এইবাৰ আৰক্ষী বিভাগত নিযুক্তি তৃতীয় লিংগৰ লোক! একেলগে চাকৰি লাভ কৰিলে ১৩ জনে

নিউজ ডেস্ক। দেশত প্ৰথমবাৰৰ বাবে ছত্তীশগড়ত কনিষ্টবল পদত একেলগে নিযুক্তি দিয়া হ’ল ১৩ জন তৃতীয় লিংগৰ ব্যক্তিক।

সোমবাৰে ৰাজ্যখনত ২০১৯-২০ বৰ্ষৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল প্ৰকাশ পোৱাৰ পিছতেই এই কথা জানিবলৈ দিয়ে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই।

জানিব পৰা মতে ১৩ জনক ৪ খন জিলাত নিযুক্তি দিয়া হৈছে।

ছত্তীশগড়ৰ আৰক্ষী সঞ্চালক প্ৰধান ডি এম আৱাস্থিয়ে এই সন্দৰ্ভত কয় যে, ‘এই পৰীক্ষাত উত্তীৰ্ণ সকলোকে মই অভিনন্দন জনাওঁ। আমি বিশেষকৈ তৃতীয় লিংগৰ লোককো এই পৰীক্ষাত বহাৰ সুযোগ দিছিলো। তেওঁলোকৰ ১৩ জনে নিযুক্তি লাভ কৰিছে। কেউগৰাকীকে মই ব্যক্তিগত ভাৱে শুভেচ্ছা জনাইছো।’

উল্লেখ্য যে, ইয়াৰ আগলৈকে দেশত মাত্ৰ দুগৰাকী তৃতীয় লিংগৰ আৰক্ষী আছিল। এগৰাকী তামিলনাডু আৰু আনগৰাকী ৰাজস্থানৰ। বৰ্তমান বিহাৰ চৰকাৰেও এই সন্দৰ্ভত চিন্তা কৰিছে।

এই নিযুক্তি লাভ কৰি আটাইকেইগৰাকী তৃতীয় লিংগৰ নিযুক্তি প্ৰাপকে সন্তুষ্টি প্ৰকাশ কৰিছে। এই নিযুক্তি লাভ কৰি তেওঁলোকে নিজকে সুখী বুলি জনোৱাৰ লগতে ই তেওঁলোকৰ জীৱন সলাই দিলে বুলি জানিবলৈ দিয়ে। তেওঁলোকে এই সফলতা লাভৰ বাবে দিনে-নিশাই পৰিশ্ৰম কৰাৰ কথাও উল্লেখ কৰে।

উল্লেখনীয় যে ২০১৪ চনত দেশৰ উচ্চতম ন্যায়ালয়ে তৃতীয় লিংগৰ ব্যক্তিক নিযুক্তি প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিছিল। এইয়া তেওঁলোকৰ মৌলিক অধিকাৰ বুলি উল্লেখ কৰিছিল। সেই নিৰ্দেশৰ ভিত্তিতেই ২০১৭ চনত ছত্তীশগড় চৰকাৰে তৃতীয় লিংগৰ ব্যক্তিকো নিযুক্তিৰ সিদ্ধান্ত লৈছিল।

ছত্তীশগড় চৰকাৰৰ এই কাৰ্যক প্ৰশংসা কৰি ধন্যবাদ জনাইছে ছত্তীশগড়ৰ কিন্নৰ সমাজে।

লগতে চাওকঃ

প্ৰধানমন্ত্ৰীক ‘হনুমান’ আৰু ক’ভিড প্ৰতিষেধকক ‘সঞ্জীৱনী’ৰ সৈতে তুলনা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ!

পুনৰ চৰ্চাত ‘লাডেন’! এই বিশেষ কাৰণত চৰ্চালৈ আহিছে ওচামা বিন লাডেনৰ পুত্ৰ…

Ele-Pant! হাতীয়ে পিন্ধিলে পেণ্ট-ছাৰ্ট! উদ্যােগপতি আনন্দ মহিন্দ্ৰাৰ টুইট ভাইৰেল

কামৰূপ জিলা প্ৰশাসনৰ ‘ব্ৰেণ্ড এম্বাছেডৰ’ ‘ৰাকু দা’! চাওক সজাগতা মূলক ভিডিঅ’-ফটাে

Leave a Comment