূৰি ভূৰি প্ৰশংসা কৰে। মুখ্যমন্ত্ৰী খাণ্ডুৱে ২০২২ বৰ্ষৰ মাৰ্চৰ ভিতৰত বিজয়নগৰক স্থলপথেৰে সংযুক্ত … Read more