সুৰা সেৱন নকৰাকৈ মাতাল হৈ পৰে এগৰাকী মহিলা! কাৰণ জানি আপুনিও হ’ব আচৰিত

নিউজ ডেস্ক। এক আচৰিত ঘটনা। সুৰা সেৱন নকৰাকৈ কোনোবা মাতাল হ’ব পাৰে জানো? কিন্তু বিশেষ শাৰীৰিক প্ৰক্ৰিয়াৰ বাবে তেনেকৈয়ো কােনাে লােক হ’ব পাৰে মাতাল। যদিহে আপোনাৰ দেহত আপোনা-আপুনি সুৰা প্ৰস্তুত হোৱা ৰােগৰ লক্ষণে (Auto Brewery) দেখা দিয়ে, তেন্তে তেনে ই সম্ভৱপৰ!

এনে এক ৰোগৰ বাবেই শিৰোনাম দখল কৰিছে আমেৰিকাৰ এগৰাকী মহিলাই। যাৰ বাবে মহিলা গৰাকী সুৰাসক্ত হৈ পৰাৰ লগতে স্থায়ী যকৃত সংৰোপনৰ প্ৰয়োজন হৈ পৰিছে।

সাৰা লেফেব্ৰা (৩৮) নামৰ মহিলা গৰাকীয়ে সুৰা সেৱন নকৰে যদিও চিকিৎসকে তেওঁক সুৰা সেৱন নকৰিবলৈ বাৰম্বাৰ নিৰ্দেশ দিয়ে। চিকিৎসকে সুৰা সেৱনৰ পৰিমাণ জোখা যন্ত্ৰৰে জুখি চাওঁতে তেওঁৰ দেহত ছবাৰ অত্যধিক মাত্ৰাত সুৰা সেৱন কৰা প্ৰমাণ পায়। এই ৰোগটোৰ বাবে মহিলা গৰাকীৰ জীৱন বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।

এই ৰোগৰ বাবে পেটত জমা হোৱা সুৰাই শৰীৰত অত্যধিক পৰিমাণৰ ইথানল উৎপাদন কৰে। যিসমূহ তেজত চলাচল হৈ ব্যক্তিক সুৰাৰ ৰাগীয়ে মাতাল কৰি তোলে। লগে লগে এজন সুৰা সেৱনকাৰী ব্যক্তিৰ দৰে আচৰণ কৰিবলৈ লয় ৰোগীয়ে।

প্ৰথম অৱস্থাত মহিলা গৰাকীৰ কিয় এনে হৈছে ভাবি সকলো বিস্ময়াভিভূত হয়। কিন্তু চূড়ান্ত পৰ্যায়তহে প্ৰকৃত কাৰণ ধৰা পৰে। যেতিয়া অলপতে চিকিৎসকে ভালদৰে ইয়াৰ কাৰণ পৰীক্ষা-নিৰীক্ষা কৰে। আৰু ইয়াক শেষ কৰিবলৈ হ’লে যকৃত সংৰোপন কৰিব লাগিব বুলি জনায়। অৰ্থাৎ তেতিয়াহে ইয়াৰ চিকিৎসা শেষ হ’ব বুলি জনায়। অৱশ্যে বহুতো চিকিৎসকে মহিলা গৰাকীৰ দেহত এই ৰোগ হোৱা নাই বুলি ভাবে।

মহিলা গৰাকীয়ে কয় যে যদি নতুন ঔষধে কাম নকৰে, তেন্তে মই মৰি থাকিম।
দুখন চিকিৎসালয়ে মহিলা গৰাকীৰ যকৃত সংৰোপন তালিকাৰ পৰা নাম কৰ্তন কৰে আৰু সুৰা সেৱন নকৰিবলৈ নিৰ্দেশ দিয়ে। তথাপিও কিন্তু তেওঁৰ ৰক্ত সুৰাসাৰ (Blood Alcohol) ৰ পৰিমাণ সদায় অতি বেছি থাকে।

মহিলা গৰাকীৰ ২৩ বছৰ বয়সত বন্ধুৰ সৈতে এটা পাৰ্টী কৰি সুৰা সেৱন কৰি আহোঁতে তেঁওৰ অৱস্থা স্বাভাৱিক আছিল বুলি জনাইছিল বন্ধুৱে। কিন্তু সুৰাসক্ত মানুহে কৰা আচৰণ কৰে তাৰপিছতেই। অৰ্থাৎ কেইবাবাৰো পৰিবলৈ লয় তেওঁ। পৰৱৰ্তী সময়ত চিকিৎসকৰ ওচৰলৈ নিয়াৰ পিছতেই মধুমেহ ৰোগ জাতীয় চিকিৎসা কৰা হয়।

মহিলা গৰাকীৰ স্বামীয়ে এই অৱস্থা দেখি ভয় খায় আৰু এগৰাকী নাৰ্ছক পৰ্যবেক্ষণৰ বাবে জনায়। মহিলা গৰাকীৰ এই আচৰণৰ প্ৰকৃত উৎস চিকিৎসকে পৰৱৰ্তী সময়ত ধৰিব পাৰে। মহিলা গৰাকীৰ জণ্ডিছ থকাৰ লগতে যকৃত বেয়া হৈ যায়। কিন্তু দেহত সুৰাসাৰৰ পৰিমাণ অধিক থকাৰ বাবেই কৰিব নোৱাৰে যকৃত সংৰোপন।

সন্তানৰ বাবে অতিৰিক্ত এন্টি বায়’টিক সেৱন কৰিব লগীয়া হোৱাত মহিলা গৰাকীৰ এনে হোৱা বুলি উল্লেখ কৰে স্বামীয়ে।

লগতে পঢ়কঃ

শব্দ প্ৰদূষণ! আৰক্ষীয়ে ৰােলাৰ চলাই ধ্বংস কৰিলে বাইকৰ অৰ্ধ শতাধিক চাইলেঞ্চাৰ, ভিডিঅ’ ভাইৰেল

কৃতজ্ঞতা! ৪৯ টা অপৰাধজনিত ঘটনাৰ তদন্তত সহায় কৰা কুকুৰৰ মূৰ্তি স্থাপন আৰক্ষীৰ

মৰ্মান্তিক! মাত্ৰ দুমাহ পূৰ্বে যুগ্মজীৱন আৰম্ভ কৰা যুৱকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু

নিপুণ ‘ড্ৰামাৰ’ৰ ৰূপত ভাৰতীয় সেনাৰ এজন জোৱান! সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

Leave a Comment