চাঞ্চল্যকৰ! থানাৰ ভিতৰতে মূৰত গুলীয়াই নিজৰ জীৱন শেষ কৰিলে এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকে

নিউজ ডেস্ক। এক চাঞ্চল্যকৰ ঘটনা!

আৰক্ষী থানাৰ ভিতৰতে কৰ্তব্যৰত অৱস্থাত ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে এগৰাকী অসম আৰক্ষীৰ উপ-পৰিদৰ্শকে।

নিজৰ চাৰ্ভিছ পিষ্টলেৰে মূৰত গুলীয়াই জীৱন নিঃশেষ কৰিলে আৰক্ষী বিষয়াগৰাকীয়ে।

এই শােকাৱহ ঘটনা সংঘটিত হ’ল তিনিচুকীয়াত।

সােমবাৰে তিনিচুকীয়া সদৰ থানাৰ ভিতৰতে এই ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ যান-বাহন শাখাৰ চহৰ পৰিদৰ্শক হিচাপে কৰ্তব্যৰত আছিল দীনকান্ত সোনোৱাল।

মৃত্যুৰ সময়ত তেওঁ বয়স হৈছিল ৫৪ বছৰ।

জানিব পৰা অনুসৰি থানাখনৰ ওপৰ মহলাত থকা যান-বাহন শাখাৰ এটা কোঠাত সেই সময়ত নিজৰ কৰ্তব্য কৰি আছিল আৰু আন কোঠাত বাকীসকলে নিজ নিজ কর্তব্যত আছিল।

দিনৰ ৩-৩০ বজামানত সদৰ আৰক্ষী থানাৰ যানবাহন আৰক্ষীৰ কোঠাতে নিজৰ চাৰ্ভিছ ৰিভলভাৰে মূৰত গুলীয়াই মৃত্যুক সাৱটি লয় বিষয়াগৰাকীয়ে।

ঘটনান সময়ত থানাখনত উপস্থিত থকা তিনিচুকীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁই দৌৰি ওপৰ মহলাত প্ৰৱেশ কৰি যান-বাহন শাখাৰ সহকাৰী উপ-পৰিদৰ্শক সোণোৱাল ছটফটাই থকা প্রত্যক্ষ কৰে।

ততাতৈয়াকৈ তিনিচুকীয়াৰ গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত বিষয়াগৰাকীক অতি সংকটজনক অৱস্থাত ভৰ্তি কৰা হয় যদিও কিন্তু চিকিৎসকে তেওঁক মৃত বুলি ঘােষণা কৰে।

অৱশ্যে বিষয়াগৰাকীয়ে কিয় এই সিদ্ধান্ত বাচি ল’লে সেইয়া এতিয়াও জানিব পৰা হোৱা নাই।

ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

উল্লেখযোগ্য যে পূর্বে চিভিল হাস্পতালত থকা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰা দীনকান্ত সোণোৱালে বৰদলৈ নগৰ এলেকাত হোৱা চুৰি, ডকাইতি আদিত জড়িত বহু লোকক উপযুক্ত শাস্তিৰে অঞ্চলটোৰ তেনে পৰিৱেশ নাইকিয়া কৰিছিল।

দীনকান্ত সোণোৱালৰ ঘৰ তিনিচুকীয়া জিলাৰ মাকুম লাইনা গাঁৱত।

মৃত্যুৰ সময়ত পত্নী, কন্যা আৰু পুত্ৰক ইহসংসাৰত এৰি থৈ গৈছে।

বৰ্তমান পত্নী, তেওঁৰ কন্যাৰ নামভৰ্তিৰ বাবে অসমৰ বাহিৰত আছে আৰু পুত্ৰও এইবাৰ উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৰাজস্থানত শিক্ষাগ্রহণ কৰি আছে বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

শাহু-বোৱাৰীৰ সংঘাতৰ ভয়ংকৰ পৰিণতি! বোৱাৰীৰ দাৰ ঘাপত প্ৰাণ গ’ল শাহুৱেকসহ ২ মহিলাৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন আন এগৰাকী…

৭ বছৰ বয়সতে অপহৰণ কৰিছিল পূজাক! সুদীৰ্ঘ ৯ বছৰ পিছত নিজ কন্যাক ঘূৰাই পালে পিতৃ-মাতৃয়ে

 

2 thoughts on “চাঞ্চল্যকৰ! থানাৰ ভিতৰতে মূৰত গুলীয়াই নিজৰ জীৱন শেষ কৰিলে এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকে”

Comments are closed.