পথ দুৰ্ঘটনাৰ পিছত চিকিৎসাধীন হৈ থকা ব্যক্তিক তেজ দি মহানুভৱতাৰ পৰিচয় দিলে এগৰাকী আৰক্ষী বিষয়াই

নিউজ ডেস্কঃ পথ দুৰ্ঘটনাত পতিত হৈ চিকিসাধীন হৈ থকা এগৰাকী ব্যক্তিক ৰক্তদান কৰি মহানুভৱতাৰ পৰিচয় দিলে ডিব্ৰুগড়ৰ বকতা নেমুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই। বৰ্তমান ডিব্ৰুগড়ৰ ডমানি হাস্পতালত চিকিৎসাধীন হৈ থকা দুৰ্ঘটনাগ্ৰস্ত লোকজনক মঙলবাৰে ৰক্তদান কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰমানন্দ শইকীয়াই। উল্লেখ্য যে, সোমবাৰে চেপন-চূনাপাৰা পথত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত … Read more

শোকাবহ! মিনি ট্ৰাকৰ প্ৰচণ্ড খুন্দাত মৃত্যু SDRFৰ জোৱান কেশৱ থাপাৰ…

নিউজ ডেস্কঃ বিশ্বনাথ জিলাৰ গহপুৰৰ পুৰুপবাৰীত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত এগৰাছী এছডিআৰএফ জোৱানৰ অকাল মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত। বাইক আৰু মিনি ট্ৰাকৰ সংঘৰ্ষত মৃত্যু ঘটে এছডিআৰএফৰ জোৱানগৰাকীৰ। জানিব পৰা মতে, কেশৱ থাপা নামৰ এছডিআৰএফৰ জোৱানগৰাকীয়ে বাইকেৰে গৈ থকা সময়তে পুৰুপবাৰীত এখন মিনি ট্ৰাকে তেওঁক প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত জোৱানজনক … Read more

আকৌ ঘোচ কাণ্ড! এইবাৰ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল অসম আৰক্ষীৰ ASI ডম্বৰুধৰ দত্ত…

নিউজ ডেস্কঃ উৎকোচ লৈ পুনৰ জালত পৰিল আন এগৰাকী আৰক্ষী বিষয়া। উৎকোচ গ্ৰহণৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ অসম আৰক্ষীৰ এগৰাকী সহকাৰী উপ পৰিদৰ্শক। এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত উত্তৰ লখিমপুৰ জিলাৰ অন্তৰ্গত চিলনীবাৰী আউট পোষ্টৰ এএছআই ডম্বৰুধৰ দত্ত। অপৰাধমূলক গোচৰৰ পৰা সকাহ দিয়াৰ বাবদ এটা পৰিয়ালৰ পৰা ধন বিচাৰিছিল এএছআই ডম্বৰুধৰ দত্তই। Today,Team … Read more

শোকাবহ! তীব্ৰবেগী ট্ৰেভেলাৰৰ খুন্দাত মৃত্যু বন বিষয়া সুৰজিৎ সিঙৰ…

নিউজ ডেস্কঃ নগাঁৱৰ বেবেজিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰেবেগী ট্ৰেভেলাৰৰ খুন্দা এগৰাকী বন বিভাগৰ বিষয়াক। দুৰ্ঘটনাত মৃত্যু ঘটে বন বিষয়া সুৰজিৎ সিঙৰ। বিভাগীয় কামত নগাঁওলৈ আহিছিল বন বিষয়া সুৰজিৎ সিঙে। গুৱাহাটীৰ পৰা গৃহাভিমুখে গৈ থকাৰ সময়তে নিশা প্ৰায় ১০ বজাত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা। বন বিষয়াগৰাকীৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ নগাঁৱত।

গােচৰ ৰুজু নকৰাৰ বিনিময়ত ৪੦ হাজাৰ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ আবকাৰীৰ কনিষ্টবল

নিউজ ডেস্ক। চৰকাৰী কাৰ্যলয়সমূহত নিতৌ অব্যাহত আছে ভিজিলেন্সৰ অভিযান। অৱশ্যে এনে অভিযানৰ পাছতাে সহজ ধনৰ মােহ এৰিব নাই একাংশ চৰকাৰী কৰ্মচাৰীয়ে। এনে সহজ ধন ঘটিবলৈ গৈয়ে পুনৰ ভিজিলেন্সৰ হাতত ধৰা পৰিল ওদালগুৰিৰ আবকাৰী বিভাগৰ এগৰাকী কনিষ্টবল। এই কনিষ্টবলগৰাকীৰ নাম তৰুণ বসুমতাৰী। জানিব পৰা মতে, এজন ভুক্তভােগীৰ পৰা আবকাৰী আইন উলংঘনৰ গােচৰ ৰুজু নকৰাৰ বাবদ ৪੦ … Read more

