মহানগৰীৰ বিদ্যালয়ত অঘটন! প্ৰাৰ্থনা সভাৰ মাজতে ঢলি পৰিল তৃতীয় শ্ৰেণীৰ ছাত্ৰী, মৃত্যু

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। মহানগৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত হঠাতে ঢলি পৰি কৰুণ মৃত্যু এগৰাকী মেধাৱী ছাত্ৰীৰ। নাৰেংগীৰ বিদ্যা মন্দিৰ ইংলিছ মিডিয়াম আইস্কুলত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, পুৱাৰ প্ৰাৰ্থনা সভাৰ মাজতে ঢলি পৰে তৃষা আৰ কলিতা নামৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰীগৰাকী। মৃত ছাত্ৰীগৰাকীঘৰ মহানগৰীৰ গীতা মন্দিৰত বুলি জানিব পৰ গৈছে। বিদ্যালয়ৰ প্ৰাৰ্থনা সভাৰ … Read more

ডিটিঅ’ অফিচত ভিজিলেন্সৰ অভিযান, উৎকােচ লৈ গ্ৰেপ্তাৰ মহিলা কৰ্মচাৰী, মধ্যভােগী

নিউজ ডেস্ক। কােকৰাঝাৰৰ ডিটিঅ’ সােমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ গ্ৰেপ্তাৰৰ ঘটনাই পৰিবহন বিভাগৰ ভিতৰচ’ৰাত তীব্ৰ খলকনিৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ ডিব্ৰুগড় জিলাৰ পৰিবহন বিষয়াৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। এগৰাকী গাড়ীৰ মালিকৰ পৰা পথ কৰ অফলাইনত পৰিশোধ কৰাত সহায় কৰাৰ বিনিময়ত উৎকােচ লৈ ভিজিলেন্সৰ হাতত ধৰা পৰিল এজন দালালসহ ডিটিঅ’ কাৰ্যালয়ৰ নিম্ন বৰ্গৰ সহায়ক। ধৃত দালাজনৰ … Read more

ছাত্ৰীৰে মবাইলত অশ্লীল বাৰ্তালাপ কৰি নিলম্বিত শিক্ষক পদ্ম দত্ত…

নিউজ ডেস্ক। পুনৰ শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিক কলংকিত কৰি নিলম্বিত হ’ল এগৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষক। এগৰাকী কন্যাসম ছাত্ৰীৰ সৈতে মবাইলত অশ্লীল বাৰ্তালাপ কৰা গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক পদ্ম দত্তক নিলম্বন শিক্ষা বিভাগৰ। উল্লেখ্য যে কিছুদিন পূৰ্বে এগৰাকী ছাত্ৰীৰ সৈতে অতি আপত্তিজনক অশালীন বাৰ্তালাপ কৰাৰ ৰেকৰ্ডিং ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ইয়াৰ পিছতে ৰাজ্যজুৰি … Read more

নৃত্য শিল্পী, মডেল হিচাপে জনপ্ৰিয় অধ্যাপিকা ডঃ দীপালী দাসৰ দেহাৱসান…

ডঃ দীপালী দাস

নিউজ ডেস্ক। এগৰাকী সদ্য অৱসৰপ্ৰাপ্ত অধ্যাপিকা, নৃত্য শিল্পী, মডেল হিচাপে দেশ-বিদেশত পৰিচিত ডঃ দীপালী দাসৰ দেহাৱসান। উল্লেখ্য যে গুৱাহাটীৰ জুৰোডৰ নিৱাসী ডঃ দীপালী দাস বিগত প্ৰায় ছমাহ ধৰি যকৃতৰ জটিল ৰােগত ভুগি আছিল। মঙলবাৰে চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিস্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ। উল্লেখ্য যে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান … Read more

আশ্বৰ্যকৰ! শাস্তিৰ পৰা বাচিবলৈ গাত কফন পিন্ধি জীৱন্তে চিতাত উঠিল ধৰ্ষণৰ অভিযুক্ত, পিতৃয়ে মুখাগ্নিৰ ফটো তুলি দাখিল কৰিলে আদালতত…

নিউজ ডেস্কঃ নাবালিকাক ধৰ্ষণৰ গোচৰত শাস্তি লাভৰ পৰা ৰক্ষা পৰিবলৈ চিনেমাৰ কায়দাত মৃত্যুৰ অভিনয় কৰিলে এজন লম্পট শিক্ষকে। কিন্তু শেহতীয়াকৈ অভিযুক্ত শিক্ষকজনৰ সমগ্ৰ কাণ্ড পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই ঘটনাৰ স্থান বিহাৰৰ ভগলপুৰ জিলা। ইতিমধ্যে আদালতত আত্মসমৰ্পণ কৰা অভিযুক্তজনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে। জানিব পৰা মতে, ভগলপুৰৰ ইশিপুৰ বৰাহাট … Read more

