অমানৱীয়! নলা পৰিষ্কাৰ নকৰাৰ বাবেই ঠিকাদাৰক পথত বহুৱাই এই শাস্তি দিলে এজন বিধায়কে…

অমানৱীয়! নলা পৰিষ্কাৰ নকৰাৰ বাবেই ঠিকাদাৰক পথত বহুৱাই এই শাস্তি দিলে এজন বিধায়কে…

June 13, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এজন বিধায়কৰ এক আচৰিত কাণ্ড।

ভালদৰে কাম নকৰা পৌৰ নিগমৰ ঠিকাদাৰৰ ওপৰত খং উঠাত ঠিকাদাৰৰ ওপৰত প্ৰকাশ কৰিলে তীব্ৰ খং।

চহৰৰ পথত নলাৰ পানী জমা হোৱাৰ বাবেই ঠিকাদাৰক দিলে এশিকনি।

পথৰ মাজত লেতেৰা পানীত ঠিকাদাৰক বহুৱালে বিধায়কে আৰু পৌৰ নিগমৰ কৰ্মচাৰীক ঠিকাদাৰৰ গাত পেলাবলৈ দিলে জাৱৰ।

সেই দৃশ্য শনিবাৰৰ মুম্বাইৰ চান্দিভালী এলেকাৰ।

নিয়মিত নলা চাফা নকৰা ঠিকাদাৰক তেনে শাস্তি বিহা বিধায়কজন হল শিৱসেনা বিধায়ক দিলীপ লান্দে।

এই দৃশ্য এতিয়া সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল। দৃশ্যটো দেখি বহুতে প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

এই সন্দৰ্ভত বিধায়কজনে কয় যে- “সঞ্জয় নগৰ আৰু সুৰজ বৌগ এলাকাৰ লোকসকলে পেলোৱা জাৱৰ নলাৰ পৰা পানীত ওলাই আহিছে। জনসাধাৰণে মোক নিৰ্বাচিত কৰিছে তেওঁলোকক সেৱা কৰিবৰ বাবে। মোৰ দায়িত্ব অনুসৰি মই আৰু শিৱসেনাই এই নলা সমূহ চাফা কৰাৰ কাম কৰি আছো। কিন্তু এই নলা পৰিষ্কাৰ কৰাৰ দায়িত্ব আছিল এই ঠিকাদাৰ জনৰ। যিয়ে এই কাম ভালদৰে কৰা নাই। ঠিকাদাৰ জনে ভালদৰে কাম নকৰাৰ বাবেই মই এই কাম কৰিছো।”

উল্লেখ্য যে বিধায়কজনৰ এই কাৰ্যক লৈ বিৰোধীয়ে প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া।

বিজেপিয়ে এই কাৰ্যৰ বিৰোধিতাৰে কৰিছে প্ৰতিবাদ।

বিজেপি বিধায়ক ৰাম কদমে কয় যে, পৌৰ সভা পৰ্যায়লৈকে ৰাজ্যত আছে শিৱসেনাৰ চৰকাৰ। এই কাম তেওঁলোকে ভালদৰে কৰিব পৰা নাই। সেয়েহে এই জাৱৰ ঠিকাদাৰৰ গাত পেলোৱাৰ পৰিৱৰ্তে বিধায়ক জনৰ গাতহে পেলাব লাগে।

লগতে চাওকঃ

১ লাখতকৈ অধিক আয় কৰা লোকক ৰেছন কাৰ্ড এৰিবলৈ আহ্বান যােগানমন্ত্ৰীৰ