বিয়াৰ পাছতে তীৰ্থ ভ্ৰমণৰ বাবে গৈ শােকাৱহ মৃত্যু নৱ বিবাহিতাৰ

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। মন্দিৰ দৰ্শনৰ বাবে গৈ ৰে’ল পথৰ আণ্ডাৰ-ব্ৰীজৰ পানীত আৱদ্ধ হৈ পৰে ৭ যাত্ৰী যোৱা বাহন। যাৰ ফলত মৃত্যু হয় বাহনখনত যোৱা নৱ বিবাহিতাৰ।

এই ঘটনা শুকুৰবাৰে নিশা সংঘটিত হয় অন্ধ্ৰ প্ৰদেশৰ তিৰুপতিত।

ঘটনা অনুসৰি, কৰ্ণাটকৰ ৰাইচুৰৰ বাসিন্দা নৱ দম্পতীদ্বয়ে এমাহ পূৰ্বে আৱদ্ধ হৈছিল বিবাহ পাশত।

FCXa-W3b-Vc-Acxl5-C

শুকুৰবাৰে তেওঁলোকে ভগৱান ভেংকটেশ্বৰ স্বামীৰ মন্দিৰ দৰ্শন কৰিবলৈ তিৰুপতিত উপস্থিত হৈছিল। কিন্তু তিৰুপতিত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত পশ্চিম গীৰ্জাৰ ওচৰৰ কেইবাটাও ৰে’লৱে আণ্ডাৰ-ব্ৰীজ পথ পানীত ডুব গৈছিল।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

তেওঁলোকৰ বাহনখনৰ চালকে নিশা সেই কথা ধৰিব নোৱাৰাত তেওঁলোকৰ গাড়ীখন ৯ ফুট গভীৰ আণ্ডাৰ-ব্ৰীজৰ বানপানীত আৱদ্ধ হৈ পৰে। যাৰ ফলত গাড়ীখনত থকা প্ৰায় সাতজন লোক ডুবি যায়। অৱশ্যে তেওঁলোকৰ ছয়জনক স্থানীয় লোকে উদ্ধাৰ কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি, মহিলাগৰাকী শ্বাসৰুদ্ধ হৈ মৃত্যুবৰণ কৰে। মহিলাগৰাকীৰ মৃত্যুৰ লগে লগে পৰিয়ালটোত এক বিষাদৰ পৰিৱেশ সৃষ্টি হয়।

আহত ছয়জনক চিকিৎসালয়লৈ লৈ যোৱা হয়। ঘটনা সন্দৰ্ভত তিৰুপতি আৰক্ষীয়ে এক গোচৰ ৰুজু কৰে আৰু তদন্ত আৰম্ভ কৰে।

ঘটনাৰ পিছত শনিবাৰে পুৱা তিৰুপতিৰ সাংসদ ড° এম গুৰুমূৰ্তি, বিধায়ক ভুমানা কৰুণাকাৰ ৰেড্ডী, পৌৰ আয়ুক্ত পি এছ গিৰীশাই ঘটনা সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰে।

তেওঁলোকে ৰে’ল কৰ্মচাৰীৰ অৱহেলাৰ অভিযোগ উত্থাপন কৰে আৰু নৱ বিবাহিতা গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।

Leave a Comment