বিশিষ্ট অভিনেতা ঘনশ্যাম নায়ক ওৰফে নট্টু কাকাৰ মৃত্যু

নিউজ ডেস্ক। সৰু পৰ্দাৰ লগতে ছবি জগতত বলিষ্ঠ অভিনয়েৰে সুকীয়া স্থান দখল কৰা বিশিষ্ট অভিনেতা ঘনশ্যাম নায়কৰ দেহাৱসান।

বিগত কেইবাবছৰ ধৰি দুৰাৰোগ্য ৰোগেৰে যুঁজি থকা টেলিভিছনৰ জনপ্ৰিয় ধাৰাবাহিক ‘তাৰক মেহত কা উল্টা চছমা’ৰ নট্টু কাকা হিচাপে জনপ্ৰিয় অভিনেতা ঘনশ্যাম নায়াকৰ দেওবাৰে ৭৭ বছৰ বয়সত মৃত্যু ঘটে।

FAy85-Rs-Vg-AEK04o

এটা সময়ত তিনি টকাৰ বাবে ২৪ ঘণ্টা কাম কৰা নায়কে ১৯৬০ চনত অশোক কুমাৰ অভিনীত ছবি ‘মাছুম’ত শিশু শিল্পীৰূপে কাম কৰিছিল।

তাৰপিছত বেটা, ত্ৰিৰংগা, আখেঁ, লাডলা, ক্ৰান্তিবীৰ, আন্দোলন, বৰছাত আদি ছবিত অভিনয় কৰে নায়কে।

ঘনশ্যাম নায়কৰ দেহাৱসানে তেওঁৰ আত্মীয় স্বজন, শুভাকাঙ্খীসকলৰ লগতে অনুৰাগীসকলৰ মাজত গভীৰ শােকৰ ছাঁ পেলাইছে।

Leave a Comment