শোকাবহ! পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু কৃতী শিক্ষক হেমন্ত বৈশ্যৰ

নিউজ ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ বিগত ৪ দিন হাস্পতালত মৃত্যু সৈতে যুঁজি অৱশেষত হাৰ মানিলে নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ কৃতী শিক্ষক হেমন্ত বৈশ্য (৫৭)ই। ঘগ্ৰাপাৰ হাইস্কুলৰ সহকাৰী শিক্ষক তথা সামাজিক কৰ্মী হিচাপে পৰিচিত হেমন্ত বৈশ্যৰ বিয়োগে মৰ্মাহত কৰিছে সমগ্ৰ ঘগ্ৰাপাৰবাসীক।

উল্লেখ্য যে, যোৱা ১০ ছেপ্টেম্বৰৰ পুৱা বিদ্যালয়লৈ বাইকেৰে গৈ থকা সময়ত এক দুৰ্ঘটনাত পতিত হৈছিল শিক্ষক হেমন্ত বৈশ্য। তাৰ পিছতে তেওঁক সংকটজনক অৱস্থাত গুৱাহাটীৰ জিএনআৰচিত ভৰ্তি কৰোৱা হয়। কিন্তু হাস্পতালত জীৱন-মৃত্যুৰ সৈতে যুঁজি বুধবাৰে পুৱা প্ৰায় ৯ বজাত শেষ নিশ্বাস ত্যাগ কৰে কৃতী শিক্ষকগৰাকীয়ে।

ঘগ্ৰাপাৰৰ সমীপৰ পাটকাটা গাঁও নিৱাসী হেমন্ত বৈশ্যই ১৯৯০ চনত ঘগ্ৰাপাৰ ছোৱালী হাইস্কুলত যোগদান কৰি শিক্ষকতা জীৱনৰ পাতনি মেলিছিল। অপ্ৰদেশীকৰণ অৱস্থাত শিক্ষক হিচাপে কাম কৰাৰ পিছত ২০০৮ চনত ঘগ্ৰাপাৰ হাইস্কুলত যোগদান কৰিছিল তেওঁ।

কৃতী শিক্ষক হোৱাৰ উপৰিও নলবাৰী জিলা ছাত্ৰ সন্থা, বৰবৰী আঞ্চলিক ছাত্র সন্থা, ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিভিন্ন পদবীত থাকি সামাজিক কাম কাজত জড়িত হৈ আহিছিল হেমন্ত বৈশ্য। তদুপৰি পূব নলবাৰী আঞ্চলিক শংকৰ সংঘৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছিল বৈশ্যই।

অতি সহজ সৰল ব্যক্তি হিচাপে অঞ্চলটোৰ সকলোৰে প্ৰিয় শিক্ষকগৰাকীৰ মৃত্যুৰ খবৰে শোকৰ ছাঁ পেলাইছে তেওঁৰ জন্মগাঁওৰ লগতে সমগ্ৰ ঘগ্ৰাপাৰত। তেওঁৰ মৃতদেহ বাসগৃহলৈ অনাৰ পিছতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে তেওঁক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। তাৰ পিছতে সন্ধিয়া সহস্ৰাধিক লোকৰ উপস্থিত শেষ কৃত্য সম্পন্ন হয় শিক্ষক হেমন্ত বৈশ্যৰ।