নিজৰ টেকেলিৰ সাঁচতীয়া ধন ক’ভিড টাস্ক ফ’ৰ্চক দান দিলে শিশুৱে

নিউজ ডেস্ক। দেশৰ অধিকাংশ ৰাজ্যতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ক’ভিড-১৯ ভাইৰাছৰ দ্বিতীয়টাে ঢৌৱে।

পৰিস্থিতি এনে পৰ্যায় পাইছে যে কােনাে কােনাে ৰাজ্যই পৰিস্থিতিৰ মােকাবিলা কৰিবলৈ বিচাৰিছে ৰাইজৰ দান-বৰঙনি।

চৰকাৰৰ এনে আহ্বানৰ পাছতে আগবাঢ়ি গৈছে বহু সচেতন ব্যক্তি তথা দল-সংগঠনাে।

ইয়াৰ মাজতে এটি কণমানি শিশুৱেও চৰকাৰলৈ প্ৰদান কৰিছে আৰ্থিক সহায়। ইয়াৰ বাবে সামাজিক মাধ্যমত প্ৰশংসিত হৈ পৰিছে মিজোৰামৰ এই ১১ বছৰীয়া শিশুটি।

শিশুটিয়ে নিজৰ সাঁচতীয়া টকা দান কৰিলে কভিড-১৯ ৰ বিৰুদ্ধে যুঁজত সহায় হ’বলৈ।

তেওঁ সেই সমস্ত সঞ্চিত টকা জমা দিয়ে স্থানীয় কভিড টাস্ক ফৰ্ছক। ডেনিয়েল ভানলালৰিনামা নামৰ শিশুটিৰ ঘৰ মিজোৰামৰ হোৱালঙহমুত। তেওঁৰ পিতৃ সাইথাংমুইয়া।

শিশুটিয়ে ৮৮৫ টকা জমা দিয়ে স্থানীয় কভিড টাস্ক ফৰ্ছক।

নিজৰ টেকেলীত থোৱা সাঁচতীয়া ধনৰাশি তেওঁ দান কৰে মহৎ উদ্দেশ্যত। তেওঁৰ এই প্ৰয়াসক এতিয়া সকলোৱে কৰিছে উচ্চ প্ৰশংসা।

লগতে চাওকঃ

চিৰিয়াখানাৰ এশিঙীয়া গঁড়ে বজালে কী-ব’র্ড, মূহুৰ্ততে ভাইৰেল হ’ল দৃশ্য

ৰাজ্যত ৫.৮৮ শতাংশলৈ নামিল সংক্ৰমণৰ হাৰ, ৮১ জনৰ ক’ভিড-১৯ত মৃত্যু

Leave a Comment