অৱশেষত আহিল বৰষুণ! আনন্দতে নাচি উঠিল এগৰাকী মহিলা বন বিষয়া, Video ভাইৰেল

নিউজ ডেস্ক। তেনে দৃশ্য সাধাৰণতে বলিউদৰ ছবিতহে দেখা যায়। বাস্তৱত তেনেদৰে বৰষুণ আহিলে সম্ভৱত কাকো দেখা নাযায়।

ঠিক বলিউদৰ দৰেই এক দৃশ্য দেখা হ’ল উৰিষ্যাৰ শিমলিপালৰ এখন বনাঞ্চলত।

বৃষ্টিৰ আগমনত আত্মহাৰা হৈ চিঞৰি নাচি উঠিল এগৰাকী মহিলা বন বিষয়া। তেনে এক দৃশ্যই এতিয়া মন জিনিছে সকলোৰে।

জানিব পৰা মতে, কিছুদিনৰ পৰা বনাঞ্চলখনৰ গছ, বন শুকাই গৈছিল। জ্বলি গৈছিল কিছু অংশ। বন বিভাগে বহুতো পদক্ষেপ লৈছিল যদিও কিন্তু ৰাখিব পৰা নাছিল সেই জুই। যাৰ ফলত বন্যপ্ৰাণী সমূহো সন্মুখীন হৈছিল সমস্যাৰ। সৃষ্টি হৈছিল এক আতংকৰ। কেৱল প্ৰকৃতিয়েহে ৰোধিব পাৰিব এই আতংকময় পৰিৱেশ। শেষ ভৰসা আছিল বৰষুণ। কিন্তু বৰষুণৰ কোনো সম্ভাৱনাই নাছিল।

বনাঞ্চলখন যেন গতি কৰিছিল ধ্বংসলৈ। এই পৰিস্থিতি দেখি সকলোৱে কান্দোনত ভাগি পৰিছিল। কিন্তু সিমানতে যেন চকু মেলি চালে প্ৰকৃতিয়ে। নামি আহিল বৃষ্টি। সেই বৃষ্টিতেই নুমাবলৈ আৰম্ভ কৰিলে দাৱানল আৰু সেই সময়তে বনাঞ্চলখনত কৰ্তব্যত আছিল স্নেহা ঢাল নামৰ এগৰাকী মহিলা বন বিষয়া। বৰষুণ অহা দেখি আনন্দত আত্মহাৰা হৈ চিঞৰি চিঞৰি নাচি দিলে বিষয়া গৰাকীয়ে।

আনন্দতে নাচি নাচি দুহাত মেলি বিষয়া গৰাকীয়ে কৈছে- “আৰু দিয়া বৰষুণ, মই সঁচাকৈ বহুত সুখী….।” ২৩ ছেকেণ্ডৰ ভিডিঅ’টোত দেখা অনুসৰি প্ৰকৃতিক ৰক্ষা কৰিবলৈ পায় আনন্দত কব নোৱাৰা হৈছে বিষয়া গৰাকী।
এই ভিডিঅ’টো টুইটাৰত বৰ্তমান ভাইৰেল হৈ পৰিছে। সকলোৱে মহিলা বন বিষয়া গৰাকীৰ আনন্দক প্ৰশংসা কৰিছে।

Leave a Comment