সম্পূৰ্ণ ঘৰটােকে দাঙি লৈ গ’ল গাওঁবাসীয়ে! ছ’চিয়েল মিডিয়াত চৰ্চিত হ’ল উত্তৰ পূবৰ এখন অখ্যাত গাঁও
February 7, 2021নিউজ ডেস্ক। অসমীয়াত এষাৰ আপ্তবাক্য আছে- ৰাইজে নখ জােকাৰিলে নৈ বয়। এই বাক্যষাৰীকে যেন চৰিতাৰ্থ কৰি দেখুৱালে নাগালেণ্ডৰ এখন অখ্যাত গাঁৱৰ বাসিন্দাই।
দুৰ্গম পাহাৰীয়া অঞ্চলত বাস কৰা গাঁওবাসীয়ে একগােট হৈ এটা সম্পূৰ্ণ ঘৰ দাঙি লৈ গ’ল অন্য এক ঠাইলৈ। ঘৰ দাঙি নিয়া এই ভিডিঅ’টো সম্প্ৰতি ছ’চিয়েল মিডিয়াত হৈ পৰিছে ভাইৰেল।
আপুনি বিশ্বাস কৰিবলৈ হয়তো টান পাব। কোনো বৈদ্যুতিক তথা প্ৰযুক্তিগত যন্ত্ৰ নোহোৱাকৈ কেৱল কাঠ আৰু বাঁহৰ সহায়ত ঘৰটো দাঙি নিলে গাঁওবাসীয়ে।
Yet another video where the Nagas show us that Unity is strength!
— Sudha Ramen IFS
House shifting in progress at village in Nagalandpic.twitter.com/XUGhiEGNe7(@SudhaRamenIFS) February 5, 2021
এনে অপূৰ্ব একতাৰ পৰিচয় দিছে নাগালেণ্ডৰ লংগলেং জিলাৰ দুৰ্গম য়াচেম নামৰ গাঁওখনৰ বাসিন্দাসকলে।
ভাৰতীয় বন সেৱাৰ এজন বিষয়া সুধা ৰমেনে টুইটাৰত শ্বেয়াৰ কৰা এই ভিডিঅ’টো ঘণ্টাৰ ভিতৰত উপভোগ কৰিছে ৯০০০ দৰ্শকে। য’ত তেওঁ কেপচনত লিখিছে যে ‘একতাই শক্তি’।
নাগা হিলছ্ নামৰ টুইটাৰ একাউন্টত প্ৰথমে শ্বেয়াৰ কৰা হৈছে এই ভিডিঅ’টাে।
In unity is strength, and economy.
— Naga Hills (@Hillsnaga) February 4, 2021
Shifting a house to a new location at Yachem village in #Longleng district of #Nagaland.#Nagahills#northeast #IndiaTogether pic.twitter.com/5GSYFlj55p
ভিডিঅ’টোত দেখা অনুসৰি প্ৰায় এশজন স্থানীয় লোকে চাৰিটা দলত ভাগ হৈ ঘৰটোৰ চাৰিটা কোণত ধৰি পাহাৰীয়া পথটোত দাঙি লৈ যায় ঘৰটো। অৱশ্যে ঘৰটোৰ স্থানান্তৰ কৰাৰ কাৰণ জানিবলৈ পোৱা নাই।
উল্লেখ্য যে কিছুদিন আগত এখন ট্ৰাক টানি আনি একতাৰ বল যে শ্ৰেষ্ঠ, তাক পুনৰবাৰ প্ৰমাণ কৰিছিল নাগালেণ্ডৰ লোকে। পুনৰ এই ঘটনাইয়ো তাকেই যেন প্ৰতিপন্ন কৰিলে।
লগতে পঢ়কঃ