এসময়ৰ বহুচৰ্চিত IAS দম্পতীৰ বিবাহ বিচ্ছেদত অনুমােদন আদালতৰ

নিউজ ডেস্ক। এইবাৰ দুই প্ৰশাসনিক বিষয়া অৰ্থাৎ বিষয়া দম্পতীৰ বিবাহ বিচ্ছেদ।

আইএএছ টিনা ডাবি আৰু আইএএছ আথাৰ আমিৰৰ বিবাহ বিচ্ছেদত অনুমোদন আদালতৰ।

দুয়োজনে ২০১৫ চনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। টিনা ডাবি সেইবাৰ শীৰ্ষস্থানত আছিল আৰু আথাৰ দ্বিতীয় স্থানত আছিল।

মংগলবাৰে দুয়োৰে বিবাহ বিচ্ছেদত অনুমোদন জনায় আদালতে। যেতিয়া পাৰিবাৰিক আদালতে বিবাহ বিচ্ছেদৰ ওপৰত ৰায় দিছিল তেতিয়া দুয়ো উপস্থিত আছিল।

দুয়োজনে পাৰস্পৰিক সন্মতিৰ দ্বাৰা বিবাহ বিচ্ছেদ কৰে।

জানিব পৰা মতে, দুয়োজনে ২০১৮ চনৰ মাৰ্চত বিবাহ পাশত আৱদ্ধ হৈছিল। দুজন আইএএছ বিষয়াৰ বিয়া সেই সময়ত সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছিল।

মুচৌৰীত আইএএছ প্ৰশিক্ষণৰ সময়ত টিনা আৰু আথাৰৰ ঘনিষ্ঠতা বৃদ্ধি পাইছিল। তেওঁলোকে তেতিয়াই বিয়া কৰাৰ সিদ্ধান্ত লৈছিল। দুয়োজন ৰাজস্থান কেডাৰৰ বিষয়া আছিল।

টিনাই বৰ্তমান জয়পুৰত ৰাজস্থান চৰকাৰৰ বিত্ত বিভাগৰ যুটীয়া সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। আনহাতে আথাৰ আমিৰে তেওঁৰ গৃহ ৰাজ্য জম্মু আৰু কাশ্মীৰত ডেপুটেশনত সেৱা আগবঢ়াই আছে।

উল্লেখ্য যে টিনা ডাবিয়ে বিয়াৰ পিছত তেওঁৰ উপাধি খান হিচাপে ব্যৱহাৰ কৰিছিল। কিন্তু বিবাহ বিচ্ছেদৰ আৱেদনৰ অলপ আগতে তেওঁ তেওঁৰ সামাজিক মাধ্যমৰ একাউণ্টত খান উপাধি তেওঁৰ নামৰ পৰা আঁতৰাই দিছিল। আথাৰে টিনাক ইনষ্টাগ্ৰামত আনফল’ কৰিছিল।

টিনাৰ দেউতাক যশৱন্ত ডাবি আৰু মাতৃ হিমানী একো একোজন অভিযন্তা। টিনা ডাবিৰ পৰিয়াল জয়পুৰৰ যদিও তেওঁৰ জন্ম ভূপালত হৈছিল। যেতিয়া তেওঁ সপ্তম শ্ৰেণীত পঢ়ি আছিল তেতিয়া তেওঁলোকৰ গোটেই পৰিয়ালটো দিল্লীলৈ স্থানান্তৰিত হৈছিল।

Leave a Comment