আগ্নেয়গিৰিৰ পৰা লাভা নিৰ্গত হোৱাৰ অপূৰ্ব দৃশ্য বন্দী ড্ৰােন কেমেৰাত! ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। এটা সক্ৰিয় আগ্নেয়গিৰিৰ পৰা লাভা নিৰ্গত হােৱাৰ দৃশ্য শেহতীয়াকৈ সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল।

আইছলেণ্ডৰ ফাগৰাদালচজল পৰ্বতত আগ্নেয়গিৰিৰ পৰা নিৰ্গত হোৱা লাভাৰ দৃশ্য সামাজিক মাধ্যমত হৈছে ভাইৰেল।

আইছলেণ্ডৰ ৰাজধানী চহৰ ৰেকজাভিকৰ পৰা ৪০ কিমি দূৰত্বত অৱস্থিত সেই পৰ্বতত নিৰ্গত হৈছে এই লাভা। যিটো দৃশ্য যোৱা ১৯ মাৰ্চত দ্র’ন কেমেৰাত বন্দী কৰে জন ষ্টেইনবেকে।

জানিব পৰা মতে, যোৱা চাৰি সপ্তাহত সেই অঞ্চলত ৪০,০০০ ৰো অধিক ভূমিকম্পৰ জোঁকাৰনিৰ ঘটনা সংঘটিত হোৱাৰ বাবে এনেদৰে লাভা নিৰ্গত হয়।

৩০ ছেকেণ্ডৰ দৃশ্যটোত দেখা অনুসৰি আগ্নেয়গিৰি পৰা এখন নদীৰ দৰে ৰঙা লাভা বৈ আহিছে। যিটো দৃশ্য এতিয়া সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে। সকলোৱে বিভিন্ন মন্তব্য প্ৰদান কৰি শ্বেয়াৰ কৰিছে ভিডিঅ’টো।

লগতে চাওকঃ

অৰুণাচল প্ৰদেশৰ ভূটান সীমান্তত কৰ্তব্যৰত SSB জোৱানৰ মৃত্যু, ১১ বছৰীয়া পুত্ৰৰ মুখাগ্নি

হঠাতে ‘মামা’ৰ কাষত উপস্থিত ডিম্পু বৰুৱা! ল’লে ‘অৰাজনৈতিক’ সাক্ষাৎকাৰ

হেলিকপ্টাৰৰ যান্ত্রিক বিজুতি! ফোনযোগে নিৰ্বাচনী সভাত ভাষণ ৰাখি দুখ প্ৰকাশ আজমলৰ

আজব ঘটনা! প্ৰকৃত গৰাকীক চিনাক্ত কৰিবলৈ সম্পন্ন হ’ল পােহনীয়া কুকুৰৰ DNA পৰীক্ষা

Leave a Comment