নিউজ ডেস্ক। দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুন অভিনীত ব্লকবাষ্টাৰ ছবি ‘পুস্পা’ৰ প্ৰতিটো গীতেই লাভ কৰিছে অভূতপূৰ্ব জনপ্ৰিয়তা।
সামাজিক মাধ্যমৰ ৰীল ভিডিঅ’ৰ পৰা বলীউডৰ চুপাৰষ্টাৰ, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ সকলোৱে এই ছবিৰ গীত গাইছে, অভিনয় কৰিছে। কিন্তু এইবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আন এটা ভিডিঅ’। য’ত মুম্বাই আৰক্ষী বেণ্ডে সংগীতৰ লহৰ তুলিছে ‘পুস্পা’ৰ গীতত।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/03/pushpa_review_pushpa_the_rise.jpg?resize=900%2C675&ssl=1)
যোৱা ১৩ মাৰ্চত মুম্বাই আৰক্ষীৰ অফিচিয়েল ইউটিউব চেনেলযোগে শ্বেয়াৰ কৰা এই ভিডিঅ’টোত দেখা গৈছে আৰক্ষী বেণ্ডটোৱে চিনেমাখনৰ ‘শ্ৰীবল্লী’ শীৰ্ষক গীতটোত সংগীতৰ লহৰ তোলা।
ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিছতে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। গীতটো মুম্বাই আৰক্ষীৰ খাকী ষ্টুডিঅ’ বেণ্ডৰ দ্বাৰা পৰিৱেশন কৰা হৈছে।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/03/vlcsnap-2022-03-18-16h40m16s960.png?resize=900%2C506&ssl=1)
মুম্বাই আৰক্ষীৰ ৱেবচাইট অনুসৰি, ১৯৩৬ চনৰ মুম্বাইৰ নাইগাঁও আৰক্ষী গ্ৰাউণ্ডত পৰিৱেশনৰ বাবে প্ৰথম এই খাকী ষ্টুডিঅ’ স্থাপন কৰা হৈছিল। তেতিয়াৰ পৰাই ১৮ ডিচেম্বৰ তাৰিখটো মুম্বাই আৰক্ষী বেণ্ড হিচাপে পালন কৰা হৈ আহিছে।
আনহাতে শেহতীয়াকৈ এই বেণ্ডটোৱে প্ৰখ্যাত ইংৰাজী গায়ক-সংগীত পৰিচালক ম’ণ্টি ন’ৰমানৰ প্ৰতি শ্বদ্ধাঞ্জলী জনাই ‘জেমছ বণ্ড’ ছবিৰ থিম চংটো পৰিৱেশন কৰাৰ পিছতে জনপ্ৰিয় হৈ পৰিছে।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/03/2.jpeg?resize=900%2C506&ssl=1)
ইয়াৰ পিছত বেণ্ডটোৱে কিশোৰ কুমাৰৰ জনপ্ৰিয় গীত ‘মেৰে চপনো কি ৰাণী’ গীততো সংগীত পৰিৱেশন কৰি জনপ্ৰিয়তাৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হয়।
উল্লেখ্য যে, ‘পুস্পা’ ছবিৰ ‘শ্ৰীবল্লী’ শীৰ্ষক গীতটোৰ তেলেগু সংস্কৰণত কণ্ঠ নিগৰাইছে সিদ শ্ৰীৰামে। আনহাতে এই গীতটোৰ হিন্দী সংস্কৰণত কণ্ঠদান কৰিছে জাভেদ আলীয়ে।
প্ৰখ্যাত চলচ্ছিত্ৰ পৰিচালক সুকুমাৰৰ দ্বাৰা পৰিচালিত ‘পুস্পাঃ দ্য ৰাইজ’ ছবিখনৰ আধাৰ হৈছে অন্ধ্ৰপ্ৰদেশৰ পাহাৰৰ পৰা ৰঙা চন্দন সৰবৰাহ।
ছবিখনৰ নিখুঁট পৰিচালনা তথা অভিনয়ে সমগ্ৰ ভাৰতবৰ্ষতে অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰে। সমগ্ৰ ভাৰতৰ ছবিগৃহত এই ছবিখনে ২৪৭ কোটিতকৈও অধিক টকা উপাৰ্জন কৰি এখন ব্লকবাষ্টাৰ হিট ছবি হিচাপে পৰিগণিত হয়।