যাত্ৰীবাহী বাছ-স্কুটীৰ মুখামুখি সংঘৰ্ষ, স্কুটী আৰোহীৰ মৃত্যু

নিউজ ডেস্ক। গোলাঘাট জিলাৰ বৰপথাৰত সংঘটিত হ’ল এক শোকাৱহ পথ দুৰ্ঘটনা।

এখন যাত্ৰীবাহী বাছ আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হ’ল এজন স্কুটী আৰোহী।

নিহত লোকজন বৰপথাৰৰ টেঙানিৰ কৃষ্ণ শইকীয়া বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটো সংঘটিত হয় বৰপথাৰৰ শিমলুচাপৰিৰ ধনশিৰি দলংৰ সমীপত।

দুৰ্ঘটনাত পতিত হোৱা স্কুটী খনৰ নম্বৰ AS-O5M-6863।

জানিব পৰা মতে, স্কুটী আৰোহী কৃষ্ণ শইকীয়া চিলনীজানৰ পৰা বৰপথাৰৰ দিশে আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা গোলাঘাট অভিমুখে গৈ থকা AS-05-C-3766 নম্বৰৰ মা সাবিত্ৰী নামৰ বাছ খনৰ লগত মুখামুখী সংঘৰ্ষ হোৱাত এই দুৰ্ঘটনা সংঘটিত হয়।

লগতে চাওকঃ

সম্ভাব্য দুৰ্ঘটনা ৰােধ কৰি ৰে’ল চালকে লাভ কৰিলে সাহসিকতাৰ বঁটা

সোণাপুৰৰ ট্ৰেজাৰ হুইলছলৈ সহায়ৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱাল

পুনৰ কৰৰ বােজা! এইবাৰ ৮ বছৰ পুৰণি বাহনত ‘গ্ৰীণ টেক্স’ আৰােপ চৰকাৰৰ

ইউ টিউবত শিকিলে হেকিং, পিতৃক ১০ কোটি টকা দাবী ১১ বছৰীয়া ‘হেকাৰ’ পুত্ৰৰ

Leave a Comment