ৰে’ল যাত্ৰাৰ সময়তে প্ৰসৱ বেদনা আৰম্ভ হ’ল এগৰাকী প্ৰসূতিৰ, ডবাৰ ভিতৰতে সন্তান প্ৰসৱ কৰালে মেডিকেলৰ ছাত্ৰীয়ে…

নিউজ ডেস্কঃ ৰে’ল যাত্ৰাৰ সময়তে এগৰাকী গৰ্ভৱতী মহিলাৰ প্ৰসৱ বেদনা আৰম্ভ হোৱাত চলন্ত ৰে’লত সন্তান প্ৰসৱ কৰালে একেটা ডবাতে সেই সময়ত যাত্ৰা কৰি থকা এগৰাকী মেডিকেলৰ ছাত্ৰীয়ে। তেলেংগানাৰ এই ঘটনাই এতিয়া যথেষ্ট চৰ্চা লাভ কৰিছে। মহিলাগৰাকীক সন্তান প্ৰসৱত সহায় কৰা মেডিকেলৰ ছাত্ৰীগৰাকীকো প্ৰশংসাৰে উপচাই পেলাইছে সকলোৱে। দৰাচলতে মঙলবাৰে সংঘটিত হয় এই ঘটনা। তেলেংগানাৰ শ্ৰীকাকুলামৰ পৰা … Read more

ঠিকাদাৰৰ বিলৰ ধন ধন মুকলি কৰাৰ বাবদ ধন দাবী কৰি গ্ৰেপ্তাৰ সহকাৰী বিডিঅ’ সুজিত ঠাকুৰীয়া

নিউজ ডেস্কঃ ৰাজ্যত দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসন কঠোৰ হলেও এতিয়াও গা লৰা নাই একাংশৰ। দৰমহাৰ টকা কেইটাৰ বাহিৰেও দুটা অধিক উপাৰ্জনৰ লালসাত দুৰ্নীতিৰ আশ্ৰয় লোৱা আন এগৰাকী চৰকাৰী কৰ্মচাৰী এইবাৰ জালত পৰিল দুৰ্নীতি নিবাৰক শাখাৰ। এইবাৰ দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে দৰং জিলাৰ ধূলা গাঁও পঞ্চায়তৰ সচিব তথা সহকাৰী বিডিঅ’ সুজিত ঠাকুৰীয়াক। উৎকোচ লোৱাৰ সময়তে … Read more

ময়ো পকৰি বিক্ৰী কৰিছিলো, যথেষ্ট লাভ হয়! কাক চাহ-পকৰি, ফুচকা বিক্ৰী কৰিবলৈ পৰামৰ্শ দিলে ৰূপজ্যোতি কুৰ্মীয়ে

নিউজ ডেস্কঃ ৰাজ্যত ভুৱা এনকাউণ্টাৰক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে। চৰকাৰ আৰু আৰক্ষীয়ে নিজৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰি এনকাউণ্টাৰৰ নাম দি নিৰীহৰ হত্যাযজ্ঞ চলাইছে বুলি অভিযোগ উত্থাপন কৰি আহিছে বিৰোধীয়ে। বিগত সময়ছোৱাত বহু কেইজন অভিযুক্ত-অপৰাধীয়ে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ সময়ত গুলীবিদ্ধ হৈ ঘূণীয়া বা মৃত্যুমুখত পৰা বুলি সদৰী কৰি আহিছে আৰক্ষী-প্ৰশাসনে। এনে সময়তে অসম আৰক্ষীৰ … Read more

অখিল গগৈ লাজ নথকা বিধায়ক, লোকৰ পিঠাৰে তেওঁ বিহু পাতেঃ সমালোচনাত সৰৱ ৰূপজ্যোতি কুৰ্মী

নিউজ ডেস্কঃ ৰাইজৰ কাম কৰিব পাৰক বা নোৱাৰক, বিৰোধীক কিন্তু ভালকৈয়ে সমালোচনা কৰিব জানে অসমৰ শাসকীয় দলৰ নেতা-মন্ত্ৰী-বিধায়কে। কি পীযুষ হাজৰিকা, কি জয়ন্ত মল্ল বৰুৱা- বিৰোধীক হেয় প্ৰতিপন্ন কৰোৱাত সকলো পাকৈত। এইবাৰ এই একেই শাৰীতে থিয় দিছে সৌ সিদিনা কংগ্ৰেছৰ পৰা আহি গেৰুৱা বসন পৰিধান কৰা মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীও। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল লাজ … Read more

আচামীক ধৰিবলৈ যােৱা আৰক্ষীৰ বাহন ভয়ংকৰ দুৰ্ঘটনাত পতিত…

নিউজ ডেস্ক। মেঘালয়ৰ পশ্চিম গাৰাে পাহাৰ জিলাৰ ফুলবাৰীৰ পৰা আচামীক লৈ থানালৈ ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনাত পতিত পলাশবাৰী আৰক্ষীৰ থানাৰ বাহন। জানিব পৰা মতে, গােৱালপাৰা জিলাৰ দুধনৈৰ সমীপৱৰ্তী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱা সংঘটিত হয় এই দুৰ্ঘটনা। ঘাইপথৰ এখন দলঙৰ ৰেলিঙত খুন্দিয়াই বিধ্বস্ত হৈ পৰে কামৰূপ জিলাৰ পলাশবাৰী আৰক্ষীৰ থানাৰ বলেৰ’ বাহনখন। দুৰ্ঘটনাত পতিত বাহনখনত … Read more

