প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙৰ ৰাজ্যসভালৈ প্ৰেৰণ কৰিব পাৰে আম আদমী পাৰ্টীয়ে, চলিছে চৰ্চা

নিউজ ডেস্ক। পঞ্জাৱত অভিলেখ বিজয় সাব্যস্ত কৰাৰ পিছতে ৰাজ্যসভাৰ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে আম আদমী পাৰ্টী। প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙক ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ যো-জা চলাইছে পঞ্জাৱৰ নৱ নিযুক্ত মুখ্যমন্ত্ৰী ভগৱত মানে।

খবৰ অনুসৰি, ইতিমধ্যে হৰভজন সিঙক প্ৰদান কৰা হৈছে প্ৰস্তাৱ। অৱশ্যে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক ৰাজ্যসভালৈ প্ৰেৰণ কৰা হ’ব নে নাই, সেই বিষয়ে চূড়ান্ত সিদ্ধান্ত ল’ব দিল্লীৰ মুখ্যমন্ত্ৰী তথা দলৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে।

উল্লেখ্য যে, অহা ৩১ মাৰ্চত সমগ্ৰ দেশত ৰাজ্যসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। পঞ্জাৱৰো ৫ খন আসনৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২১ মাৰ্চ। এনে পৰিস্থিতিত, দলটোৱে ৰাজ্যসভালৈ প্ৰেৰণ কৰিবলগা সদস্য বাছনি কৰিবলৈ মাজত মাত্ৰ আৰু ৫টা দিন বাকী আছে।

সদ্যসমাপ্ত পঞ্জাৱ বিধানসভা নিৰ্বাচনত ৯২ খন আসন লাভেৰে একক সংখ্যাগৰিষ্ঠ দল হৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল আম আদমী পাৰ্টী। ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীৰ অভিলেখ বিজয়ৰ পিছত আটাইকেই ৰাজ্যসভা আসনতো দলটোৰে সদস্য জয়ী হোৱাৰ সম্ভাৱনা আছে।

প্ৰকাশিত বাতৰি আনুসৰি, প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক আছে মুখ্যমন্ত্ৰী ভগৱত মানৰ। জলন্ধৰৰ নিৱাসী হৰভজন সিঙক আম আদমী পাৰ্টীত যোগদান কৰোৱাই পঞ্জাৱত এক ক্ৰীড়াৰ পৰিৱেশ গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰী ভগৱত মানে। ইতিমধ্যে তেওঁ জলন্ধৰত এখন ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণৰো প্ৰতিশ্ৰুতি দিছে।

ইয়াৰ পূৰ্বে, ২০২২ চনৰ পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বে হৰভজন সিঙে কংগ্ৰেছত যোগদান কৰাৰ আলোচনাও তীব্ৰতৰ হৈছিল। পঞ্জাৱ কংগ্ৰেছৰ তদানীন্তন সভাপতি নৱজোৎ সিং সিদ্ধুৰ সৈতে তেওঁৰ সম্পৰ্কৰ বাবেই এই চৰ্চা তীব্ৰতৰ হৈছিল।

Leave a Comment