অৱসৰলৈ মাজত আৰু ৪ দিন বাকী থকা অৱস্থাত উৎকোচ লৈ গ্ৰেপ্তাৰ শিক্ষা বিষয়া, ১৫ আগষ্টত নিষ্ঠা আৰু সততাৰ বাবে কৰা হৈছিল সন্মানিত

নিউজ ডেস্কঃ অৱসৰলৈ আৰু মাজত মাত্ৰ আছিল ৪টা দিন।

সুদীৰ্ঘ কাল নিষ্ঠা আৰু সততাৰে কাম কৰি ৰাজ্য চৰকাৰৰ পৰা শেহতীয়াকৈ সন্মানো জনোৱা হৈছিল তেওঁক। কিন্তু এগৰাকী নিষ্ঠাবান শিক্ষা বিষয়া হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰিব নোৱাৰিলে।

অৱসৰ গ্ৰহণলৈ মাজত আৰু মাত্ৰ ৪টা দিন বাকী থকা অৱস্থাত ঘোচ লোৱাৰ সময়ত হাতে-লোটে গ্ৰেপ্তাৰ কৰা হ’ল শিক্ষা বিষয়াগৰাকীক।

এনে এক চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে ৰাজস্থানৰ বাৰমেৰ জিলাত।

জানিব পৰা মতে, বাৰমেৰ জিলাৰ শিক্ষা বিষয়া (ডিইঅ’) কেসৰ দান ৰত্নুক ৫০ হাজাৰ টকাৰ উৎকোচ লোৱাৰ সময়তে হাতে-লোটে কৰায়ত্ত কৰে আৰক্ষীয়ে।

যোৱা ১৫ আগষ্টত নিষ্ঠা আৰু সততাৰে দায়িত্ব সম্পাদন কৰাৰ বাবে ৰাজস্থান চৰকাৰৰ তৰফৰ পৰা সন্মানিত কৰা হৈছিল এইগৰাকী শিক্ষা বিষয়াক।

অভিযোগ অনুসৰি, এখন বিদ্যালয়ৰ নিলম্বিত এজন শিক্ষক বাবুলালে জয়চালমেৰৰ এবিচিৰ ওচৰত অভিযোগ কৰিছিল যে, তেওঁৰ নিলম্বনৰ সময়ছোৱাত দৰমহা আৰু বিভাগীয় তদন্তৰ সময়ত সহায়ৰ নামত শিক্ষা বিষয়া কেসৰ দান ৰত্নুৱে ২ লাখ টকাৰ উৎকোচ দাবী কৰিছিল।

যোৱা ২৪ আগষ্টত দাখিল কৰা এই অভিযোগৰ তদন্তৰ সময়তে ৫০ হাজাৰ টকাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰে ডিইঅ’ কেসৰ দান ৰত্নু।

বাৰমেৰ জিলাৰ চৌহাটান চহৰৰ এখন ষ্টেচনৰী দোকানত দালাল জীৱন্দন আশু সিঙে শিক্ষা বিষয়াগৰাকীক ৫০,০০০ টকাৰ উৎকোচ দি থকাৰ অৱস্থাতে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

প্ৰণিধানযোগ্য যে, যোৱা ১৫ আগষ্টত কেসৰ দান ৰত্নুক প্ৰাথমিক শিক্ষাৰ দ্বাৰা পৰিচালিত বিভিন্ন আঁচনিত উৎকৃষ্ট কাম কৰাৰ বাবে সন্মানিত কৰিছিল কেবিনেট মন্ত্ৰী হেমাৰাম চৌধুৰী আৰু জিলা সংগ্ৰাহক তথা আৰক্ষী অধীক্ষকে।

৩১ আগষ্টত অৱসৰ গ্ৰহণ কৰিবলগীয়া জিলা শিক্ষা বিষয়াগৰাকীৰ অৱসৰলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী থকা সময়ত এনেদৰে ঘোচ লোৱাৰ অভিযোগত হাতে-লোটে গ্ৰেপ্তাৰ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

লগতে চাওকঃ

উৎকোচ কাণ্ড! এইবাৰ আৰক্ষীৰ জালত ঘোচখোৰ লাট মণ্ডল ৰঞ্জন গোস্বামী…

মৃত্যুৱেই শেষ নহয়! অংগ দানেৰে আন শিশুৰ মাজত জীয়াই থাকিব ১৬ মহীয়া ঋষান্ত…