নিউজ ডেস্কঃ ২০২৩ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন ঘোষণা।
২০২৩ চনৰ ৩ মাৰ্চৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা।
২০ মাৰ্চলৈকে অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা।
বৃহস্পতিবাৰে আগন্তুক বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ তাৰিখ ঘোষণা কৰে ছেবাই।
এইবাৰ ৪টা বিষয়ত থাকিব ৫০টাকৈ ১ নম্বৰৰ প্ৰশ্ন।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/12/image-16.png?resize=572%2C820&ssl=1)
গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানত থাকিব অবজেক্টিভ প্ৰশ্ন।
নতুন শিক্ষা নীতিৰে অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা।
৯১২টা কেন্দ্ৰত হ’ব পৰীক্ষা।
এই কথা ঘোষণা কৰিলে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে।