নগদ ১੦ হাজাৰ টকাৰ ঘােচ লৈ দুৰ্নীতি নিবাৰকৰ হাতত গ্ৰেপ্তাৰ কােষাগাৰৰ গাণনিক বিষয়া

নিউজ ডেস্ক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই অব্যাহত ৰাখিছে দুৰ্নীতি বিৰােধী অভিযান।

এইবাৰ নগদ ১੦ হাজাৰ টকাৰ উৎকােচ লৈ দুৰ্নীতি নিবাৰকৰ হাতত গ্ৰেপ্তাৰ হ’ল শিলচৰ কােষাগাৰৰ জ্যেষ্ঠ গাণনিক বিষয়া মােহন সিং।

কাছাৰ আৰক্ষীৰ সহযোগত এই অভিযান চলাইছিল সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ বিষয়াসকলে।

জানিব পৰা মতে, শিলচৰ কোষাগাৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহকাৰী গাণনিক মদন মোহন সিঙে নিজৰ কাৰ্যালয় কক্ষতে এজন লােকৰ পৰা নগদ ১੦ হাজাৰ উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত হাতে-লােটে ধৰা পৰে।

দুৰ্নীতি নিবাৰণ শাখাৰ অভিযানকাৰী দলটােৱে পৰিকল্পনা অনুসৰিয়েই উৎকােচ হিচাপে দিবলগীয়া দহ হাজাৰ টকাত ৰাসায়নিক দ্ৰব্যৰ মিহলাই দিছিল।

এই বিষয়াগৰাকীয়ে উক্ত টকাখিনি হাতত লোৱাৰ পিছতে তেওঁক হাতে-লােটে আটক কৰা হয়।

পিছত হাত দুখন পানীত ডুবাই দিয়াৰ লগে লগে ৰঙা হৈ পৰে পানী। ইতিমধ্যে কাছাৰ আৰক্ষীয়ে এই কথা নিশ্চিত কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, চৰকাৰী কৰ্মচাৰীজনে নিজৰ কাৰ্যালয়ত কৰ্তব্যৰত অৱস্থাত এজন অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াৰ পৰা দহ হাজাৰ টকা উৎকোচ লবলৈ গৈ ধৰা পৰে।

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে চৰকাৰী ঋণ লোৱাৰ বাবে আবেদন জনাইছিল। কিন্তু ট্রেজাৰি কাৰ্যালয়ত তেওঁৰ নথি আবদ্ধ কৰি ৰখা হয়।

নথি পাছ কৰোৱাৰ বাবে গাণনিক বিষয়াজনে দহ হাজাৰ টকা উৎকোচ দাবী কৰে।

ইয়াৰ পিছতে বিষয়াজনৰ শিলচৰৰ বাণীপাৰাত থকা ঘৰত আৰক্ষীয়ে অভিযান চলোৱা।

অসমৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি.পি. টুইট কৰি এই অভিযানৰ কথা প্ৰকাশ কৰিছে।

2 thoughts on “নগদ ১੦ হাজাৰ টকাৰ ঘােচ লৈ দুৰ্নীতি নিবাৰকৰ হাতত গ্ৰেপ্তাৰ কােষাগাৰৰ গাণনিক বিষয়া”

Comments are closed.