দুখীয়াৰ ভগৱান চনু সুদলৈ ব্যক্তিগত খণ্ডৰ বিমান কােম্পানীৰ ব্যতিক্ৰমী কৃতজ্ঞতা জ্ঞাপন!

নিউজ ডেস্ক। কৰােনা মহামাৰীৰ সময়ত চৰকাৰে বলৱৎ কৰা তলাবন্ধৰ সময়ত লাখ লাখ দৰিদ্ৰ, অসহায় লোকক সহায় কৰি দুখীয়াৰ ভগৱান হিচাপে স্বীকৃতি লাভ কৰা জনপ্ৰিয় অভিনেতা চনু সুদলৈ এইবাৰ বিৰল সন্মান প্ৰদান কৰিলে স্পাইচ জেট বিমান কৰ্তৃপক্ষই।

স্পাইচ জেটৰ Boeing 737 বিমান খনৰ বহিঃ ভাগত চনু সুদৰ এক ডাঙৰ ফটো লগাই দিলে বিমান কৰ্তৃপক্ষই। মানৱ দৰদী অভিনেতাজনে মহামাৰীৰ সময়ত লোৱা পদক্ষেপৰ বাবে এইয়া তেওঁৰ প্ৰতি কৃতজ্ঞতা বুলি জনায় কৰ্তৃপক্ষই।

এই সন্দৰ্ভত স্পাইচ জেট বিমান কৰ্তৃপক্ষই জনায় যে, “তেওঁক ধন্যবাদ দিবলৈ আমাৰ লগত একোৱেই নাই। তেওঁৰ অৱদানক স্বীকৃতি দিবলৈ আমাৰ এইয়া এক ক্ষুদ্ৰ প্ৰয়াসহে মাত্ৰ। আপোনাৰ সকলোবোৰৰ বাবেই ধন্যবাদ চনু। আপুনি আমাৰ লগতে আন দহজনৰ বাবে প্ৰেৰণা। আমি আপোনাৰ দৰে অসাধাৰণ ব্যক্তিৰ সহযোগী হবলৈ পায় গৌৰৱান্বিত।”

স্পাইচ জেট বিমান কৰ্তৃপক্ষই এই সন্দৰ্ভত টুইটাৰত এক ভিডিঅ’য়ো শ্বেয়াৰ কৰিছে।

উল্লেখ্য যে নিজৰ এই কৰ্মৰ বাবে পূৰ্বতে চনুৱে কৈছিল যে, “মই চিনেমাত বহুতো বিশেষ ভূমিকাত অভিনয় কৰিছো। কিন্তু মহামাৰীৰ সময়ত মই লোৱা ভূমিকা মোৰ কেৰিয়াৰৰ অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা আছিল। যেতিয়া মহামাৰী আৰম্ভ হৈছিল, তেতিয়া মই ভাবিছিলো মই কিবা এটা কৰিব লাগে, কিন্তু মই তথ্যহীন আছিলো।”

থানেত ৩৫০ জন শ্ৰমিকে তেওঁক ১০ দিনৰ বাবে খাদ্য যোগান ধৰিবলৈ অনুৰোধ কৰা কথাই তেওঁক ভব ই তুলিছিল। যিসকলে খোজ কাঢ়ি কৰ্ণাটকলৈ যাবলৈ বিচাৰিছিল। তেওঁ এনে লোকক পৰিবহন আৰু খাদ্যৰ সহায়ৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লোককো লগ ধৰিছিল।

তেওঁ লগতে কৈছিল যে, তেওঁ আৰ্তজনক সহায়ৰ বাবে এক ট’ল ফ্ৰী নম্বৰ মুকলি কৰিছিল। তেওঁৰ ফোন আৰু ই-মেইলত ধাৰাষাৰ খবৰ আহিছিল। তেওঁ মেনেজাৰক নিৰ্দেশ দিছিল যাতে কোনো ফোন কলেই ৰিছিভ নোহোৱাকৈ নাথাকে। তেওঁ ৭.২৬ লাখ লোকক ঘৰলৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰিছিল। ইয়াৰোপৰি তেওঁলৈ বহুতো বিদেশত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীয়েও ফোন কৰি সহায় বিচাৰিছিল। সেই অনুসৰি কিৰ্গিস্তান, উজবেকিস্তান, কাজাখাস্তান, গৰ্জীয়া, ৰাছিয়া আৰু ফিলিপিনছৰ পৰা চাৰে চৈধ্য হাজাৰ শিক্ষাৰ্থীক ঘৰলৈ আনিছিল।

সকলো শ্ৰমিক ঘৰলৈ ঘূৰি গৈ তেওঁলৈ ফোন কৰি চাকৰি বিচাৰিছিল। তেওঁ প্ৰায় ৫০ লাখ আবেদন লাভ কৰিছিল। তেওঁ বহুতৰ লগত কথা পাতি ২ লাখ লোকক চাকৰি দিছে বুলি কৈছিল।

লগতে চাওকঃ

সুৰা সৰবৰাহকাৰীৰ অভিনৱ কৌশল দেখি হতবাক আনন্দ মহিন্দ্ৰা! ক’লে এই কথা…

আগ্নেয়গিৰিৰ পৰা লাভা নিৰ্গত হোৱাৰ অপূৰ্ব দৃশ্য বন্দী ড্ৰােন কেমেৰাত! ভাইৰেল ভিডিঅ’

মৰ্মান্তিক! বাছ আৰু অটােৰিক্সাৰ সংঘৰ্ষত ১২ অংগনৱাড়ী কৰ্মীসহ ১৩ জনৰ মৃত্যু

অনলাইনত অৰ্ডাৰ কৰিছিল হেডফােন, ঘৰলৈ আহিল শিলৰ টুকুৰা!

Leave a Comment