মোৰ বাবে কৰা সকলো ত্যাগৰ বাবে আপোনালোকলৈ ধন্যবাদ এমা আৰু বাবা: মীৰাবাই চানু

নিউজ ডেস্ক। চলিত অলিম্পিক ২০২০ ত ভাৰোত্তোলক মীৰাবাই চানুৱে দেশক প্ৰদান কৰিলে প্ৰথমটো পদক।

ভাৰোত্তোলৰ মহিলাৰ ৪৯ কিলো শাখাত তেওঁ লাভ কৰিছিল ৰূপৰ পদক। পদক লাভৰ পিছৰে পৰা সামাজিক মাধ্যমত তেওঁক লৈ বহুতে কৰিছে ভিন্ন প’ষ্ট।

তেওঁ আপলোড কৰা বিভিন্ন প’ষ্ট ব্যৱহাৰকাৰী সকলে শ্বেয়াৰ কৰিছে। সেই সমূহৰ ভিতৰত তেওঁ আপলোড কৰা এখন ছবিয়ে ব্যৱহাৰকাৰী সকলৰ মন জয় কৰিছে।

দৃশ্যটো হল দুবছৰৰ পিছত তেওঁ নিজ পিতৃ-মাতৃক লগ পোৱা এখন ছবি। পিতৃ-মাতৃৰ মাজত ৰৈ থকা এখন ছবি তেওঁ আপলোড কৰে। তেওঁ তাত দুবছৰৰ মূৰত পিতৃ-মাতৃক লগ পোৱাৰ অনুভৱ শ্বেয়াৰ কৰে। আৰু সেই ছবিখনে অন্তৰ জয় কৰিছে সকলোৰে।

তেওঁ দৃশ্যটো শ্বেয়াৰ কৰা প’ষ্টটোত লিখে, “দুবছৰৰ দীঘলীয়া সময়ৰ পিছত মই মোৰ পৰিয়ালক লগ পোৱাৰ অনুভৱ মোৰ শব্দৰ বাহিৰত। মোৰ ওপৰত বিশ্বাস ৰখা আৰু মোক সমৰ্থন কৰা সকলোৰে প্ৰতি মই কৃতজ্ঞ। এইটো পৰ্যায় পাবলৈ মোৰ কাৰণে ইমান ত্যাগ কৰাৰ বাবে আপোনালোকলৈ ধন্যবাদ এমা আৰু বাবা।”

উল্লেখ্য যে মীৰাবাই চানুৱে মজিয়াত পীৰাত বহি আহাৰ গ্ৰহণ কৰাৰ এখন দৃশ্যও বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

Leave a Comment