নিৰাপত্তা কৰ্মীৰ সাহসীকতাৰ বাবে ব্যৰ্থ হ’ল ডকাইতি কাণ্ড, দৃশ্য বন্দী CCTV কেমেৰাত

নিউজ ডেস্ক। এক ভয়ংকৰ ডকাইতিৰ ঘটনা। সোণৰ প্ৰতিষ্ঠান ডকাইতি কৰিবলৈ আহি ডকাইত আৰু প্ৰতিষ্ঠানৰ নিৰাপত্তাৰক্ষীৰ মাজত প্ৰচণ্ড গুলীবৰ্ষণ।

সেই ঘটনাৰ দৃশ্য বন্দী হয় চি চি টিভিৰ কেমেৰাত। যিবোৰ বৰ্তমান পোহৰলৈ আহিছে।

এই ঘটনা সংঘটিত হয় পাঞ্জাৱৰ লুধিয়ানাত। লুধিয়ানাৰ সুন্দৰ নগৰস্থিত মুথুট ফাইনেন্সত সংঘটিত হয় এই ঘটনা।

দৃশ্যত দেখা অনুসৰি, ডকাইতে প্ৰতিষ্ঠানটো লুটিবলৈ চেষ্টা কৰিছিল। প্ৰতিষ্ঠানটোৰ বন্দুকধাৰী নিৰাপত্তাৰক্ষী সুৰজিৎ সিঙে তেওঁৰ জীৱনৰ সৈতে খেলি প্ৰতিষ্ঠানটোৰ সোণ ৰক্ষা কৰিছিল।

দৃশ্যটোত সেয়া স্পষ্টভাৱে দেখা যায়। যেতিয়া ডকাইতৰ দলটোৱে মেনেজাৰজনক বন্দী কৰি সোণ লুটিবলৈ চেষ্টা কৰি আছিল, সেই সময়ত সুৰজিৎ সিঙে ঘটনাস্থলীত উপস্থিত হয় আৰু সাহসেৰে ডকাইতক প্ৰত্যাহ্বান জনায়।

সুৰজিৎ সিঙে প্ৰথম মহলাত প্ৰতিষ্ঠানৰ শ্বাটাৰবোৰ পেলাই দিছিল আৰু ডকাইতক বাধা দিবলৈ যথেষ্ট চেষ্টা কৰিছিল। কিন্তু ডকাইতৰ দলটোৱে শ্বাটাৰবোৰ উঠাই দিবলৈ সক্ষম হৈছিল।

cb0b5174-3a7c-11ec-a425-d38b2f908c7f-1635707063906-copy

ইয়াৰ পিছতেই গুলীবৰ্ষণ আৰম্ভ হয়। এটা গুলী সুৰজিতৰ নিচেই কাষেৰে পৰা পাৰ হৈ যায় আৰু দেৱালত খুন্দা মাৰে।

আনহাতে সুৰজিতৰ বন্দুকৰ গুলীয়ে এজন ডকাইতক আঘাত কৰে, যাৰ ফলত ডকাইতটো মজিয়াত বাগৰি পৰে।

ইয়াৰ পিছত ডকাইতৰ দলটোৱে শ্বাটাৰবোৰ তুলি লয় আৰু বাহিৰলৈ ওলাই যায়। দলটোৱে পলায়নৰ বাবে তললৈ যাওঁতে পথ বন্ধ হোৱা দেখি ছাদৰ ফালে দৌৰি যায়।

ছাদৰ পথ খোলা থকাৰ লগে লগে দলটোৱে ছাদ পাৰ হৈ পথেৰে সহজে পলাই যায়।

এই ঘটনাৰ তদন্তকাৰী বিষয়া দাবিন্দৰ সিঙে কয় যে কেইবাটাও আৰক্ষীৰ দল ডকাইতৰ সন্ধানত আছে।

আৰক্ষীয়ে ডকাইতৰ দলটোক মোবাইল অৱস্থানৰ জৰিয়তে সংযোগ কৰি তেওঁলোকক বিচাৰি উলিয়াবলৈ যথাসাধ্য চেষ্টা কৰি আছে।

লগতে চাওকঃ ফটকাৰ মােনা লৈ স্কুটিত উঠি ঘৰমুৱা যাত্ৰা পিতা-পুত্ৰৰ, ঘটিল শােকাৱহ ঘটনা

সন্দেহ কৰা হৈছে যে ডকাইতৰ দলটো উত্তৰ প্ৰদেশৰ। তেওঁলোক কৰবাত লুকাই আছে। এই ক্ষেত্ৰত পাঞ্জাৱ আৰক্ষীয়ে উত্তৰ প্ৰদেশ আৰক্ষীৰ সহায় লৈছে।

তদন্তকাৰী বিষয়াজনে লগতে কয় যে আৰক্ষীয়ে তদন্তত যথেষ্ট সফলতা লাভ কৰিছে। কিন্তু এইটো এতিয়াও প্ৰকাশ কৰিব পৰা হোৱা নাই। আৰক্ষীয়ে সোনকালেই ডকাইতক নিয়ন্ত্ৰণ কৰিব।

Leave a Comment