শােকাৱহ! মহানগৰীত ক’ভিড-১৯ত স্বামীৰ মৃত্যুৰ এপষেক পাছত প্ৰাণ ত্যাগ পত্নীৰ

শােকাৱহ! মহানগৰীত ক’ভিড-১৯ত স্বামীৰ মৃত্যুৰ এপষেক পাছত প্ৰাণ ত্যাগ পত্নীৰ

December 17, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন ঠাইত এতিয়াও অব্যাহত আছে ক’ভিড-১৯ৰ কাল ৰূপ।

ক’ভিড-১৯ৰ সংক্ৰমণত গুৱাহাটী মহানগৰীৰ এজন বিশিষ্ট ব্যৱসায়ী তথা পত্নীয়ে এপষেকৰ ব্যৱধানত প্ৰাণ ত্যাগ কৰা ঘটনাই পৰিয়াল তথা আত্মীয় কুটুম্বক মৰ্মাহত কৰি তুলিছে।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিশিষ্ট ব্যৱসায়ী বিজয় গােৱেংকা তথা সহ-ধৰ্মিণী অনুৰাধা গােৱেংকাই ক’ভিড-১৯ৰ সংক্ৰমণত চলিত মাহতে মৃত্যুক আঁকােৱালি লােৱা বুলি জানিব পৰা গৈছে।

Goenka-2

প্ৰয়াত অনুৰাধা গােৱেংকা

জানিব পৰা মতে, ব্যৱসায়ী বিজয় গোৱেংকাৰ পত্নী অনুৰাধা গোৱেংকাৰ ক’ভিড-১৯ৰ সংক্ৰমণত বৃহস্পতিবাৰে মৃত্যু ঘটে।

ইয়াৰ এপষেক পূৰ্বে ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হৈছিল অনুৰাধা গোৱেংকাৰ স্বামী বিজয় গোৱেংকাৰ।

Goenka-1

প্ৰয়াত বিজয় গােৱেংকা

উল্লেখ্য যে বিজয় গোৱেংকা হৈছে গোৱেংকা উলেন মিলকে ধৰি কেইবাটাও ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে চিনেমা হলৰ স্বত্বাধিকাৰী।

গোৱেংকা দম্পতীৰ মৃত্যুৰ খবৰে বৃহত্তৰ ফাঁচী বাজাৰ অঞ্চলটােত গভীৰ শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, ফাঁচীবজাৰৰ কেইবাজনো লোক ক’ভিডত আক্ৰান্ত হৈছে। ইয়াৰে কেইবাজনৰো মৃত্যু হৈছে, কেইবাজনো চিকিৎসাধীন হৈ আছে।

লগতে চাওকঃ

মৰ্মান্তিক! শুই থকা অৱস্থাত বনৰীয়া হাতীৰ আক্ৰমণত দুই কণমানিৰ মৃত্যু