একেলগে নিৰুদ্দেশ দুই স্কুলীয়া ছাত্ৰী, আৰক্ষীৰ তদন্তত পােহৰলৈ আহিল এই চাঞ্চল্যকৰ কথা…

একেলগে নিৰুদ্দেশ দুই স্কুলীয়া ছাত্ৰী, আৰক্ষীৰ তদন্তত পােহৰলৈ আহিল এই চাঞ্চল্যকৰ কথা…

August 19, 2022 Off By NEWS DESK

নিউজ ডেস্ক। ৰহস্যজনকভাৱে একেলগে সন্ধানহীন হ’ল দুই স্কুলীয়া ছাত্ৰী।

এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিলে নগাঁও জিলাৰ ৰূপহীত।

সন্ধানহীন হােৱা ছাত্ৰী দুগৰাকী হৈছে ৰূপহীৰ ছাইদৰীয়া গাঁৱৰ জেৰিন তাচনিম আৰু জান্নাতুল ফেৰদৌছি।

ৰূপহীহাটৰ ছাইদৰীয়াৰ জেৰিন তাচনিম আৰু জান্নাতুল ফেৰদৌছি নামৰ ছাত্ৰী দুগৰাকী বৃহস্পতিবাৰে বিদ্যালয়লৈ যোৱাৰ পিছৰে পৰাই সন্ধানহীন হৈ আছে।

নিৰ্দিষ্ট সময়ত বিদ্যালয়ৰ পৰা ছাত্ৰী দুগৰাকী ঘৰলৈ উভতি নহাত অভিভাৱকে স্কুল কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰে।

ছাত্ৰী দুগৰাকী বিদ্যালয়তো নথকাত লগে লগে হাহাকাৰৰ সৃষ্টি হয় দুই পৰিয়ালৰ মাজত।

ছাত্ৰী জুগৰাকী নিৰুদ্দিষ্ট হোৱাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে ইতিমধ্যে ৰূপহী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

ইপিনে, আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে এই বিষয়া তদন্ত আৰম্ভ কৰি ছাত্ৰী দুগৰাকীৰ সন্ধান লাভ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ছাত্ৰী দুগৰাকীক পশ্চিম বংগৰ নিউ জলপাইগুড়ি ৰে’ল ষ্টেচনত উদ্ধাৰ কৰা হৈছে।

তদন্তকাৰী বিষয়াই সাংবাদিকৰ আগত কয় যে ছাত্ৰী দুগৰাকী ইনষ্টাগ্ৰামৰ বন্ধুৰ জৰিয়তে ‘ৰ’কষ্টাৰ’ (Rock Star) হােৱাৰ উদ্দেশ্যে স্ব-ইচ্ছাই ঘৰৰ পৰা পলায়ন কৰে। কিন্তু সৌভাগ্যবশতঃ দুষ্টচক্ৰৰ কবলত পৰাৰ পূৰ্বেই উদ্ধাৰ হয়।

লগতে চাওকঃ

বিয়াৰ ৩ মাহ পিছতে মধুচন্দ্ৰিকা যাপনৰ বাবে গৈ ঘৰলৈ ঘূৰি নাহিল ৰোহিত-মানসী! যাত্ৰা পথতে ঘটিল এই অঘটন…