অগপ ত্যাগ কৰি গেৰুৱা বসন পিন্ধিলে পৰমাই, কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ ৰূপেশ

নিউজ ডেস্ক। অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে দলত্যাগ কৰিলে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে।

শনিবাৰে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ত যোগদান কৰে ৰাজবংশীয়ে।

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক যােগদান কাৰ্যসূচীত দলটােৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, লোকসভাৰ সাংসদ পল্লৱ লোচন দাস আৰু অন্যান্য শীৰ্ষ নেতাসকলৰ উপস্থিতিত ৰাজবংশীয়ে বিজেপিত যোগদান কৰে।

উল্লেখ্য, ২০২০ চনৰ নৱেম্বৰত অগপ দলত যোগদান কৰিছিল অসম অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকী।

ছিপাঝাৰ সমষ্টিৰ পৰা অগপ দলৰ হৈ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি পূৰ্বতে ঘােষণা কৰিছিল ৰাজবংশীয়ে। কিন্তু শেহতীয়াভাৱে অগপৰ সলনি বিজেপিৰ দলৰ পৰা টিকট লাভৰ আশাৰে গেৰুৱা বসন পিন্ধিলে নেতাগৰাকীয়ে।

ৰাজবংশীয়ে কয়, “মই অগপ আৰু বিজেপি নেতৃত্বৰ সন্মতিত এই সিদ্ধান্ত গ্ৰহণ কৰিছােঁ।”

ইফালে, অসম চাহ মজদুৰ সংঘ (এচিএমএছ)ৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালাই একেটা অনুষ্ঠানত গেৰুৱা দলত যোগদান কৰে।

লগতে চাওকঃ

পদপথত চানাচুৰ বিক্ৰী কৰিছে ৯৮ বছৰীয়া বৃদ্ধই! সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

কামৰূপ জিলা প্ৰশাসনৰ ‘ব্ৰেণ্ড এম্বাছেডৰ’ ‘ৰাকু দা’! চাওক সজাগতা মূলক ভিডিঅ’-ফটাে

খােলা আছিল ৰে’ল গেট! ৰে’লপথ অতিক্ৰম কৰিব লওঁতে যাত্ৰীবাহী ৰে’লৰ সৈতে এছকেভেটাৰৰ ভয়ংকৰ সংঘৰ্ষ

SI ৰ পাছত এইবাৰ DSP! ১ লাখ টকা ‘উৎকােচ’ লৈ আৰক্ষীৰ জালত পৰিল ভুৱা আৰক্ষী বিষয়া

Leave a Comment