ৰাজ্যত প্ৰবল বৰষুণৰ লগতে ধুমুহা-বজ্ৰপাতৰ আগজাননী, ডাৱৰীয়া হৈ থাকিব মহানগৰীৰ আকাশ

নিউজ ডেস্কঃ অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত প্ৰবল বৰষুণৰ লগতে ধুমুহা-বজ্ৰপাতৰ আগজাননী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। আইএমডিয়ে সম্ভাৱনা ব্যক্ত কৰা মতে, অহা ৪ দিনলৈ সমগ্ৰ অসমৰ লগতে ছিকিম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠায়ে ঠায়ে মধ্যমীয়া আৰু প্ৰবল বৰষুণ হ’ব। এই সময়ছোৱাত প্ৰতিঘণ্টাত ৩০-৪০ কিলোমিটাৰ গতিবেগত ধুমুহা আৰু বজ্ৰপাতৰো সম্ভাৱনা কৰা হৈছে। তদুপৰি ১৫ … Read more

এম্বুলেন্স নাহিল! অৱশেষত এক্সভেটৰত উঠাই পথ দুৰ্ঘটনাত আহত যুৱকক হাস্পতাললৈ লৈ গ’ল ৰাইজে, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ সময়মতে ১০৮ এম্বুলেন্স সেৱা লাভ নকৰাৰ বাবেই এক্সভেটৰেৰে হাস্পতাললৈ লৈ যাবলগীয়া হ’ল দুৰ্ঘটনাগ্ৰস্ত এজন যুৱকক। সামাজিক মাধ্যমত দুৰ্ঘটনাত আহত এজন যুৱকক এক্সভেটৰত উঠাই হাস্পতাললৈ নিয়াৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই ঘটনাৰ স্থান মধ্যপ্ৰদেশৰ কটনী। জানিব পৰা মতে, মঙলবাৰে কটনীত সংঘটিত এক পথ দুৰ্ঘটনাত আহত হৈছিল এজন যুৱক। शिवराज सरकार … Read more

শ্ৰী শ্ৰী মাধৱদেৱ তিথি উপলক্ষ্যে চৰকাৰী বন্ধৰ দিন সলনি

নিউজ ডেস্কঃ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ তিথি উপলক্ষ্যে চৰকাৰী বন্ধৰ দিন সলনি কৰিলে ৰাজ্য চৰকাৰে। ১৪ ছেপ্টেম্বৰৰ ঠাইত ১৫ ছেপ্টেম্বৰত বন্ধ ঘোষণা কৰিছে অসম চৰকাৰে। এক জাননীৰ জৰিয়তে মাধৱেদৱৰ তিথি উপলক্ষ্যে বন্ধৰ দিন সলনি কৰাৰ কথা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৪ ছেপ্টেম্বৰত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছিল।

মৰ্মান্তিক! পথৰ ওপৰত বিচ্ছিন্ন হৈ পৰি থকা বিদ্যুতৰ তাঁৰত লাগি গৃহৰক্ষী জােৱানৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। পুনৰ বিদ্যুৎ বিভাগৰ মৰণফান্দত পৰিল প্ৰাণ গ’ল এজন লােকৰ। এসপ্তাহ পূৰ্বে হাইলাকান্দিত পথৰ ওপৰত বিচ্ছিন্ন হৈ পৰি থকা বিদ্যুতৰ তাঁৰত লাগি শিশুসহ একে পৰিয়ালৰ চাৰিজনৰ মৃত্যুৰ ঘটনাৰ পিছত এইবাৰ চৰাইদেউত সংঘটিত হ’ল অনুৰূপ ঘটনা। সাপেখাতী বৰুৱানগৰ কছাৰীপথাৰত পথৰ ওপৰত পৰি থকা বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ আহি প্ৰাণ গ’ল এগৰাকী গৃহৰক্ষী জােৱানৰ। জানিব পৰা মতে, … Read more

এইবাৰ ভিক্টৰ দাসৰ বাসগৃহত আৰক্ষীৰ অভিযান, জব্দ লেপটপ

নিউজ ডেস্ক। অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত এটা মধ্যভােগী চক্ৰই বিভিন্ন পৰীক্ষাৰ্থীৰ পৰা ধনদাবী কৰা বুলি অভিযােগ তুলি গ্ৰেপ্তাৰ হােৱা ভিক্টৰ দাসৰ ঘৰত এইবাৰ চলিল মহানগৰ আৰক্ষীৰ অভিযান। ভিক্টৰ দাসৰ দদৰা স্থিত বাসগৃহত উপস্থিত হয় পাণ বজাৰ আৰক্ষীৰ এটা অভিযানকাৰী দল। জানিব পৰা মতে, এই অভিযানত আৰক্ষীয়ে এটা লেপটপৰ লগতে বিভিন্ন সামগ্ৰী … Read more