ফুড ডেলিভাৰী বয়ৰ পৰা অল কায়দালৈ! কূটাঘাতৰ পূ্ৰ্বে বাংগালুৰুত গ্ৰেপ্তাৰ অসমৰ আখতাৰ হুছেইন…

নিউজ ডেস্কঃ অসমৰ সংখ্যালঘু অধ্যুষিত চৰাঞ্চলসমূহত বাংলাদেশৰ জেহাদী নেটৱৰ্কৰ সদস্য অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়তে এইবাৰ সুদূৰ বেংগালুৰুত গ্ৰেপ্তাৰ হৈছে অল কায়দাৰে সম্পৰ্ক থকা অসমৰ এগৰাকী যুৱক। কৰ্ণাটকৰ ৰাজধানী বাংগালুৰত ফুড ডেলিভাৰী বয় হিচাপে কৰ্মৰত অসমৰ আখতাৰ হুছেইন নামৰ যুুৱকজনক কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰে সৈতে সম্পৰ্ক থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জানিব পৰা মতে, … Read more

দ্বিতীয় বিবাহ কৰি পিতৃয়ে ত্যাগ কৰিছিল কন্যাক! ৯৯.৪ শতাংশ নম্বৰ লাভ কৰি দশম শ্ৰেণীৰ পৰীক্ষাত উজলিল শ্ৰীজা…

নিউজ ডেস্ক। শেহতীয়াকৈ সামাজিক মাধ‍্যমত ভাইৰেল হৈ পৰিছে পাটনাৰ শ্ৰীজাৰ কাহিনী। আনকি শ্ৰীজাৰ প্ৰেৰণাদায়ক কাহিনীটো বিজেপি সাংসদ বৰুণ গান্ধীয়েও জনপ্ৰিয় মাইক্ৰ ব্লগিং চাইট টুইটাৰ যোগে শ্বেয়াৰ কৰিছে। শ্ৰীজাই শেহতীয়াকৈ ঘোষিত চিবিএছই বৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত লাভ কৰিছে ৯৯.৪ শতাংশ। পৰীক্ষাত লাভ কৰা নম্বৰতকৈও আন এটা কথাৰ বাবেহে চৰ্চা লাভ কৰিছে শ্ৰীজাই। আচলতে সৰুতেই মাকৰ মৃত্যুৰ … Read more

ফেচবুক প্ৰেম, ঠিক হ’ল বিয়াৰ দিন! বিয়াৰ এসপ্তাহ পূৰ্বে জিতুলৰ প্ৰেয়সীয়ে সংঘটিত কৰিলে এই ভয়ংকৰ কাণ্ড…

নিউজ ডেস্কঃ উত্তৰ প্ৰদেশ, বিহাৰত সঘনাই সংঘটিত হােৱা ঘটনা এইবাৰ সংঘটিত হ’ল অসমত। ফেচবুকৰ জৰিয়তে প্ৰথম প্ৰেম আৰু তাৰ পিছতে প্ৰেয়সীৰ সৈতে সামাজিক ব্যৱস্থাৰ মাজেৰে ঠিক হৈছিল গহপুৰৰ ডুবিয়াবৰী গাঁৱৰ জিতুলৰ বিয়াৰ দিন। কিন্তু বিয়াৰ মাজত এসপ্তাহৰাে কম দিন থাকােতে জিতুলৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে ভাৱী পত্নীয়ে। জানিব পৰা মতে, ডেৰ বছৰ পূৰ্বে ফেচবুকৰ … Read more

জটিল অস্ত্ৰােপচাৰ! এগৰাকী ১৩ বছৰীয়া দৰিদ্ৰ পাকিস্তানী কিশােৰীক নতুন জীৱন দিলে ভাৰতীয় চিকিৎসকে…

নিউজ ডেস্ক। সেই সময়ত ছোৱালী জনীৰ বয়স মাত্ৰ ১০ মাহ। ইমান কম বয়সতে ছোৱালীজনীৰ জীৱনলৈ অন্ধকাৰ নমাই আনিলে এটা দুৰ্ঘটনাই। দুৰ্ঘটনাত ছোৱালীজনীৰ ডিঙি ৯০ ডিগ্ৰী বেঁকা হৈ যায়। তাৰ পিছত ১২ বছৰে আফচিন নামৰ এই নাবালিকাজনীয়ে পাৰ কৰিব লগা হ’ল দুৰ্বিসহজীৱন। আফচিন পাকিস্তানৰ সিন্ধু অঞ্চলৰ বাসিন্দা আছিল। ১০ মাহ বয়সতে এক পথ দুৰ্ঘটনাত তেওঁৰ ভগ্নীৰ … Read more

প্ৰশিক্ষণ সময়তে দুৰ্ঘটনাত পতিত ক্ষুদ্ৰ বিমান, কথমপি প্ৰাণৰক্ষা যুৱতী প্ৰশিক্ষাৰ্থীৰ…

