দিল্লীত কৰ্মৰত অসমৰ দুগৰাকী অধ্যাপকৰ ক’ভিড-১৯ত মৃত্যু

দিল্লীত কৰ্মৰত অসমৰ দুগৰাকী অধ্যাপকৰ ক’ভিড-১৯ত মৃত্যু

May 6, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ক’ভিড-১৯ৰ দ্বিতীয়টাে ঢৌৱে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে দেশৰ ৰাজধানী নতুন দিল্লীত।

এনে ভয়াৱহ পৰিস্থিতিৰ মাজতে নতুন দিল্লীত বিভিন্ন ক্ষেত্ৰত কৰ্মৰত অসমীয়া লােকৰ ধাৰাবাহিক মৃত্যুৰ ঘটনাও অব্যাহত আছে।

বিগত এপষেকত দিল্লীত প্ৰাণ হেৰুৱাইছে অসমৰ কেবাজনাে সাংবাদিক, অধ্যাপকৰ লগতে বহু লােকে।

পুনৰ ক’ভিড-১৯ৰ সংক্ৰমণত আক্ৰান্ত হৈ দিল্লীত অসমৰ দুগৰাকীকৈ অধ্যাপকৰ মৃত্যু হােৱাৰ খবৰে ৰাজ্যবাসীক মৰ্মাহত কৰি তুলিছে।

জানিব পৰা মতে, দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ শ্যামলাল মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ৰাজৰ্ষি কলিতাৰ মৃত্যুৰ পাছতে মৃত্যু হ’ল ডঃ পংকজ কুমাৰ মেধি নামৰ আন এগৰাকী অধ্যাপকৰ।

উল্লেখ্য যে ক’ভিড-১৯ত আক্ৰান্ত হৈ ৰাজৰ্ষি কলিতা দিল্লীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি হৈ আছিল।

ৰাজৰ্ষি কলিতা হৈছে বিশিষ্টা লেখিকা অৰূপা পটংগীয়া কলিতা আৰু টংলা মহাবিদ্যালয় ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ৰাজেন কলিতাৰ পুত্ৰ।

ইপিনে, অক্সিজেনৰ অভাৱত মৃত্যু হয় ডঃ পংকজ কুমাৰ মেধি নামৰ ৪৭ বছৰীয়া অধ্যাপকগৰাকীৰ। গ্ৰেটাৰ নয়ডাৰ ডাঃ চৌহান সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ আছিল।

বুধবাৰে নিশা ২:৩০ বজাত অক্সিজেনৰ অভাৱত অধ্যাপকগৰাকীৰ মৃত্যু ঘটে।

জানিব পৰা মতে, গ্ৰেটাৰ নয়ডাৰ বেন্নেট বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক আছিল ডঃ পংকজ কুমাৰ মেধি।

মৃত্যুৰ সময়ত ডঃ পংকজ কুমাৰ মেধীয়ে পত্নী আৰু একমাত্ৰ পুত্ৰক ইহ সংসাৰত এৰি থৈ যায়।

লগতে চাওকঃ

ক’ভিড আক্ৰান্ত হৈ মৃত্যু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ, পূৰ্বে মৃত্যু ভাতৃৰাে