পুৰুষ আৰু মহিলাৰ বিয়াৰ আইনী বয়স ২১ বছৰ কৰাৰ দাবী! উচ্চতম ন্যায়ালয়ত অচিৰেই শুনানি

নিউজ ডেস্ক। পুৰুষ আৰু মহিলাৰ বিবাহৰ সঠিক বয়সক লৈ ৰাজস্থান উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছে। এই আবেদনখন শুনানিৰ বাবে সম্প্ৰতি উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰ কৰা হৈছে।

উচ্চতম ন্যায়ালয়ে এই আৱেদন শুনানিৰ বাবে গ্ৰহণ কৰিছে। আবেদনখন বিজেপি নেতা আৰু জ্যেষ্ঠ অধিবক্তা অশ্বনী উপাধ্যায়ে দাখিল কৰিছে।

উল্লেখ্য যে বৰ্তমান সময়ত ভাৰতত বিবাহৰ আইনগত নূন্যতম বয়স পুৰুষৰ বাবে ২১ বছৰ আৰু মহিলাৰ বাবে ১৮ বছৰ।

অশ্বনী উপাধ্যায়ৰ মতে মহিলাৰ বাবে বিবাহৰ বয়স পুৰুষ প্ৰধান সমাজত পুৰণি নীতিৰ ওপৰত আধাৰিত, মহিলাসকলে পুৰুষৰ আগত পৰিপক্ক হোৱা ধাৰণাটাে ভুল।

মহিলাসকলৰ বাবে বিবাহৰ বয়স ১৮ বছৰ নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত ইণ্ডিয়ান মেজােৰিটী এক্ট ১৯৭৫ ৰ পৰা লোৱা হৈছে। এই আইনৰ মতে ১৮ বছৰ বয়সত এজন ব্যক্তি পৰিপক্ক হয়।

অশ্বনী উপাধ্যায়ে যুক্তি দিয়ে যে ল’ৰা আৰু ছোৱালীৰ বাবে বিবাহৰ বিভিন্ন বয়সৰ কোনো বৈজ্ঞানিক যুক্তিযুক্ততা নাই। উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনত কোৱা হৈছে যে পুৰুষ আৰু মহিলা উভয়ৰ বাবে বিবাহৰ ন্যূনতম বয়স সমানে ২১ বছৰ হ’ব লাগে।

লগতে চাওকঃ

সাগৰৰ গভীৰতাত সম্পন্ন হ’ল বিবাহ! প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা নৱ দম্পতীৰ

চৰকাৰ বিৰােধী ধৰ্ণা-প্ৰতিবাদত অংশ ল’লে নাপাব চৰকাৰী চাকৰি!

পিতৃৰ সৈতে এটিএমৰ পৰা ধন উলিয়াবলৈ গৈ বাইকৰ খুন্দাত মেধাৱী ছাত্ৰীৰ মৃত্যু

নিয়ন্ত্ৰণ ৰেখাত পুনৰ যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ, শ্বহীদ ভাৰতীয় সেনা জােৱান

Leave a Comment