গ্ৰেপ্তাৰ উচ্চ ন্যায়ালয়ৰ ভুৱা মুখ্য ন্যায়াধীশ! DGPলৈ ফোন কৰি দুৰ্নীতিগ্ৰস্ত IPS বিষয়াৰ বিৰুদ্ধে গোচৰ নচলাবলৈ দিছিল নিৰ্দেশ…

নিউজ ডেস্কঃ এগৰাকী দুৰ্নীতিগ্ৰস্ত আইপিএছ বিষয়াৰ বিৰুদ্ধে গোচৰ নচলাবলৈ ডিজিপিক ফোনযোগে নিৰ্দেশ দি গ্ৰেপ্তাৰ হ’ল উচ্চ ন্যায়ালয়ৰ এগৰাকী ভুৱা মুখ্য ন্যায়াধীশ। নিজকে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বুলি পৰিচয় দি সুৰাৰ সৰবৰাহ গোচৰত অভিযুক্ত এগৰাকী আইপিএছ বিষয়াৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ বন্ধ কৰিবলৈ ডিজিপিক ফোনযোগে হেঁচা প্ৰদান কৰা ভুৱা ন্যায়াধীশ অভিষেক আগৰৱালাৰ গ্ৰেপ্তাৰৰ পিছতে সৃষ্টি হৈছে … Read more

৯ বছৰ ধৰি পত্নীৰ সৈতে কাজিয়া! অৱশেষত চৰম সিদ্ধান্ত ল’লে CRPF জোৱান হেমাংগ কলিতাই…

নিউজ ডেস্কঃ বিয়াৰ পিছৰে পৰা পত্নীৰ সৈতে লাগি অহা কাজিয়াত অতীষ্ঠ হৈ অৱশেষত মৃত্যুৰ পথ বাচি ল’লে এগৰাকী চিআৰপিএফ জোৱানে। বজালী জিলাৰ ৰতনপুৰৰ নিৱাসী চিআৰপিএফ জোৱান হেমাংগ কলিতাই দেওবাৰে স্বগৃহত আত্মহত্যা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে, ২০১৩ চনত চিআৰপিএফত যোগদান কৰা হেমাংগ কলিতা ৯ বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল। … Read more

প্ৰশংসনীয়! পুত্ৰই লাভ কৰিলে চৰকাৰী চাকৰি, তাৰ পিছতে মাতৃয়ে ওভতাই দিলে চৰকাৰী ঘৰ…

নিউজ ডেস্কঃ পৰিয়ালৰ কোনো এজন সদস্যই চৰকাৰী চাকৰি লাভ কৰাৰ পিছত সেই পৰিয়ালটোৱে লাভ কৰা চৰকাৰী আঁচনিৰ সুবিধা ঘূৰাই দিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ পিছতে বজালীৰ এগৰাকী স্বামীহাৰা মহিলাই গ্ৰহণ কৰা সিদ্ধান্তই এতিয়া মন চুই গৈছে চৰকাৰী বিষয়া-কৰ্মচাৰীৰ লগতে সাধাৰণ জনতাৰ। পুত্ৰই আৰক্ষী বিভাগত চাকৰি লাভ কৰাৰ পিছতে দৰিদ্ৰ সীমাৰেখাৰ … Read more

আশ্বৰ্যকৰ! সাপ নহয়, এইবাৰ ৩০ কোটি টকাৰ সাপৰ বিহসহ আটক সৰবৰাহকাৰী

নিউজ ডেস্কঃ দুষ্প্ৰাপ্য সাপ নহয়, এইবাৰ বৃহৎ পৰিমাণৰ সাপৰ বিহসহ আটক সৰবৰাহকাৰী। দেওবাৰে পশ্চিমবংগৰ শিলিগুৰি মহকুমাৰ ফাঁচিদেৱা ব্লকৰ মুৰালিগঞ্জ চেকপোষ্টৰ গাতে লাগি থকা অঞ্চলটোত বনকৰ্মীয়ে অভিযান চলাই সাপৰ বিহসহ আটক কৰে সৰবৰাহকাৰীজনক। ধৃত সৰবৰাহকাৰী জনৰ পৰিচয় উত্তৰ দিনাজপুৰ জিলাৰ চোপ্ৰাৰ নিৱাসী শ্বাৰফট (৫০) বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, দেওবাৰে গোপন সূত্ৰৰ পৰা তথ্য … Read more

বালিজান পাহাৰত হাতত কেটেপা লৈ চিকাৰীৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী…

নিউজ ডেস্কঃ এইবাৰ হাতত কেটেপা লৈ চিকাৰীৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী। একালৰ কংগ্ৰেছী নেতা তথা বৰ্তমানৰ বিজেপি বিধায়কগৰাকীয়ে অসম-নাগালেণ্ড সীমান্তৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ বালিজান পাহাৰত হাতত কেটেপা লৈ ফুৰা ফটো-ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। বিধায়কজনৰ পিছে পিছে হাতত কেটেপা লৈ আগবাঢ়িছে আন এটা যুৱকৰ দলো। দৰাচলতে হাতত কেটেপা লৈ এনেদৰেই অক্টোবৰ মাহৰ … Read more