বস্ত্ৰনগৰী শুৱালকুছিত পাট-মুগাৰ কাপোৰ দেখি অভিভূত ইউছুফ পাঠান

বস্ত্ৰনগৰী শুৱালকুছিত পাট-মুগাৰ কাপোৰ দেখি অভিভূত ইউছুফ পাঠান

March 13, 2022 0 By NEWS DESK

নিউজ ডেস্ক। বস্ত্ৰনগৰী শুৱালকুছিত শনিবাৰে উপস্থিত হয় ভাৰতীয় ক্রিকেট দলৰ প্ৰাক্তন তাৰকা খেলুৱৈ ইউছুফ পাঠান।

অসমৰ প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশত ক্ৰিকেট একাডেমী উদ্বােধন কৰিবলৈ অহা পথত ক্রিকেটাৰজন হঠাৎ ইয়াত উপস্থিত হৈ শুৱালকুছিত।

শুৱালকুছিত উপস্থিত হয় ইয়াত উৎপাদিত মুগা-পাট বস্ত্ৰশিল্পৰ বুজ লোৱাৰ লগতে শিল্পটোৰ লগত জড়িত শিপিনীসকলৰ লগত মত বিনিময় কৰে।

পাট-মুগাৰ বিভিন্ন কাপোৰ প্ৰত্যক্ষ কৰাৰ লগতে মুগাৰ টাই, মুগাৰে উৎপাদিত টুপী, বেল্ট আৰু এৰী কাপোৰ ক্ৰয় কৰে।

ক্রিকেটাৰগৰাকীক ওচৰতে পাই শিপিনীসকল আনন্দিত হৈ পৰে।

অতি গোপনে ইয়াত উপস্থিত হোৱা ক্রিকেটাৰগৰাকী আঁতৰি থাকে সংবাদ মাধ্যমৰ পৰা।

লগতে চাওকঃ

উত্তৰ পূবৰ ক্ৰিকেট খেলুৱৈক প্ৰশিক্ষণ দিব পাঠান ভাতৃদ্বয়ে, অৰুণাচলত একাডেমী মুকলি