
মাতৃ দিৱসত পুত্ৰৰ পৰা এক অকল্পনীয় উপহাৰ পালােঃ মৃণালিনী দেৱী
May 10, 2021নিউজ ডেস্ক। ৰবিবাৰে মাতৃ দিৱসৰ দিনাই পুত্ৰৰ পৰা এক অকল্পনীয় উপহাৰ লাভ কৰি আৱেগিক হৈ পৰিল এগৰাকী মাতৃ।
এই মাতৃগৰাকী আন কােনাে নহয়, ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱী।

ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে শপত লােৱাৰ মুহূৰ্তত সাংবাদিকৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি মাতৃ মৃণালিনী দেৱীয়ে কয়, ”মাতৃ হিচাপে যিমানখিনি আনন্দ পাব লাগে মই পালাে। মাতৃ দিৱসৰ দিনাই মই এক নাভূত-নাশ্ৰুত-অকল্পনীয় উপহাৰ পালাে নিজৰ ল’ৰাৰ পৰা। ইমান দিনৰ কষ্ট সাৰ্থক হােৱা বুলি ভাবিছাে। জীৱনত কেতিয়াও ভবা নাছিলাে। ভগৱানৰ ওপৰত বিশ্বাস ৰখা মানুহে সদায় কৰ্মফল লাভ কৰিব বুলি বিশ্বাস কৰে।”
তেওঁ কয় যে পিতৃ আৰু কনিষ্ঠ ভাতৃ অবিহনে হিমন্তৰ উন্নতীটাে আমাৰ বাবে আৱেগিক।
তেওঁ কয় যে ইয়াৰ প্ৰতিদান সিদিনাখনেই পাম যিদিনাখন পুত্ৰই মাতৃ ধৰ্ম, পিতৃ ধৰ্ম, ভাতৃ ধৰ্ম, মানৱ ধৰ্ম পালন কৰি দেশ-জাতিৰ কল্যাণৰ বাবে কৰণীয় কাম কৰি পিতৃ পুৰুষৰ সন্মান ৰক্ষা কৰিব পাৰিব।
লগতে চাওকঃ