ব্যস্ত পথত হঠাতে সৃষ্টি হ’ল প্ৰকাণ্ড গাঁত, সােমাই পৰিল আৰক্ষী কনিষ্টবলৰ গাড়ী

নিউজ ডেস্ক। প্ৰৱল বৃষ্টিপাতত জনজীৱন ব্যাহত হৈ পৰিছে দেশৰ ৰাজধানী দিল্লীত। একাধিক ঠাই জলমগ্ন।

সোমবাৰে পুৱা আৰম্ভ হয় প্ৰৱল বৰষুণ। বৰষুণৰ বাবে ব্যাপক যানজঁটৰ সৃষ্টি হয় চহৰখনত।

এই দুৰ্যোগত এক ভয়ংকৰ ঘটনাৰ সাক্ষী হ’ল দিল্লী। মাটিৰ তলত সোমাই পৰিল এখন গাড়ী।

এই ঘটনা সোমবাৰে বিয়লি ৫ মান বজাত সংঘটিত হয় দিল্লীৰ দ্বাৰকা চেক্টৰ ১৮ ৰ অতুল্য চ’কত।

ঘটনাৰ কিছু পিছতেই স্থানীয় যথেষ্ট লোকৰ ভিৰ হয় ঘটনাস্থলীত। ব্যাপক দুৰ্যোগৰ বাবেই পথটো তললৈ সোমাই যায়। যাৰফলত পথটো তললৈ সোমাই পৰাৰ বাবে এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।

ঘটনাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰু ক্ৰেনৰ সহায়ত তুলি আনে গাড়ীখন।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে, “গাড়ীখন দিল্লী ট্ৰেফিক আৰক্ষীৰ এজন কনিষ্টবলৰ আছিল। তেওঁক নিৰাপদে উদ্ধাৰ কৰা হয়। আনহাতে কোনো লোক এই ঘটনাত আহত হোৱা নাই। ক্ৰেনৰ সহায়ত গাড়ীখন তুলি অনা হয়।”

উল্লেখ্য যে বৰষুণৰ বাবে দিল্লীৰ একাধিক অঞ্চল জলমগ্ন হৈ পৰিছে। সেই সমূহ ক্ৰমে প্রগতি ময়দান, পালাম, ৰোহতক ৰ’ড, কিষাণগঞ্জ, কিৰাৰি আদি। সোমবাৰে পানী জমা হোৱাৰ অঞ্চলৰ ফটো সংগ্ৰহ কৰিবলৈ গৈ এজন যুৱকৰ মৃত্যু হোৱাও বুলি জানিব পৰা যায়।

Leave a Comment