বানত আবদ্ধ শ্ৰমিকৰ খবৰ ল’বলৈ গৈ নৈৰ বাঢ়নী পানীত বাহনসহ উটি গ’ল সাংবাদিক…

নিউজ ডেস্কঃ বানৰ সময়ত বাতৰি পৰিৱেশনৰ সময়তে বাঢ়নী পানীয়ে উটুৱাই নিয়া সাংবাদিক জমীৰৰ মৃতদেহ শুকুৰবাৰে পুৱাই উদ্ধাৰ হোৱাৰ পিছতে শোকাকুল পৰিৱেশৰ সৃষ্টি হয় তেলেংগানাৰ জিগটিয়াল জিলাত।

জানিব পৰা মতে, যোৱা ১২ জুলাইত জগটিয়াল জিলাৰ ৰাইকাল মণ্ডলৰ বৰনাপল্লী গাঁৱলৈ বাতৰি পৰিৱেশন কৰিবলৈ গৈছিল তেলেগু নিউজ চেনেল এনটিভিৰ সাংংবাদিক জমীৰে।

সাংবাদিকগৰাকীয়ে ৰিয়াজ আলী নামৰ আন এজনৰ ব্যক্তিৰ সৈতে গোদাবৰী নৈৰ বানত আৱদ্ধ হৈ থকা ৯ জন শ্ৰমিকৰ কাষলৈ যোৱাৰ সময়তে তেওঁলোকে যাত্ৰা কৰি থকা চুইফট বাহনখন ৰামোজিপেট গাঁৱৰ সমীপত বানে উটুৱাই লৈ যায়।

স্থানীয় লোকে ৰিয়াজ আলীক গাড়ীৰ ভিতৰৰ পৰা টানি বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হয় যদিও গাড়ীসহ বানত উটি যায় সাংবাদিক জমীৰ।

এই ঘটনাৰ পিছতে উদ্ধাৰকাৰী দলে সাংবাদিকগৰাকীৰ সন্ধানত উদ্ধাৰ অভিযান আৰম্ভ কৰে।

আৰু অৱশেষত শুকুৰবাৰে পুৱা দুৰ্ঘটনাটো সংঘটিত হোৱা ৰামোজিপেট আৰু ভূপতিপুৰৰ মাজৰ পথটোতে বাহনসহ উদ্ধাৰ হয় সাংবাদিকগৰাকীৰ মৃতদেহ।

সাংবাদিক জমীৰৰ মৃত্যুত শোক ব্যক্ত কৰি মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কলভাকুন্তলা কবিতাই টুইটাৰত লিখিছে, “কৰ্ম কৰি থাকোঁতে বানপানীত উটি যোৱা জগটিয়ালৰ সাংবাদিক জমীৰৰ মৃত্যু অতি মৰ্মান্তিক। আমি জমীৰৰ পৰিয়ালৰ কাষত থিয় দিম। ৰিপ’ৰ্টক অগ্ৰাধিকাৰ দিয়াৰ সমান্তৰালভাৱে সংবাদ মাধ্যমৰ বন্ধুসকলক অনুৰোধ কৰিছো যে তেওঁলোকেও বৰষুণ আৰু বানপানীৰ ক্ষেত্ৰত সজাগ হৈ থাকক আৰু যথাযথ সাৱধানতা অৱলম্বন কৰক।”

জানিব পৰা মতে, গোদাবৰী নৈৰ ওপৰত থকা শ্ৰীৰাম সাগৰ প্ৰকল্পৰ জলাশয়ৰ গেট উঠাই নিয়াৰ পিছত নদীৰ প্ৰবাহৰ মাজত আৱদ্ধ হৈ থকা বৰনাপল্লীৰ ৯ জন শ্ৰমিকৰ উদ্ধাৰ অভিযান সামৰি ল’বলৈ জামীৰে ৰাইকাললৈ গৈছিল। আৰু সেই সময়তে সংঘটিত হয় এই শোকাবহ ঘটনা।

লগতে চাওকঃ

পথৰ ওপৰতে গাড়ী ৰখাই চালকে হঠাতে খুলি দিলে গাড়ীৰ দৰ্জা, ঘটিল ভয়ংকৰ দুৰ্ঘটনা, CCTV কেমেৰাত বন্দী সমগ্ৰ দৃশ্য…