নিউজ ডেস্ক। এগৰাকী ঠিকাদাৰৰ পৰা ৫੦ হাজাৰ টকাৰ ঘােচ লৈ দুৰ্নীতি নিবাৰকৰ হাতত হাতে-লােটে গ্ৰেপ্তাৰ হােৱা বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গুৰুপ্ৰসাদ খাটনিয়াৰক নিলম্বন।
ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক বিৰিঞ্চি কুমাৰ দাসে এক নির্দেশযোগে পঞ্জীয়ক গুৰুপ্ৰসাদ খাটনিয়াৰক চাকৰিৰ পৰা নিলম্বন কৰে।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/08/G03-3.jpg?resize=889%2C458&ssl=1)
ইয়াৰ উপৰি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ সহযোগী অধ্যাপক মনোজ কুমাৰ দাসক বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক হিচাপে নিযুক্তি প্ৰদান কৰা হয় বুলি একেখন নিৰ্দেশনাত প্ৰকাশ।