আবেগিক মুহূৰ্ত! শ্বহীদ জােৱানৰ ভগ্নীৰ বিয়াত ভাতৃৰ সমস্ত দায়িত্ব পালন সতীৰ্থ জোৱানৰ

আবেগিক মুহূৰ্ত! শ্বহীদ জােৱানৰ ভগ্নীৰ বিয়াত ভাতৃৰ সমস্ত দায়িত্ব পালন সতীৰ্থ জোৱানৰ

December 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। শ্বহীদ সতীৰ্থৰ জােৱানৰ ভগ্নীৰ বিয়াত ভাতৃৰ দায়িত্ব পালন কৰিলে কেইবাজনো চিআৰপিএফ জোৱানে।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ই এতিয়া আবেগিক কৰি তুলিছে সকলোকে।

দৰাচলতে উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ চিআৰপিএফ জোৱান শৈলেন্দ্ৰ প্ৰতাপ সিং ২০২০ চনৰ অক্টোবৰত কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হৈছিল।

268559264-5136720643022903-8950080831164483996-n

এইগৰাকী শ্বহীদ জোৱানৰে ভগ্নী জ্যোতিৰ বিবাহ সম্পন্ন হয় ২০২১ চনৰ ১৩ ডিচেম্বৰত।

ৰায়বৰেলীত অনুষ্ঠিত এই বিবাহ অনুষ্ঠানত উপস্থিত থাকে শ্বহীদ শৈলেন্দ্ৰ প্ৰতাপ সিঙৰ কেইবাগৰাকীও সতীৰ্থ জোৱান।

সেনাৰ পোছাক পৰিধান কৰি থকা জোৱান সকলে কইনা জ্যোতিক ভাতৃৰ অভাৱ অনুভৱ হবলৈ নিদিয়াকৈ এগৰাকী ভাতৃয়ে কৰিবলগা সকলো ৰীতি-নীতি আৰু দায়িত্ব পালন কৰে।

জোৱান সকলৰ এনে এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে ভাৰতীয় সেনা জোৱানসকলৰ দেশ আৰু পৰিয়ালৰ প্ৰতি থকা দায়িত্ববোধে সকলোকে ভাবুক কৰি তুলিছে।

267491280-3139196799690478-2204253195796451385-n

শৈলেন্দ্ৰ প্ৰতাপ সিঙৰ পিতৃয়ে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত নিজৰ আবেগ ব্যক্ত কৰি কয়, “মোৰ পুত্ৰ আজি এই পৃথিৱীত নাই! কিন্তু এতিয়া আমি চিআৰপিএফ জোৱানৰ ৰূপত বহু পুত্ৰ লাভ কৰিছোঁ, যিসকলে আমাৰ সুখ আৰু দুখৰ প্ৰতিটো মুহূৰ্তত আমাৰ কাষত থিয় দিয়ে।”

লগতে চাওকঃ

হেলিকপ্টাৰ দুৰ্ঘটনাত একমাত্ৰ জীৱিত গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ মৃত্যু, ভাইৰেল তেখেতে লিখা এখন প্ৰত্ৰ