প্ৰসিদ্ধ বিজ্ঞানী তথা বাঁহৰ বটলৰ উদ্ভাৱক ড° পৱন কে কৌশিকৰ ক’ভিড-১৯ত মৃত্যু

নিউজ ডেস্ক। প্ৰসিদ্ধ বিজ্ঞানী তথা জীৱিকা সম্প্ৰসাৰণ বন গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড° পৱন কে কৌশিক (৫২) ৰ সোমবাৰে আবেলি ত্ৰিপুৰাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ক’ভিডজনিত সমস্যাত মৃত্যু হয়।

ড° কৌশিকৰ ঘৰ আছিল মধ্য প্ৰদেশত। বিগত ১৫ বছৰ ধৰি কৰ্মসূত্ৰে তেওঁ আছে ত্ৰিপুৰাত।

ত্ৰিপুৰাৰ বাঁহ উদ্যোগত তেওঁ আনিছিল এক যুগান্তকাৰী পৰিৱৰ্তন। ত্ৰিপুৰাৰ জনজাতীয় অঞ্চলত বাঁহ শিল্পৰে জীৱিকা সৃষ্টিত তেওঁ আগবঢ়াইছিল অনবদ্য অৱদান।

ড° পৱন কৌশিকে ত্ৰিপুৰাত বাঁহ সমন্ধীয় বহুতো উল্লেখনীয় সামগ্ৰী উদ্ভাৱনেৰে আৰম্ভ কৰিছিল চমক। ২০১৬ চনত তেওঁ উদ্ভাৱন কৰিছিল এক বাঁহৰ পানী বটল। যিটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

এই পানী বটলটোৰ প্ৰতি আনকি আকৰ্ষিত হৈছিল বলিউডৰ মোহময়ী অভিনেত্ৰী ৰবিনা টেণ্ডনো। সেয়েহে বিগত বৰ্ষত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে বাঁহ গছৰ উৎপাদন বৃদ্ধিৰ বাবে সেউজ সংৰক্ষণ পদক্ষেপ হাতত লৈছিল।

উল্লেখ্য যে দুসপ্তাহ পূৰ্বে ড° পৱন কৌশিক মধ্য প্ৰদেশলৈ গৈছিল তেওঁৰ ক’ভিড আক্ৰান্ত পিতৃ-মাতৃৰ খবৰ লবলৈ। তাৰ পৰা ঘূৰি আহিয়েই তেওঁ নিজে আক্ৰান্ত হয় ক’ভিডত।

ক’ভিড আক্ৰান্ত হোৱাৰ পিছতে তেওঁক ভৰ্তি কৰোৱা হৈছিল আগৰতলা চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত।

পৰৱৰ্তী সময়ত তেওঁৰ কভিড নিগেটিভ প্ৰতিবেদন অহাত আহিছিল ঘৰলৈ। কিন্তু তিনিদিন পূৰ্বে তেওঁৰ পুনৰ জ্বৰ আৰু উশাহ লোৱাত কষ্ট হোৱাত ভৰ্তি কৰোৱা হৈছিল আগৰতলাৰ এখন ব্যক্তিগত চিকিৎসালয়ত।

লগতে চাওকঃ

ৰাখে হৰি… নৈৰ সােঁতত উটি যোৱা বয়ােজ্যেষ্ঠ মহিলাক ২০ কিলোমিটাৰ নিলগত জীৱন্তে উদ্ধাৰ

মৰ্মান্তিক! ক’ভিড-১৯ত পিতৃ-মাতৃক হেৰুৱাই দিশহাৰা ৩ কন্যা সন্তান

Leave a Comment