অৰ্ধনগ্ন হৈ যুৱকক প্ৰহাৰ DSPৰ, ভাইৰেল ভিডিঅ’ই তুলিছে খলকনি

নিউজ ডেস্ক। বিলাসী বাহনৰ ওপৰত কিয় পৰিব ধূলি? এই কথাতেই খৰ্গহস্ত হৈ এগৰাকী ডিএছপিয়ে অৰ্ধনগ্ন অৱস্থাতে চুবুৰীয়াৰ সৈতে আৰম্ভ কৰিলে খণ্ডযুদ্ধ।

চিচি কেমেৰাত বন্দী এই দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু নেটিজেন সকলক বেছ আমোদ দিছে।

দৰাচলতে এই ঘটনা মধ্যপ্ৰদেশৰ ইন্দোৰৰ। ইন্দোৰৰ কানাদিয়া আৰক্ষী থানাৰ অন্তৰ্গত লক্ষ্য বিহাৰ কলনীত ঘৰ উজ্জয়িনী লোকায়ুক্তৰ ডিএছপি বেদান্ত শৰ্মাৰ।

vlcsnap-2021-12-29-21h40m59s989

আনহাতে ডিএছপি বেদান্ত শৰ্মাৰ ঘৰৰ কাষতেই ঘৰ সন্দ্বীপ ভিজৰ। সন্দ্বীপ কৰ্মসূত্ৰে গুজৰাটত থাকে যদিও তেওঁৰ ঘৰৰ নির্মাণকাৰ্য চলি আছিল।

ঘৰৰ নিৰ্মানকাৰ্য চলি থকাত ধূলি চিটিকি আহি ডিএছপি বেদান্ত শৰ্মাৰ বিলাসী BMWৰ ওপৰত পৰে। যাৰ পিছত তেওঁ শ্ৰমিক সকলক এই বিষয়ে অৱগত কৰে। কিন্তু পৰিস্থিতি কিছু কঠিন হৈ পৰাত সেয়া সমাধানৰ বাবে সন্দ্বীপ ভিজ গুজৰাটৰ পৰা আহি নিজ বাসগৃহত উপস্থিত হয়।

vlcsnap-2021-12-29-21h41m08s941

কিন্তু পৰিস্থিতি সমাধান হোৱাৰ পৰিৱৰ্তে ডিএছপি শৰ্মা আৰু সন্দ্বীপ ভিজৰ মাজত তৰ্কৰ সূত্ৰপাত ঘটে। যি লাহে লাহে কাজিয়াৰ ৰূপ লয়।

এই কাজিয়াৰ মাজতে ডিএছপি বেদান্ত শৰ্মাই যুৱকজনক প্ৰহাৰ কৰে। প্ৰহাৰ কৰাৰ সময়ত তেওঁ ইমানেই উত্তেজিত হৈ পৰে যে তেওঁৰ পিন্ধি থকা লুঙীখন খুলি পৰাৰ পিছতো তেওঁ থমকি নৰয়। সেই সময়ত তেওঁ কেৱল এটা আণ্ডাৰৱেৰ পিন্ধি থকা দেখা যায়।

ইফালে এই দৃশ্য চিচিটিভিত বন্দী হৈ পৰে। যাৰ পিছত এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ডিএছপিৰ দৰে সন্মানীয় পদত অধিষ্ঠিত হৈও এজন সাধাৰণ চুবুৰীয়াৰ দৰেই কাজিয়াত লিপ্ত হোৱাৰ ভিডিঅ’ই নেটিজেনৰ মাজত খলকনিৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, দুয়োপক্ষই ঘটনা সন্দৰ্ভত কানাডিয়া আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰিছে। অৱশ্যে, আৰক্ষীয়ে গোচৰটোত কোনো এজাহাৰ পঞ্জীয়ন কৰা নাই।

লগতে চাওকঃ

বৰষুণৰ বতৰত মুকলি ঠাইত ম’বাইল ফােন ব্যৱহাৰ কৰাৰ ভয়ংকৰ পৰিণতি! CCTV কেমেৰাত বন্দী দৃশ্য

Leave a Comment