নিউজ ডেস্ক। প্ৰশিক্ষণৰ সময়তে দুৰ্ঘটনাত পতিত হ’ল এখন ক্ষুদ্ৰ বিমান। মহাৰাষ্ট্ৰৰ পুনেৰ ইন্দপুৰত সোমবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনা। প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত এগৰাকী ২২ বছৰীয়া যুৱতী প্ৰশিক্ষাৰ্থী পাইলট ভাগ‍্যক্ৰমে প্ৰাণৰক্ষা কৰে। সামান্য ৰূপত আঘাতপ্ৰাপ্ত হৈছে প্ৰশিক্ষাৰ্থী গৰাকী। আঘাতপ্ৰাপ্ত প্ৰশিক্ষাৰ্থী পাইলট গৰাকীক ভৱিকা ৰাথোড় বুলি চিনাক্ত কৰা হৈছে। বিমানখন কাৰ্ভাৰ এভিয়েচনৰ অন্তৰ্গত আছিল। প্ৰশিক্ষণ … Read more

‘আজি মই অতি দুখেৰে জনাওঁ যে…’ হঠাতে সামাজিক মাধ্যমত কাৰ বিৰুদ্ধে সৰৱ অসম গৌৰৱ লাভলীনা?

নিউজ ডেস্ক। অসম গৌৰৱ তথা টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইয়ে জনপ্ৰিয় মাইক্ৰ ব্লগিং চাইট টুইটাৰ যোগে উত্থাপন কৰা এটা অভিযোগে এতিয়া খলকনি লগাইছে সমগ্ৰ দেশৰ ক্ৰীড়া জগতত। বাৰ্মিংহামত অনুষ্ঠিতব‍্য কমনৱেলথ গেমছলৈ মাজত মাত্ৰ ৮ টা দিন বাকী থকা সময়তে লাভলিনাই এটা টুইট যোগে প্ৰশিক্ষণৰ সময়ত মানসিক নিৰ্যাতনৰ বলি হোৱা বুলি অভিযোগ উত্থাপন … Read more

এইবাৰ প্ৰসূতিৰ পৰা উৎকোচ লৈ ৰঙাঘৰৰ আলহী হ’ল এগৰাকী নাৰ্ছ…

নিউজ ডেস্ক। প্ৰসৱৰ বিনিয়মত প্ৰসূতিৰ পৰিয়ালৰ পৰা ধনদাবী। উৎকােচ লৈ ৰঙাঘৰৰ আলহী হ’ল এগৰাকী চৰকাৰী নাৰ্ছ। এই ঘটনাৰ স্থান ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ অধীনস্থ তামাৰহাট ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্ৰ। ঘটনাৰ বিবৰণী মতে, যোৱা ১৩ জুলাইৰ দিনা তামাৰহাট বজাৰৰ নিচেই কাষত থকা তামাচাবাগান গাঁৱৰ ছৰিফা খাতুন নামৰ এগৰাকী প্রসূতি স্বাস্থ্য কেন্দ্ৰটোত ভৰ্তি হয় আৰু তাতে এটি … Read more

দেশৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত ল’লে দ্ৰৌপদী মুৰ্মুৱে, সংসদত গুঞ্জৰিত হ’ল ‘ভাৰত মাতা কী জয়’ ধ্বনি

দেশৰ ৰাষ্ট্ৰপতি পদৰ বিজয়ী প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুয়ে সোমবাৰে ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই তেওঁক শপত গ্ৰহণ কৰোৱায়। দ্ৰৌপদী মুৰ্মু হৈছে দেশৰ সৰ্বোচ্চ নাগৰিকৰ আসনত অধিস্থিত প্ৰথমগৰাকী আদিবাসী লোক । শপত গ্ৰহণৰ পূৰ্বে নতুন ৰাষ্ট্ৰপতি গৰাকীয়ে আজি ৰাতিপুৱা ৰাজঘাটত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দ্ৰৌপদী মুৰ্মুয়ে বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ … Read more

CBSE ৰ দ্বাদশৰ চূড়ান্ত পৰীক্ষাত দেশজুৰি চতুর্থ স্থানত অসমৰ হৰিদ্ৰা

নিউজ ডেস্ক। শুকুৰবাৰে ঘোষিত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত কলা শাখাত দেশৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰি ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছে গোলাঘাট জিলাৰ নুমলীগড় দিল্লী পাব্লিক স্কুলৰ ছাত্ৰী হৰিদ্ৰা বৰাই। কৃতী ছাত্ৰীগৰাকীয়ে কলা শাখাত ৯৯.৪ শতাংশ নম্বৰ লাভেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত চতুর্থ স্থান দখল কৰি গোলাঘাট জিলালৈও গৌৰৱ কঢ়িয়াই আনে। ঘােষিত ফলাফল … Read more

CBSE ৰ দশম শ্ৰেণীৰ ফলাফলত দেশজুৰি দ্বিতীয় স্থানত অসমৰ লােচনা…

নিউজ ডেস্ক। পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ শিক্ষাৰ্থী। শুকুৰবাৰে ঘােষিত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চিবিএছইৰ দশম শ্ৰেণীৰ চূড়ান্ত ফলাফলত দেশৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে অসমৰ বিশ্বনাথ চাৰিআলিৰ লােচনা বাচটােলাই। বিশ্বনাথ চাৰিআলিৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰী লোচনা বাচটোলাই মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে বিশ্বনাথৰ গোপাল … Read more