পৃথিৱীৰ সৰ্বােচ্চ শৃংগ মাউন্ট এভাৰেষ্ট আৰােহণ অৰুণাচল প্ৰদেশৰ যুৱতীৰ!

নিউজ ডেস্ক। বৰ্তমান কভিড মহামাৰীৰ সময়তে এক সুখবৰ উত্তৰ পূৱবাসীৰ বাবে।

মহামাৰীৰ সময়তো বহুতো কভিড বিধি মানি পৃথিৱীৰ সৰ্ব্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হ’ল অৰুণাচল প্ৰদেশৰ এগৰাকী যুৱতীয়ে।

যুৱতী গৰাকীৰ নাম টাচি য়ংজাম। অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ডিৰাঙৰ যুৱতী গৰাকীয়ে সফলতাৰে যোৱা ১১ মে’ৰ পুৱা ৬ বজাত খোজ দিয়ে বিশ্বৰ সৰ্বোচ্চ শৃংগটোত।

প্ৰতিকূল বতৰ আৰু কোৰোনা মহামাৰীৰ অত্যাধিক সাৱধানতা আৰু প্ৰতিবন্ধকতা অতিক্ৰম কৰি এভাৰেষ্ট জয় কৰে টাচি য়ংজামে।

উল্লেখ্য যে, টাচি য়ংজাম ডিৰাঙত থকা নেচনেল ইনষ্টিটিউট অৱ মাউন্টেনিয়াৰিং এণ্ড এডভেঞ্চাৰ স্পৰ্টৰ এগৰাকী প্ৰশিক্ষক।

মাউণ্ট এভাৰেষ্টৰ শিখৰত খোজ দিয়েই যুৱতী গৰাকীয়ে ভাৰতীয় পতাকা প্ৰদৰ্শন কৰাৰ লগতে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দু আৰু ডিৰাঙৰ বিধায়ক ফুৰপা চেৰিঙৰ ফটো প্ৰদৰ্শন কৰে।

টাচি য়ংজামৰ এই সফলতাত শুভেচ্ছা জনায় অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে।

লগতে চাওকঃ

কোৰোনা ভাইৰাছ এটা জীৱ, তাৰো আছে জীয়াই থকাৰ অধিকাৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী

Leave a Comment