দিল্লী আৰক্ষীত নিযুক্তি লাভ কৰি ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ দৰে ভিভিআইপিৰ নিৰাপত্তাত নিয়োজিত হ’ল অসমৰ ৪ বীৰাংগনা…

নিউজ ডেস্কঃ দিল্লী আৰক্ষীত নিযুক্তি লাভ কৰি ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ দৰে দেশৰ ভিভিআইপিৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হৈছে অসমৰ ৪ গৰাকীকৈ সুযোগ্য যুৱতীয়ে। কঠোৰ অনুশীলনেৰে ইতিমধ্যে বিশেষ ব্যক্তিসকলৰ নিৰাপত্তাৰ বাবে নিজকে সাজু কৰি তুলিছে অসমৰ বীৰাংগনা কেইগৰাকীয়ে। দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌৰদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহৰ দৰে শীৰ্ষতম পদত অধিষ্ঠিত হৈ থকা বিশেষ ব্যক্তিসকলৰ নিৰাপত্তাৰ দায়িত্ব … Read more

গৰুক ৰাষ্ট্ৰীয় পশু ঘোষণা কৰাৰ বাবে দাখিল কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ, ওলোটাই দিলে আবেদনকাৰীক ধমক…

নিউজ ডেস্কঃ ভাৰতত গৰুক গো-মাতা হিচাপে পূজা কৰা হয়। বিশেষকৈ বিগত সময়ত গো সুৰক্ষাক লৈ যথেষ্ট সক্ৰিয় হোৱা দেখা গৈছে বহু হিন্দুত্ববাদী সংগঠন। তেনে কেইটামান হিন্দুত্ববাদী সংগঠনেই গৰুক ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিবলৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল আবেদন। কিন্তু সোমবাৰে ন্যায়ালয়ে এই আবেদন খাৰিজ কৰি ওলোটাই আবেদনকাৰীৰ অধিবক্তাকে ধমক দিয়ে। … Read more

প্ৰায় ২০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছিল এটা গুৰুত্বপূৰ্ণ পথ! কিন্তু উদ্বোধনৰ ৪ মাহ নৌহওতেই পৰিণত হ’ল গুহাত

নিউজ ডেস্কঃ কেইবা কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এটা গুৰুত্বপূৰ্ণ পথ উদ্বোধনৰ ৪ মাহৰ ভিতৰতে ভাগি গুহাত পৰিণত হোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যান-বাহনৰ চলাচলৰ মাজতে দেওবাৰে হঠাৎ ভাগি প্ৰকাণ্ড গাঁতত পৰিণত হয় বাংগালুৰুৰ কুণ্ডনহাল্লী আণ্ডাৰপাছ সেৱা পথৰ এটা অংশ। জানিব পৰা মতে, বিগত জুন মাহত বাংগালুৰুৰ কুণ্ডলাহল্লী জংচনৰ পৰা আই টি হাবলৈ আণ্ডাৰপাছ … Read more

শোকাবহ! জলপ্ৰপাতত ছেলফি উঠিবলৈ গৈ সোঁতত উটি গ’ল যুৱক…

নিউজ ডেস্কঃ কাৰ্বি আংলং জিলাৰ মাঞ্জাৰ লাংভুকু জলপ্ৰপাতত ছেলফি উঠিবলৈ গৈ এজন যুৱক সন্ধানহীন হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, শনিবাৰে লাংভুকু জলপ্ৰপাতত ছেলফি উঠাৰ সময়তে বিয়লি প্ৰায় ৩ বজাত অসাৱধানবশতঃ ভৰি পিছলি সোঁতত উটি যায় যুৱকজন। সন্ধানহীন হৈ থকা যুৱকজনৰ পৰিচয় ডিমাপুৰৰ সুৰেশ চাকমা (২৩) বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, … Read more

দুঃখবৰ! সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক, প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ দেহাৱসান…

নিউজ ডেস্কঃ সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক তথা উত্তৰ প্ৰদেশৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱ আৰু নাই। যোৱা ২ অক্টোবৰৰ পৰা মেডাণ্ট হাস্পতালত চিকিৎসাধীন হৈ থাকি সোমবাৰে পুৱা ৮.১৬ বজাত ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, প্ৰস্ৰাৱৰ সংক্ৰমণ, ৰক্তচাপৰ সমস্যা আৰু উশাহ লোৱাত কষ্ট পোৱাৰ বাবে মুলায়ম সিং যাদৱক হাস্পতালত … Read more