শোকাৱহ! কলেজলৈ যােৱাৰ পথত বাছ দুৰ্ঘটনাত প্ৰাণ গ’ল অধ্যাপক অঞ্জনজ্যোতি বৰাৰ

শোকাৱহ! কলেজলৈ যােৱাৰ পথত বাছ দুৰ্ঘটনাত প্ৰাণ গ’ল অধ্যাপক অঞ্জনজ্যোতি বৰাৰ

December 7, 2022 Off By NEWS DESK

নিউজ ডেস্ক। কৰ্তব্যস্থলীলৈ যােৱাৰ পথত ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী যুৱ অধ্যাপকৰ।

কামৰূপ জিলাৰ বকাে থানাৰ এলেকাধীন বনগাঁৱৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে পুৱাই সংঘটিত হয় এই বাছ দুৰ্ঘটনা।

জানিব পৰা মতে, ‘আৰফান’ নামৰ গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী বাছখনত মিৰ্জাত উঠিছিল নগৰবেৰাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ বিজ্ঞান বিভাগৰ অধ্যাপক অঞ্জনজ্যােতি বৰা।

কিন্তু দুৰ্ভাগ্যজনক ভাৱে AS 01 IC 4046 নম্বৰৰ এই আল্ট্ৰা বাছখন বকাে থানাৰ অন্তৰ্গত বনগাঁৱৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দােকান আৰু বৈদ্যুতিক খুঁটাত খুন্দিয়াই দুৰ্ঘটনাত পতিত হয়।

এই দুৰ্ঘটনাত কৰুণ মৃত্যুক আঁকােৱালি হ’ অধ্যাপক অঞ্জনজ্যোতি বৰাই।

দুৰ্ঘটনাটােত আন কেবাজনাে যাত্ৰী আহত হয়।

যুৱ অধ্যাপকগৰাকীৰ এনে অকাল মৃত্যুত তেওঁ কৰ্মৰত মহাবিদ্যালয়খনত গভীৰ শােকৰ ছাঁ পেলাইছে।