নিউজ ডেস্ক। জনহিত জনসেৱাৰ্থে!
নিজৰ প্ৰাণ বিসৰ্জন দিবলৈ নৈত জাঁপ দিয়া এজন লােকক প্ৰাণৰক্ষাৰ বাবে নৈত জাঁপ দি লােকজনক নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা কৰিলে অসম আৰক্ষীৰ এগৰাকী বিষয়াই।
নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি নিস্বাৰ্থ আৰু সাহসিকতাৰে লােকজনৰ প্ৰাণ ৰক্ষা কৰি সামগ্রিকভাৱে অসম আৰক্ষীলৈ গৌৰৱ কঢ়িয়াই আনিলে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমৰজিৎ বসুমতাৰীয়ে।
এনে কাৰ্যৰ বাবেই অসম আৰক্ষীৰ সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই অ’চি বসুমতাৰীক আৰক্ষী সঞ্চালকপ্ৰধানৰ সোণৰ পদকেৰে সন্মানিত কৰাৰ লগতে আনুষ্ঠানিকভাবে সম্বর্ধনা জনায়।
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক সোণৰ পদক প্ৰদান কৰি সঞ্চালক প্রধান মহ ওই আৰক্ষী পৰিদৰ্শক বসুমতাৰীৰ দায়িত্ববোধৰ ভূয়সী প্রশংসা কৰে।

উল্লেখ্য যে পাথাৰকান্দি থানাৰ অন্তৰ্গত লংগাই নদীৰ দলঙৰ পৰা সােমবাৰে পুৱা প্রায় ৬ বজাত আত্মহত্যা কৰিবৰ বাবে এজন লোকে নদীত জঁপিওৱা বুলি ভাৰপ্ৰাপ্ত বিষয়া বসুমতাৰীয়ে খবৰ লাভ কৰে।

সেই সময়ত ষটপূজাৰ দায়িত্বত নিয়োজিত থকা বসুমতাৰীয়ে ততালিকে সেই স্থানত উপস্থিত হৈ নিজেই নদীত জাঁপ দি নদীখনৰ মাজভাগৰ পৰা থানাখনৰ অন্তর্গত বৈটাখাল অঞ্চলৰ ৪৮ বছৰীয়া মোহন তাঁতী নামৰ লোকজনক জীৱন্তে উৱৰ কৰিবলৈ সক্ষম হয়।